প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ প্ৰধানমন্ত্ৰীৰ আগ্ৰা ভ্ৰমণ আৰু ২,৯৮০ কোটি টকাৰ বিভিন্ন প্ৰকল্প মুকলিৰ ঘোষণা উন্নত আৰু নিশ্চিত পানী যোগানৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গংগাজল প্ৰকল্প আগ্ৰাৰ জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 JAN 2019 6:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থা ৯ জানুৱাৰী ২০১৯ তাৰিখে উত্তৰ প্ৰদেশৰ আগ্ৰা ভ্ৰমণ কৰিব৷ তাত তেওঁ গংগাজল প্ৰকল্প আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷ তাৰোপৰি তেওঁ আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ, এছ এন চিকিত্সা মহাবিদ্যালয়ৰ উন্নীতকৰণ ইত্যাদিৰ আধাৰশিলাও স্থাপন কৰিব৷

গংগাজল কাৰ্যসূচীত ২৮৮০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ই আগ্ৰাত উন্নত আৰু নিশ্চিত পানী যোগানৰ সুবিধা প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা চহৰবাসীৰ লগতে পৰ্যটকসমূহো উপকৃত হব৷ এছ এন চিকিত্সা মহাবিদ্যালয়ৰ উন্নীতৰণত ২০০ কোটি টকা ধাৰ্য কৰা হৈছে যত মহিলাৰ বাবে ১০০খন প্ৰসূতি বিচনাৰ সুবিধা থাকিব৷ ইয়াৰ দ্বাৰা সমাজৰ দুৰ্বল অংশৰ স্বাস্থ্য আৰু প্ৰসূতিজনিত সেৱা নিশ্চিত হব৷ আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ প্ৰকল্পত ২৮৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইয়াৰ দ্বাৰা আগ্ৰা এক আধুনিক চহৰলৈ পৰ্যবসিত হোৱাৰ লগতে পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব৷

প্ৰধানমন্ত্ৰীয়ে আগ্ৰাৰ কোঠি মীনা বাজাৰত উপস্থিত জনতাক সম্বোধি ভাষণ প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰী এয়া চহৰখনলৈ দ্বিতীয় ভ্ৰমণ৷ ২০১৬ চনৰ ২০ নৱেম্বৰৰ পূৰ্বৰ ভ্ৰমণত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনি মুকলি কৰিছিল৷ এই আঁচনিৰ অধীনত উত্তৰ প্ৰদেশত ৯.২ লাখৰ লগতে চহৰখনত ৬৫ লাখ গৃহ নিৰ্মাণ কৰা হৈছে৷ তেওঁ অঞ্চলটোৰ বাবে ৰেল আন্তঃগাঁথনি আৰু সেৱাসমূহো মুকলি কৰিছিল৷

 

*****

AKT/VJ/SK/MANN



(Release ID: 1559757) Visitor Counter : 76