প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কোৰিয়া গণতন্ত্ৰৰ ফাৰ্ষ্ট লেডীক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

Posted On: 05 NOV 2018 5:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়া গণতন্ত্ৰৰ ফাৰ্ষ্ট লেডী কিম জং-ছুকক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণক্ৰমে ফাৰ্ষ্ট লেডীগৰাকী ভাৰতলৈ আহিছে৷ তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যিক চৰকাৰে অনুষ্ঠিত কৰা দীপোৎসৱ আৰু ৬ নৱেম্বৰ ২০১৮ তাৰিখে অযোধ্যাত ৰাণী সুৰিৰত্ন (হিউ ৱাং-অক)ৰ নতুন স্মাৰকৰ ভূমি পূজন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব৷ অযোধ্যা আৰু কোৰিয়াৰ এক ঐতিহাসিক সম্বন্ধ আছে৷ অযোধ্যাৰ ৰাজকুমাৰী সুৰিৰত্নই ৪৮ চিইত কোৰিয়া ভ্ৰমণ কৰিছিল আৰু কোৰিয়াৰ ৰজা ছুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷

আজিৰ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী আৰু ফাৰ্ষ্ট লেডী কিমে ভাৰত আৰু কোৰিয়াৰ সভ্যতা তথা আত্মিক সম্বন্ধৰ কথা আলোচনা কৰে আৰু এয়া দুয়োখন দেশৰ জনসাধাৰণৰ মাজত প্ৰচলন কৰা সন্দৰ্ভত মত বিনিময় কৰে৷

ফাৰ্ষ্ট লেডী কিমে প্ৰধানমন্ত্ৰীয়ে ছিউল শান্তি পুৰষ্কাৰ লাভ কৰাত অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মান সম্পূৰ্ণৰূপে ভাৰতীয় জনসাধাৰণৰ৷

প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ জুলাই মাহত কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জায়ে কৰা সফল ভ্ৰমণৰ কথা সোৱঁৰণ কৰে৷ ইয়াৰ জৰিয়তে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত বিশেষ কূটনৈতিক সম্বন্ধ স্থাপন হৈছিল৷

***

AKT/SH/BM/MANN



(Release ID: 1552076) Visitor Counter : 154