প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৪ জানুৱাৰীত মণিপুৰ আৰু অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে ইম্ফলত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 03 JAN 2019 6:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ৰ ৪ জানুৱাৰীত মণিপুৰ আৰু অসম ভ্ৰমণ কৰিব৷

মণিপুৰত তেওঁ কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব৷ মোৰেহত ইন্টিগ্ৰেটেড চেক প’ষ্ট(আইচিপি), ছাৱ’মবাঙত ড’লাইথাবি বাৰেজ প্ৰকল্প, এফচিআই খাদ্য ভাণ্ডাৰ, থাংগাল ছুৰাংগাণ্ডত ইকো ট্যুৰিজিম কমপ্লেক্স আদিকে ধৰি কেইবাটাও প্ৰকল্পৰ তেওঁ উদ্বোধন কৰিব৷.

তদুপৰি তেওঁ ৪০০ কেভি ডাবল চাৰ্কিট শিলচৰ-ইম্ফল লাইন মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ধনমঞ্জুৰি বিশ্ববিদ্যালয়ৰ আন্তঃগাথনি, ক্ৰীড়া সা-সুবিধাৰ দৰে আন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব৷ ইয়াৰ পাছতে তেওঁ ইম্ফলৰ পূব প্ৰান্তৰ জিলা হাপ্টা কাংজেইবাঙত জনসাধাৰণক সম্বোধন কৰিব৷

ইফালে, অসমৰ শিলচৰৰ ৰামনগৰত প্ৰধানমন্ত্ৰীয়ে এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব৷

*****

KSP/VJ/SK/MS



(Release ID: 1558553) Visitor Counter : 72