প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব ষ্টেচু অৱ ইউনিটী

Posted On: 30 OCT 2018 5:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত গুজৰাটৰ কেৱাড়িয়াত বিশ্বৰ উচ্চতম প্ৰতিমূৰ্তি উন্মোচন কৰিব৷

গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাড়িয়াত স্থাপিত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ প্ৰতিমূৰ্তিটো তেওঁৰ জন্ম জয়ন্তী উপলক্ষে দেশবাসীলৈ উৎসৰ্গা কৰা হ’ব৷

উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৰু আন গণ্য-মান্য ব্যক্তিসকলে ভূমি আৰু নৰ্মদাৰ পানী এটি কলহত ভৰাই ‘ষ্টেচু অৱ ইউনিটী’ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত জনসাধাৰণক সম্বোধনো কৰিব৷

ইয়াৰ পাছতে তেওঁ ৱাল অৱ ইউনিটীত উপস্থিত হ’ব আৰু ইয়াৰ শুভাৰম্ভ কৰিব৷ ষ্টেচু অৱ ইউনিটীৰ চৰণত প্ৰধানমন্ত্ৰীয়ে এক বিশেষ প্ৰাৰ্থনাত অংশ ল’ব৷ লগতে তেওঁ সংগ্ৰহালয়, প্ৰদৰ্শনী  আৰু দৰ্শকৰ গেলাৰী পৰিদৰ্শন কৰিব৷ ১৫৩ মিটাৰ উচ্চতাৰ এই গেলাৰীত একেসময়তে ২০০ দৰ্শক একগোট হ’ব পাৰিব৷ ইয়াৰ পৰা পৰ্যটকে চৰ্দাৰ সৰোৱৰ বান্ধ, ইয়াৰ জলাশয়ৰ লগতে ছাটপুৰা আৰু ভিন্ধিয়া পৰ্বতৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব৷

***

AKT/SH/SK/MS



(Release ID: 1551664) Visitor Counter : 92