কেবিনেট

দিলছাদ গাৰ্ডেনৰ পৰা গাজিয়াবাদৰ নতুন বাছ আস্থানলৈকে দিল্লী মেট্ৰ’ কৰিড’ৰৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 23 JAN 2019 3:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দিলছাদ গাৰ্ডেনৰ পৰা গাজিয়াবাদৰ নতুন বাছ আস্থানলৈকে দিল্লী মেট্ৰকৰিডৰৰ সম্প্ৰসাৰণত অনুমোদন জনোৱা হৈছে৷ সম্প্ৰসাৰিত এই পথৰ দৈৰ্ঘ্য .৪১ কিলোমিটাৰ৷ সম্প্ৰসাৰিত ৰে পথৰ মুঠ নিৰ্মাণ ব্যয় ,৭৮১.২১ কোটি টকাৰ ভিতৰত ৩২৪.৮৭ কোটি টকা কেন্দ্ৰৰ বিত্তীয় সাহায্যটো কেবিনেটে অনুমোদন জনায়৷

এই প্ৰকল্প ৰূপায়ণৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত অতিৰিক্ত ৰাজহুৱা পৰিবহণৰ আন্তঃগাঁথনিত অত্যাৱশ্যকীয় সা-সুবিধা লাভ কৰিব৷

ভাৰত চৰকাৰ আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল(ডিএনচিটিডি) বিশেষ উদ্দেশ্য গঠিত কোম্পানী(এছপিভি) দিল্লী মেট্ৰৰে নিগম লিমিটেডে(ডিএমআৰচি) এই প্ৰকল্প ৰূপায়ণ কৰিব৷

******

AKT/SH/DB


(रिलीज़ आईडी: 1561350) आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , Gujarati , Tamil , Kannada