প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনন্থ কুমাৰৰ দেহপ্ৰয়াণত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 12 NOV 2018 9:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনন্থ কুমাৰৰ দেহপ্ৰয়াণত শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মোৰ সহযোগী তথা বন্ধু শ্ৰী অনন্থ কুমাৰৰ মৃত্যুত মই অত্যন্ত ব্যথিত হৈছো৷ তেওঁ এজন মহান নেতা আছিল যিয়ে যুৱ অৱস্থাতেই ৰাইজৰ সেৱাৰ প্ৰতি আকৃষ্ট হৈছিল আৰু অতি নিষ্ঠাৰে সমাজৰ সেৱাত নামি পৰিছিল৷ তেওঁৰ মহান কৰ্মসমূহৰ বাবে সদায়েই তেওঁক স্মৰণ কৰা হব৷

মই তেওঁৰ সহধৰ্মিনী ডঃ তেজস্বিনী মহোদয়াৰ সৈতে কথা পাতিছো আৰু মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁৰ পৰিয়াল, বন্ধু, সমৰ্থকৰ সৈতে দুখৰ এই মুহূৰ্তত মই সমভাগী হৈছো৷ ঔম শান্তি!’’

 

***

AKT/AP/MANN



(Release ID: 1552686) Visitor Counter : 71