প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মালয়ছিয়া সংসদৰ সদস্য ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

Posted On: 10 JAN 2019 1:03PM by PIB Guwahati

মালয়ছিয়া সংসদৰ সদস্য তথা মালয়ছিয়াৰ পাৰ্টি কেডিলান ৰাকয়ট দলৰ নেতা ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001BAJM.jpg

মহম্মদ ইব্ৰাহিমক সংগদান কৰে মালয়ছিয়ান সংসদৰ দুজন সদস্য মাননীয় কেশৱন সুব্ৰমণিয়ম আৰু মাননীয় সান্থাৰা কুমাৰ ৰামানাইডুয়ে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত ইব্ৰাহিমক শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত পিকেপি দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত শুভেচ্ছা প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে ২০১৮ বৰ্ষত মেমাহত মালয়ছিয়াত হোৱা শেহতীয়া সন্মিলনখনৰ কথা সোঁৱৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে মালয়ছিয়াৰ প্ৰধানমন্ত্ৰী এইচ.. টুন ডঃ মাহাথিৰ মহম্মদলৈও শুভেচ্ছা প্ৰদান কৰে৷

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক, আঞ্চলিক আৰু পৰস্পৰৰ আগ্ৰহৰ বিশ্বজনীন বিষয় সন্দৰ্ভত আলোচনা কৰে৷ 

***

AKT/AK/MANN



(Release ID: 1559759) Visitor Counter : 80