কেবিনেট

পৰিবহণ শিক্ষাত সহযোগিতা বিকাশৰ বাবে ভাৰত আৰু ৰাছিয়ান সংঘৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত আৰু ৰে’ল খণ্ডত প্ৰযুক্তিগত সহযোগিতাৰ ক্ষেত্ৰত ভাৰত তথা সংযুক্ত ষ্ট’ক কোম্পানী ‘ৰাছিয়ান ৰে’লৱে’ৰ মাজৰ বুজাপুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 01 NOV 2018 11:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ৰাছিয়াৰ সৈতে ৫ অক্টোবৰ ২০১৮ তাৰিখে হস্তাক্ষৰ কৰা বুজাবুজিৰ চুক্তিপত্ৰ তথা আন এক সহযোগিতাৰ চুক্তিপত্ৰৰ বিষয়ে অৱগত কৰা হয়৷

. পৰিবহণ শিক্ষাত সহযোগিতা বিকাশৰ বাবে ৰাছিয়ান সংঘৰ পৰিবহণ মন্ত্ৰালয়ৰ সৈতে বুজাবুজিৰ চুক্তি৷

. ৰেল খণ্ডত প্ৰযুক্তিগত সহযোগিতাৰ বাবে সংযুক্ত ষ্টক কোম্পানী ৰাছিয়ান ৰেলৱে (আৰজেডডি)ৰ সৈতে বুজাবুজিৰ চুক্তি৷

এমঅইউ/এমঅচিয়ে ভাৰতীয় ৰেলক ৰেলৱে ক্ষেত্ৰত নবীনতম বিকাশ আৰু জ্ঞানৰ সহযোগিতা বিনিময়ৰ মঞ্চ প্ৰদান কৰে৷ এমঅইউ/এমঅচিয়ে বিশেষ প্ৰযুক্তিগত ক্ষেত্ৰত লক্ষ্য নিৰ্ধাৰণ কৰা প্ৰযুক্তিগত বিশেষজ্ঞ, প্ৰতিবেদন তথা প্ৰযুক্তিগত দস্তাবেজ, প্ৰশিক্ষণ আৰু ছেমিনাৰ/কৰ্মশালাৰ আদান-প্ৰদান কৰাত তথা জ্ঞান বিনিময় কৰাত সহায় কৰে৷

এমঅইউত পৰিবহণ শিক্ষাৰ বিকাশৰ বাবে প্ৰাথমিক ক্ষেত্ৰসমূহৰ সহযোগিতাৰ ব্যৱস্থা আছে৷ বুজাবুজিৰ চুক্তিৰ দ্বাৰা ব্যৱসায়-আৰ্থিক, বৈজ্ঞানিক-প্ৰযুক্তিগত তথা সাংস্কৃতিক সহযোগিতাৰ ওপৰত আন্তঃচৰকাৰী ৰাছিয়ান-ভাৰতীয় আয়োগৰ পৰিকাঠামোত প্ৰণয়নসহিতে বিশেষ প্ৰস্তাৱসমূহৰ প্ৰস্তুতিত সহায় লাভ হব৷

এমঅচিয়ে নিম্নোল্লিখিত ক্ষেত্ৰত প্ৰযুক্তিগত দিশত সহায় প্ৰদান কৰিব৷

) যাত্ৰীবাহী গাড়ীৰ গতি প্ৰতি ঘণ্টাত ২০০ কিলোমিটাৰ (ছেমি হাইস্পীড)কৈ বৃদ্ধি কৰাৰ বাবে নাগপুৰ-ছেকেন্দ্ৰাবাদ ছেকচনৰ উন্নয়নৰ বাবে আঁচনি প্ৰণয়ন৷ ইয়াত ভাৰতীয় ৰেল নেটৱৰ্কৰ অন্য নিৰ্দেশসহিতে ছেকচনৰ সম্ভাৱিত বিস্তাৰণ অন্তৰ্ভুক্ত আছে৷

) ক্ষেত্ৰীয় স্তৰ, মণ্ডলীয় ৰেল তথা/অথবা মাণ্ডলিক ৰেলৱেক সংযোগ কৰা উপৰোক্ত নেটৱৰ্ক স্তৰত ৰজিতা খোৱা যাতায়াতৰ ব্যৱস্থাপনাৰ বাবে একক ট্ৰেফিক নিয়ন্ত্ৰণৰ কেন্দ্ৰ প্ৰণয়ন৷

) বিশিষ্ট নিৰ্মাণ, সংযুক্ত নিৰ্মাণৰ সংগঠন তথা প্ৰতিদ্বন্ধী চিগনেলিং আৰু ইণ্টাৰ-কিং প্ৰণালীৰ প্ৰণয়ন৷

) ছেমি হাইস্পীড তথা ইয়াৰ ওপৰৰ গতিৰ বাবে টাৰ্ণ আউট ছুইচৰ যোগান আৰু স্থানীয়কৰণ৷

) ৰাছিয়ান ৰেলৱেৰ সৈতে জড়িত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সহযোগিতাৰ সৈতে ভাৰতীয় ৰেলৰ কৰ্মচাৰীৰ প্ৰশিক্ষণ তথা উন্নত যোগাযোগৰ সংশোধন৷

) মালবাহী কাৰ্গব্যৱস্থাপনাৰ শ্ৰেষ্ঠতম উপযোগিতা তথা

) ভাৰতত মাল্টি মডেল টাৰ্মিনেলৰ সংযুক্ত বিকাশ৷

পৃষ্ঠভূমিঃ

ভাৰতীয় ৰেলে বিভিন্ন বিদেশী চৰকাৰ তথা ৰাষ্ট্ৰীয় ৰেলৱেৰ সৈতে ৰেল ক্ষেত্ৰত প্ৰযুক্তিগত সহযোগিতাৰ বাবে এমঅইউ/এমঅচিত স্বাক্ষৰিত কৰিছে৷ সহযোগিতাৰ চিহ্নিত ক্ষেত্ৰত উচ্চ গতিৰ ৰেলগাড়ী, বৰ্তমানৰ গাড়ীসমূহৰ গতি বৃদ্ধি, বিশ্বমানৰ ষ্টেচনৰ বিকাশ, গধূৰ পৰিবহণ সঞ্চালন ৰেল পৰিকাঠামোৰ আধুনিকীকৰণ অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সহযোগিতা ৰেলৱে প্ৰযুক্তি তথা সঞ্চালনৰ জ্ঞানৰ আদান-প্ৰদান, প্ৰযুক্তিগত যাত্ৰা, প্ৰশিক্ষণ তথা ছেমিনাৰ আৰু কৰ্মশালাসমূহৰ জৰিয়তে পাৰস্পৰিক হিতৰ বাবে সম্পন্ন হব৷

*****

NW/AKT/SH/MANN



(Release ID: 1551663) Visitor Counter : 105