কেবিনেট
পাঞ্জাৱত ৰবি নদীৰ ওপৰত শ্বাহপুৰকান্দি বান্ধ (ৰাষ্ট্ৰীয় প্ৰকল্প) নিৰ্মাণত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
06 DEC 2018 9:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি পাঞ্জাৱৰ ৰবি নদীৰ ওপৰত শ্বাহপুৰকান্দি বান্ধ নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ ইয়াৰ বাবে ২০১৮-১৯ বৰ্ষৰ পৰা ২০২২-২৩ পৰ্যন্ত পাঁচ বছৰৰ বাবে ৪৮৫.৩৮ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য (জলসিঞ্চন অংশৰ বাবে)প্ৰদান কৰা হ’ব৷
এই প্ৰকল্পৰ ৰূপায়ণৰ দ্বাৰা ৰবি নদীৰ পানী হ্ৰাস কৰাত সহায়ক হ’ব যিহেতু বৰ্তমানে ইয়াৰ অধিকাংশ পানীয়েই মধুপুৰ হেডৱৰ্ক জুৰিৰে পাকিস্তানলৈ বৈ গৈ আছে৷
বিৱৰণঃ
- এই প্ৰকল্পৰ নিৰ্মাণ সমাপ্তিৰ দ্বাৰা পাঞ্জাৱৰ ৫,০০০ হেক্টৰ আৰু জম্মু আৰু কাশ্মীৰৰ ৩২,১৭৩ হেক্টৰ ভূমিৰ জলসিঞ্চন কাৰ্যকৰিতা সৃষ্টি হ’ব৷
- শ্বাহপুৰকান্দিৰ বান্ধ প্ৰকল্পৰ বাবে নাবাৰ্ডৰ জৰিয়তে বিদ্যমান পুঁজি আৱণ্টন ব্যৱস্থাৰ দ্বাৰা এলটিআইএফৰ অধীনত ৯৯ পিএমকেছৱাই-এআইবিপি প্ৰকল্পৰে পুঁজি আৱণ্টনৰ কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ’ব৷
- কেন্দ্ৰীয় জল আয়োগৰ প্ৰকল্পসমূহৰ বিদ্যমান নিৰীক্ষণ প্ৰণালীৰ বাবে পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ সদস্য, কেন্দ্ৰীয় জল আয়োগ আৰু মুখ্য অভিযন্তাসকলৰ মিলিত সমিতি এখন গঠন কৰা হ’ব৷
- এমঅ’ডব্লিউআৰ, জলসিঞ্চনৰ আৰডিএণ্ডজিআৰ, বান নিয়ন্ত্ৰণ আৰু বিভিন্ন উদ্দেশ্যভিত্তিক প্ৰকল্পৰ উপদেষ্টা সমিতিয়ে ৩১.১০.২০১৮ তাৰিখে অনুষ্ঠিত হোৱা ইয়াৰ ১৩৮তম সন্মিলনত ঘোষণা কৰা ২৭১৫.৭০ কোটি টকাৰ (ফেব্ৰুৱাৰী, ২০১৮ মূল্য পৰ্যায়) দ্বিতীয় সংশোধনী আনুমানিক ব্যয় স্বীকাৰ কৰিছে৷
- ৪৮৫.৩৮ কোটি টকাৰ কেন্দ্ৰীয় সাহায্যৰে পাঞ্জাৱ চৰকাৰে এই প্ৰকল্প ৰূপায়ণ কৰিব৷ এই প্ৰকল্প ২০২২ চনৰ জুন মাহত সম্পূৰ্ণ হৈ উঠিব৷
প্ৰভাৱঃ
- ৰবি নদীৰ অধিকাংশ পানীয়েই মধুপুৰ হেডৱৰ্ক জুৰিৰে পাকিস্তানলৈ বৈ যায় যাক পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰত ব্যৱহাৰ কৰিব পাৰি৷ এই প্ৰকল্পৰ ৰূপায়ণৰ দ্বাৰা পানীৰ অপব্যৱহাৰ ৰোধ কৰিব পৰা যাব৷
- এই প্ৰকল্পৰ নিৰ্মাণ সমাপ্তিৰ দ্বাৰা পাঞ্জাৱৰ ৫,০০০ হেক্টৰ আৰু জম্মু আৰু কাশ্মীৰৰ ৩২,১৭৩ হেক্টৰ ভূমিৰ জলসিঞ্চন কাৰ্যকৰিতা সৃষ্টি হ’ব৷
- তাৰোপৰি, এই প্ৰকল্পৰ দ্বাৰা পাঞ্জাৱৰ ১.১৮ লাখ হেক্টৰ ভূমিৰ বাবে ইউবিডিচি প্ৰণালীৰ জৰিয়তে মুকলি কৰা জলসিঞ্চন ব্যৱস্থাৰ ব্যৱস্থাপনা কৰিব পৰা হ’ব যাৰ দ্বাৰা এই অঞ্চলটো উপকৃত হ’ব৷ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত পাঞ্জাৱত ২০৬ মেগাৱাটৰ হাইড্ৰ’পাৱাৰ সৃষ্টি হ’ব৷
ব্যয়ঃ
শ্বাহপুৰকান্দি বান্ধ প্ৰকল্পৰ বাবে ১৯৭৩.৫৩ কোটি টকা ধাৰ্য কৰা হৈছে (জলসিঞ্চন অংশঃ ৫৬৪.৬৩ কোটি, শক্তি অংশঃ ১৪০৮.৯০ কোটি)৷ ইয়াৰে ভিতৰত ৪৮৫.৩৮ কোটি টকা কেন্দ্ৰীয় সাহায্য হিচাপে প্ৰদান কৰা হ’ব৷
হিতাধিকাৰীসকলঃ
পাঞ্জাৱৰ ৫০০০ হেক্টৰ আৰু জম্মু আৰু কাশ্মীৰৰ ৩২১৭২ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা হ’ব৷ এই প্ৰকল্পটোৰ দ্বাৰা অদক্ষ কৰ্মীৰ ৬.২ লাখ, অৰ্ধ-দক্ষ কৰ্মীৰ ৬.২ লাখ আৰু দক্ষ কৰ্মীৰ ১.৬৭ লাখ নিয়োজনৰ সৃষ্টি হ’ব৷
পৃষ্ঠভূমিঃ
সিন্ধু নদীৰ পানী ভাগ-বতৰাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬০ চনত সিন্ধু জল চুক্তি সম্পাদন কৰা হৈছিল৷ সেই চুক্তি অনুসৰি ভাৰতে পূৰ্বীয় নদী ৰবি, বীছ আৰু চটলুজৰ পানী ব্যৱহাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ পাইছিল৷ এই প্ৰকল্পৰ ৰূপায়ণৰ দ্বাৰা ৰবি নদীৰ পানী হ্ৰাস কৰাত সহায়ক হ’ব যিহেতু বৰ্তমানে ইয়াৰ অধিকাংশ পানীয়েই মধুপুৰ হেডৱৰ্ক জুৰিৰে পাকিস্তানলৈ বৈ গৈ আছে৷
১৯৭৯ চনত পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ মাজত এখন দ্বিপাক্ষিক চুক্তি সম্পন্ন হৈছিল৷ সেই চুক্তি অনুসৰি ৰঞ্জিৎ সাগৰ বান্ধ (থেইন বান্ধ) আৰু শ্বাহপুৰকান্দি বান্ধৰ নিৰ্মাণ পাঞ্জাৱ চৰকাৰে কৰাটো সিদ্ধান্ত লোৱা হৈছিল৷ ২০০০ চনত ৰঞ্জিৎ সাগৰ বান্ধৰ অনুমোদন প্ৰদান কৰা হৈছিল৷ শ্বাহপুৰকান্দি বান্ধ প্ৰকল্প ৰবি নদীৰ ওপৰত নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷
এই প্ৰকল্পটোৰ বাবে প্ৰাৰম্ভিক অৱস্থাত ২০০১ চনৰ নৱেম্বৰ মাহত পৰিকল্পনা আয়োগে অনুমোদন প্ৰদান কৰিছিল আৰু ইয়াৰ জলসিঞ্চন অংশৰ পুঁজি আৱণ্টনৰ বাবে এই মন্ত্ৰালয়ৰ এচ্চিলাৰেটেড ইৰিগেচন বেনিফিটছ আঁচনি (এআইবিপি)ৰ আওতালৈ অনা হৈছিল৷
শ্বাহপুৰকান্দি বান্ধ ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে ২২৮৫.৮১ কোটি টকাৰ সংশোধনী ব্যয়ৰ বাবে এমঅ’ডব্লিউআৰ, আৰডিএণ্ডজিআৰৰ উপদেষ্টা সমিতিয়ে অনুমোদন প্ৰদান কৰিছিল৷ ২০০৯-১০ৰ পৰা ২০১০-১১ চনলৈ ২৬.০৪ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য মুকলি কৰা হৈছিল৷ কিন্তু পাঞ্জাৱ চৰকাৰৰ জলসিঞ্চন অংশটোৰ বাবে পুঁজিৰ অভাৱ হোৱাত তথা জম্মু আৰু কাশ্মীৰৰ সৈতে আন্তঃৰাজ্যিক সমস্যাৰ সৃষ্টি হোৱাত এই কাম অসম্পূৰ্ণ হৈ ৰয়৷
ভাৰত চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সন্মিলন দ্বিপাক্ষিক পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল৷ শেষত, ৮ ছেপ্টেম্বৰ ২০১৮ তাৰিখে নতুন দিল্লীত এমঅ’ডব্লিউআৰ, আৰডিএণ্ডজিআৰৰ তত্বাৱধানত পাঞ্জাৱ তথা জম্মু আৰু কাশ্মীৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়৷
****
AKT/SH/MANN
(रिलीज़ आईडी: 1555324)
आगंतुक पटल : 106