কেবিনেট

কেন্দ্ৰীয় কেবিনেটে শ্ৰম আৰু নিয়োজনৰ ক্ষেত্ৰত প্ৰশিক্ষণ আৰু শিক্ষা অব্যাহত ৰখাৰ বাবে ভাৰত আৰু ইটালীৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে

Posted On: 08 NOV 2018 8:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে শ্ৰম তথা নিয়োজনৰ ক্ষেত্ৰত প্ৰশিক্ষণ আৰু শিক্ষাৰ বাবে ভাৰত আৰু ইটালীৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ স্থাপনত অনুমোদন প্ৰদান কৰিছে৷

লাভঃ

এই বুজাবুজিৰ চুক্তিপত্ৰ নিম্নোল্লিখিত মাধ্যমৰ জৰিয়তে কাৰ্য ক্ষেত্ৰত উৎকৃষ্ট কাৰ্যক অগ্ৰগতি প্ৰদান কৰাৰ বাবে প্ৰশিক্ষণ আৰু শৈক্ষিক গতিবিধিৰ প্ৰসাৰণত সহায় প্ৰদান কৰিবঃ

  • প্ৰশিক্ষণ, কাৰ্য-পদ্ধতি আৰু প্ৰযুক্তিসমূহৰ বিষয়ত সংযুক্ত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা;
  • বিভিন্ন সামাজিক অংশীদাৰীত্বৰ বাবে নতুন প্ৰশিক্ষণ মডিউল বিকশিত কৰা;
  • শ্ৰম নিয়োজনৰ ক্ষেত্ৰৰ বিভিন্ন বিষয়ত বিশেষ ৰূপত প্ৰস্তুত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা;
  • প্ৰশিক্ষণ কাৰ্য-পদ্ধতিৰ মূল্যাংকন কৰা;
  • বিশেষ ৰূপত শ্ৰম প্ৰশাসনৰ সন্দৰ্ভত, প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে ভাল কাৰ্যপ্ৰণালীসমূহৰ আদান-প্ৰদান কৰা, প্ৰশিক্ষণ মডিউলৰ যোগান আৰু সুবিধাত পৰস্পৰে পৰস্পৰৰ সহায় কৰা তথা অধ্যয়ন ভ্ৰমণৰ আয়োজন কৰা; আৰু
  • জ্ঞান আৰু তথ্যৰ সহযোগিতাৰ বাবে প্ৰশিক্ষকৰ আদান-প্ৰদান কৰা৷

মুখ্য প্ৰভাৱঃ

এই বুজাবুজিৰ চুক্তিপত্ৰৰ মুখ্য প্ৰভাৱ কাৰ্যক্ষেত্ৰত পৰিৱৰ্তনৰ দ্বাৰা উৎপন্ন হোৱা প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাত দুয়োটা সংস্থাৰ প্ৰযুক্তিগত ক্ষমতাৰ উন্নয়ন কৰিব লাগিব৷ ই আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীক বিকশিত তথা আয়োজিত কৰাৰ প্ৰযুক্তিগত ক্ষমতা আৰু ভি ভি গিৰি ৰাষ্ট্ৰীয় শ্ৰম সংস্থা (ভিভিজিএনএলআই), নয়ডাৰ এছিয়া-প্ৰশান্ত ক্ষেত্ৰত এক শীৰ্ষ প্ৰশিক্ষণ সংস্থাৰ ৰূপত ক্ৰমিক বিকাশক অগ্ৰগতি প্ৰদান কৰিব৷ এই বুজাবুজিৰ চুক্তিপত্ৰই সমস্ত এছিয়া প্ৰশান্ত ক্ষেত্ৰৰ পৰা সামাজিক অংশীদাৰীত্বক ব্যাপক ক্ষেত্ৰত নিজৰ প্ৰভাৱ বিস্তাৰিত কৰিব৷

পৃষ্ঠভূমিঃ

. ভি ভি গিৰি ৰাষ্ট্ৰীয় শ্ৰম সংস্থা (ভিভিজিএনএলআই) নয়ডা, কেন্দ্ৰীয় শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনৰ এক স্বায়ত্ব সংস্থা৷ এই সংস্থাই আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ (আইটিচি-আইএলঅ’), টুৰিণে ২০১২ চনত বুজাবুজিৰ চুক্তিপত্ৰত হস্তাক্ষৰ কৰিছিল৷ ই জ্ঞান আৰু অভিজ্ঞতাৰ পৰস্পৰৰ সহযোগিতাৰ সৈতে বিভিন্ন গতিবিধিত সহায় প্ৰদান কৰিছিল৷ বুজাবুজি চুক্তিপত্ৰৰ উদ্দেশ্য ব্যৱসায়িক সহযোগিতা অব্যাহত ৰখাৰ বাবে সংস্থাসমূহৰ মাজৰ সহযোগিতাক আনুষ্ঠানিক ৰূপ প্ৰদান কৰে৷

. আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠন (আইএলঅ’)ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ (আইটিচি)ৰ স্থাপনা ১৯৬৪ চনত টুৰিণত হৈছিল৷ তেতিয়াৰে পৰা ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰমৰ বিভিন্ন পদক্ষেপৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দুৰ ৰূপত কাৰ্য কৰি আহিছে৷ আইটিচি নিয়োজন, শ্ৰম, মানৱ সংসাধন বিকাশ আৰু সামৰ্থ নিৰ্মাণৰ বিষয়ত আন্তঃৰাষ্ট্ৰীয় বিশে,জ্ঞতাৰ ব্যাপক ভাণ্ডাৰ আছে৷ আইটিচিৰ এক মুখ্য উদ্দেশ্য হল ই শ্ৰম আৰু নিয়োজনৰ ক্ষেত্ৰত প্ৰশিক্ষণ গতিবিধিসমূহত নিয়োজিত মুখ্য সংস্থাসমূহৰ সৈতে সহযোগিতা বিকশিত কৰে৷ 

 

 

*****

AKT/NW/SH/MANN



(Release ID: 1552415) Visitor Counter : 73