প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকীত স্মাৰক মুদ্ৰা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 13 JAN 2019 12:36PM by PIB Guwahati

ৱাহে গুৰুজী কা খালসা..ৱাহে গুৰু জী কী ফতেহ!!

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা আপোনালোক সকলো মহানুভৱক মই স্বাগতম জনাইছোঁ৷ আপোনালোক সকলোকে, সমগ্ৰ দেশকে লোহৰীৰ লক্ষ লক্ষ অভিনন্দন৷ বিশেষকৈ আমাৰ দেশৰ অন্নদাতা বন্ধুসকলৰ বাবে শস্য চপোৱাৰ এই বতৰে যাতে অনন্ত সুখ লৈ আহক, তাৰেই মংগল কামনা কৰিছো৷

বন্ধুসকল, আজি গুৰু গোৱিন্দ সিং মহাৰাজৰ প্ৰকাশ পৰ্ব সমগ্ৰ দেশে উদযাপন কৰিছে৷ খালসা পথৰ সৃজনকৰ্তা, মানৱতাৰ পালনকৰ্তা, ভাৰতীয় মূল্যৰ বাবে সমৰ্পিত গুৰু গোৱিন্দ সিঙক মই শ্ৰদ্ধাৰে সেৱা জনাইছো৷ গুৰু গোৱিন্দ সিঙৰ প্ৰকাশোৎসৱ উপলক্ষে আপোনালোক বন্ধুসকলৰ সৈতে দেশ আৰু বিশ্বৰ শিখপন্থী তথা ভাৰতীয় সংস্কৃতিৰ বাবে সমৰ্পিত জনতাক মই অলেখ অভিনন্দন জনাইছো৷

বন্ধুসকল, যোৱা বছৰত আমি গুৰু গোৱিন্দ সিং মহাৰাজৰ ৩৫০তম জন্মজয়ন্তী পালন কৰিছিলো৷ শিখপন্থীৰ এই গুৰুত্বপূৰ্ণ অৱকাশক স্মৰণীয় কৰি তোলাৰ বাবে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা দেশবাসীলৈ উৎসৰ্গিত কৰাৰ মই সৌভাগ্য লাভ কৰিছো৷

অৱশ্যে গুৰু গোৱিন্দ সিংজীৰ মুদ্ৰা আমাৰ হৃদয়ত শ শ বছৰ ধৰি চলি আহিছে আৰু অনাগত শ শ বছৰলৈ এয়া চলি থাকিব৷ সেইবাবে যাৰ কৃতিত্ব এক মূল্যৰ ৰূপত আমাৰ জীৱনক চলমান কৰি ৰাখিছে, আমাক প্ৰেৰণা প্ৰদান কৰিছে, তাক স্মৰণীয় কৰি ৰখাৰ বাবে আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস৷ তেওঁৰ প্ৰতি আদৰ তথা শ্ৰদ্ধা ব্যক্ত কৰাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস আৰু সেইবাবে আমি সকলোৱে সন্তোষ অনুভূত কৰিছো৷

বন্ধুসকল, শ্ৰী গুৰু গোৱিন্দ সিঙৰ ব্যক্তিত্বত অনেক প্ৰতিভাৰ সংগম হৈছিল৷ তেওঁ গুৰুতো আছিলেই, লগতে শ্ৰেষ্ঠ ভক্তও আছিল৷

তেওঁ যিমান কুশলী যোদ্ধা আছিল সিমানেই কুশলী কবি আৰু সাহিত্যিকো আছিল৷ অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে তেওঁ যিমান আগ্ৰহী আছিল সিমানেই শান্তি স্থাপনৰ বাবেও আগ্ৰহী আছিল৷

মানৱতাৰ ৰক্ষাৰ বাবে, ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবে, ধৰ্মৰ ৰক্ষাৰ বাবে তেওঁৰ সৰ্বোচ্চ বলিদানৰ বিষয়ে দেশ আৰু বিশ্ব ইতিমধ্যেই পৰিচিত৷

ইন পুত্ৰন কে কাৰণ, ৱাৰ দিয়ে সুত চাৰ৷

চাৰ মুয়ে তো ক্যা হুৱা, জীৱিত কই হাজাৰ৷৷

হাজাৰ সন্তানৰ ৰক্ষাৰ বাবে নিজৰ সন্তানক, নিজৰ বংশক যিয়ে বলিদান দিছিল, ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবে, ধৰ্মৰ ৰক্ষাৰ বাবে ত্যাগ আৰু বলিদানৰ ইয়াতকৈ উৎকৃষ্ট উদাহৰণ আৰু কি হব পাৰে৷

বন্ধুসকল, বীৰত্বৰ সৈতে তেওঁৰ যি ধীৰতা আছিল, ধৈৰ্য আছিল সেয়া আছিল অনুপম৷ তেওঁ সংঘৰ্ষ কৰিছিল কিন্তু ত্যাগৰ অভুতপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল৷ তেওঁৰ সমাজৰ বেয়া শক্তিৰ বিৰুদ্ধে যুঁজিছিল৷ উচ্চ-নীচ, জাতিভেদৰ বিৰুদ্ধে গুৰু গোৱিন্দ সিংজীয়ে সংঘৰ্ষত লিপ্ত হৈছিল৷ এই সকলো মুল্যবোধেই হল নতুন ভাৰতৰ নিৰ্মাণৰ মূলভেঁটি৷

বন্ধুসকল, গুৰু চাহেবে জ্ঞানক গুৰুত্ব প্ৰদান কৰি গুৰু গ্ৰন্থ চাহিবৰ প্ৰতিটো শব্দক জীৱনৰ মন্ত্ৰ হিচাপে স্বীকাৰ কৰিছিল৷ তেওঁ কৈছিল যে এতিয়া গুৰু গ্ৰন্থ চাহিবেই হল তেওঁৰ প্ৰতিটো শব্দ, ইয়াৰে প্ৰতিটো পৃষ্ঠাই ভৱিষ্যতৰ যুগক প্ৰেৰণা প্ৰদান কৰিব৷ আগলৈ যেতিয়া পঞ্চ প্যাৰে আৰু খালসা পন্থৰ সূচনা হ, তাতো সমগ্ৰ ভাৰতক একত্ৰিত কৰাৰ প্ৰয়াস কৰা হল৷

লসা পন্থৰ বিকাশ গুৰু চাহেবৰ দীৰ্ঘসময়ৰ গহীন চিন্তন-মনন আৰু অধ্যয়নৰ পৰিণাম আছিল৷ তেওঁৰ বেদ, পুৰাণ তথা অন্য প্ৰাচীন গ্ৰন্থসমূহৰ জ্ঞান আছিল৷ গুৰু চাহেবে গুৰু নানকৰ পৰা আৰম্ভ কৰি গুৰু টেগ বাহাদুৰ পৰ্যন্ত শিখপন্থীৰ পৰম্পৰা, মোগল শাসনৰ সময়চোৱাত শিখপন্থীৰ সৈতে জড়িত ঘটনাসমূহৰ ব্যাপক জ্ঞান আছিল৷ দেশ-সমাজত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত তেওঁ নিজৰ মতামত প্ৰকাশ কৰিছিল৷

বন্ধুসকল, আপোনালোকৰ অনেকে হয়তো শ্ৰী দশমগ্ৰন্থ চাহেবঅধ্যয়ন কৰিছে৷ ভাষা আৰু সাহিত্যৰ ওপৰত তেওঁৰ যি দখল আছিল সেয়া আছিল অতুলনীয়৷ জীৱনৰ প্ৰতিটো ৰসৰ ব্যাখ্যা এনেদৰে কৰা হৈছে যি সাধাৰণতম ব্যক্তিৰো হৃদয় স্পৰ্শ কৰি যায়৷ অলংকাৰেই হওক, পদশৈলীয়েই হওক, চন্দই হওক, প্ৰবাহেই হওক, সকলোৱে মন্ত্ৰমুগ্ধ কৰে৷ ভাৰতীয় ভাষাসমূহক লৈ তেওঁৰ জ্ঞান আৰু মোহ অতুলনীয় আছিল৷

বন্ধুসকল, গুৰু গোৱিন্দ সিংজীৰ কাব্য ভাৰতীয় সংস্কৃতি, আমাৰ জীৱন-দৰ্শনৰ সৰল অভিব্যক্তিস্বৰূপ৷ যিদৰে তেওঁৰ ব্যক্তিত্ব বহুমুখী আছিল তেনেদৰেই তেওঁ কাব্যও অনেক আৰু বিবিধ বিষয়ৰ দ্বাৰা সমাহিত আছিল৷ বহু সাহিত্যিকে তেওঁৰ সাহিত্যকাৰ্যৰ পৰা প্ৰেৰণা লাভ কৰে৷

বন্ধুসকল, যিকোনো দেশৰ সংস্কৃতিয়ে সেই দেশৰ মহিমাক উজ্বল কৰে, সুৱগা চৰায়৷ সেয়ে সংস্কৃতিক সমৃদ্ধ কৰা আৰু তাৰ প্ৰচাৰ-প্ৰসাৰ কৰা সদায়েই বিশ্বৰ শক্তিশালী সভ্যতাসমূহৰ প্ৰাথমিক কাৰ্য হয়৷ এই প্ৰচেষ্টা বিগত চাৰে চাৰি বছৰ ধৰি আমাৰ চৰকাৰে কৰি আছে৷

ভাৰতৰ ওচৰত যি সাংস্কৃতিক জ্ঞানৰ ঐতিহ্য আছে সেয়া বিশ্বৰ প্ৰতিটো কোণত প্ৰচাৰ কৰাৰ ব্যাপক প্ৰয়াস কৰা হৈছে৷ যোগৰ পৰা আৰম্ভ কৰি আয়ুৰ্বেদলৈ আমাৰ প্ৰতিষ্ঠাক পুনঃস্থাপিত কৰাত দেশ সফল হৈছে৷ এই কাম নিৰন্তৰভাৱে হবলৈ ধৰিছে৷

বন্ধুসকল, বিশ্বজনীন আৰোগ্য, সমৃদ্ধি আৰু শান্তিক লৈ আমাৰ ঋষি, মুনি আৰু গুৰুসকলে যি বাৰ্তা প্ৰদান কৰিছিল তাৰ দ্বাৰা বিশ্বই যাতে লাভান্বিত হয়, সেয়া প্ৰয়াস কৰা হৈছে৷ গুৰু গোৱিন্দ সিংজীৰ ৩৫০তম প্ৰকাশ পৰ্ব আমি পালন কৰাৰ লগতে গুৰু নানক দেৱৰো ৫৫০তম জন্মজয়ন্তী সমাৰোহৰো প্ৰস্তুতি চলিব ধৰিছে৷ এয়া আমাৰ চৰকাৰৰ সৌভাগ্য যে এই পবিত্ৰ উৎসৱসমূহৰ সৈতে জড়িত হোৱাৰ অৱকাশ আমি লাভ কৰিছো৷

চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই প্ৰকাশোৎসৱ দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পালন কৰা হ, সমগ্ৰ বিশ্বতে আমাৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়তো এই সমাৰোহৰ আয়োজন কৰা হব৷

কেৱল এয়াই নহয়, আপোনালোকে এয়াও ভালদৰে জানে এতিয়া কেন্দ্ৰ চৰকাৰৰ অৰ্থক আৰু অভুতপূৰ্ব প্ৰয়াসৰ ফলত  কৰতাৰপুৰ কৰিডৰৰ নিৰ্মাণ হবলৈ ধৰিছে৷ এতিয়া গুৰু নানকে প্ৰচাৰ কৰা পথত চলা প্ৰতিজন ভাৰতীয়ই, প্ৰতিজন শিখে দূৰবীণৰ পৰিৱৰ্তে নিজৰ চকুৰে দৰ্শন কৰিব পাৰিব আৰু ভিজা নোহোৱাকৈ গুৰুদ্বাৰা দৰবাৰ সাহিবৰ দৰ্শন কৰিব পাৰিব৷

১৯৪৭ চনত যি ভুল কৰা হৈছিল এয়া তাৰেই প্ৰায়শ্চিত্ত৷ আমাৰ গুৰুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্থল কেৱল কিছু কিলোমিটাৰৰ দূৰত্বত আছিল কিন্তু সেয়াও নিজৰ সৈতে ৰাখিব পৰা নগল৷ এই কৰিডৰক দ্বাৰা সেই লোকচান হ্ৰাস কৰাৰ এক প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল, গুৰু গোৱিন্দ সিংজীয়ে হওক অথবা গুৰু নানক দেৱজী, আমাৰ প্ৰতিজন গুৰুৱে ন্যায়ৰ সৈতে অংশীদাৰ হোৱাৰ ডাঙৰ শিকনি প্ৰদান কৰিছে৷ তেওঁলোকৰ পথত অগ্ৰসৰ হৈ আজি কেন্দ্ৰ চৰকাৰে ১৯৮৪ চনত আৰম্ভ হোৱা প্ৰতিটো অন্যায়ক ন্যায় প্ৰদান কৰাৰ প্ৰয়াসত লিপ্ত হৈছে৷ দশকজুৰি মাতৃ, ভগ্নী, পুত্ৰ-কন্যাসকলে যিমান চকুপানী টুকিলে সেয়া মোচাৰ কাম, তেওঁলোকক ন্যায় প্ৰদান কৰাৰ কাম এতিয়া আইনে কৰিব৷

বন্ধুসকল, আজিৰ এই পবিত্ৰ দিনটোত গুৰু গোৱিন্দ সিং মহাৰাজে দেখুৱাই যোৱা ১১ সূত্ৰীয় পথত আগবঢ়াৰ বাবে পুনৰ সংকল্প লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ আজি যেতিয়া ভাৰত সশক্ত ৰাষ্ট্ৰৰ ৰূপত স্থাপিত হোৱাৰ পথত অগ্ৰসৰ হৈছে সেইসময়তে ভাৰতৰ ভাৱনাক আৰু অধিক শক্তিশালী কৰাৰ আৱশ্যকতা আহি পৰিছে৷

মোৰ বিশ্বাস যে আমি সকলোৱে গুৰুজীয়ে প্ৰচাৰ কৰা পথত আগবাঢ়ি নিজৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিম৷

পুনৰ বাৰ আপোনালোক সকলোকে প্ৰকাশ পৰ্বৰ অভিনন্দন৷ আপোনালোকৰ বাবে নতুন বৰ্ষই যাতে অলেখ সুখ কঢ়িয়াই আনে, এই কামনাৰ সৈতে-

জো বোলে, সো নিহাল!...সত্ শ্ৰী অকাল!

***

AKT/VJ/Tara/MS/MANN



(Release ID: 1559957) Visitor Counter : 69


Read this release in: English , Marathi , Gujarati