প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথম বিশ্বযুদ্ধৰ ভাৰতীয় সৈনিকসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

Posted On: 11 NOV 2018 9:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

‘‘আজি আমি বিভীষিকাময় প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিৰ শতবাৰ্ষিকী পালন কৰিছোঁ৷ আমি বিশ্বশান্তি আৰু ঐক্যতা তথা ভ্ৰাতৃত্ববোধ স্থাপনৰ দিশত অগ্ৰসৰ হৈছো যাতে যুদ্ধৰ ফলত হোৱা প্ৰাণহানি তথা ক্ষতিৰ সন্মুখীন হবলগীয়া নহয়৷

প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা আমাৰ সাহসী ভাৰতীয় সৈন্যক দেশে স্মৰণ কৰিছে৷ এই যুদ্ধত ভাৰতে প্ৰত্যক্ষভাৱে জড়িত নাথাকিলেও আমাৰ সৈন্যসকলে বিশ্বৰ হকে, শান্তিৰ হকে যুঁজ দিছিল৷

মই ফ্ৰান্সৰ নিউভ-চেপেল মেমৰিয়েল আৰু ইজৰাইলৰ হাইফা মেমৰিয়েলত অৱস্থিত প্ৰথম বিশ্বযুদ্ধত ভাৰতৰ সংবদ্ধ ভূমিকাক সন্মান জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ৷ যেতিয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু ভাৰতলৈ আহিছিল তেতিয়া আমি তিন-মূৰ্তি হাইফা চকত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছিলোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

 

***

AKT/AP/MANN



(Release ID: 1552422) Visitor Counter : 66