কেবিনেট

ৰে’ল কৰ্মচাৰীৰ বাবে উৎপাদশীলতা ভিত্তিক বোনাচ প্ৰদানৰ সিদ্ধান্তত কেবিনেটৰ অনুমোদন

Posted On: 10 OCT 2018 1:34PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ২০১৭-১৮ বর্ষৰ বাবে ৰেল কর্মীচাৰীক ৭৮ দিনৰ দৰমহাৰ সমপৰিমাণ উৎপাদনশীলতাভিত্তিক বোনাচ প্রদানৰ সিদ্ধান্তত অনুমোদন জনায়কলো নন-গেজেটেড ৰেলকর্মীয়ে(আৰপিএফ/আৰপিএছএফ বাদ দি) এই বোনাচ লাভ কৰিবএই সিদ্ধান্তৰ ফলত ৰেল বিভাগৰ প্ৰায় ১১.৯১ লাখ কৰ্মচাৰী উপকৃত হব। ইয়াৰ বাবে ৰেল বিভাগৰ ২০৪৪.৩১ কোটি টকা ব্যয় হব। মাহিলী ৭,০০০ টকা দৰমহা লাভ কৰা কর্মীসকলে এই বোনাচ পাবকোগৰাকী কর্মীয়ে সর্বাধিক ১৭,৯৫১ টকা লাভ কৰিব

উৎপাদনশীলতাভিত্তিক বোনাচে সমগ্ৰ দেশৰ নন-গেডেটেড ৰেলকর্মীক সামৰি লদশেৰা/পূজা বন্ধৰ সময়ত প্রতি বছৰে এই বোনাচ প্ৰদান কৰা হয়ই বছৰৰ উৎসৱৰ বন্ধৰ পূৰ্বেই এই সিদ্ধান্ত কার্যকৰী হইয়াৰ ফলত ৰেলকর্মীসকলে কাম-কাজত উৎসাহী হোৱাৰ লগতে ৰেলৰ কামৰ সর্বাংগীন উন্নতি ঘটিব বুলি আশা কৰা হৈছে

ভাৰত চৰকাৰৰ বিভাগসমূহৰ ভিতৰত ৰেল হৈছে প্রথম বিভাগ যি ১৯৭৯-৮০ বর্ষত উৎপাদনশীলতা-ভিত্তিক বোনাচৰ ধাৰণা আৰম্ভ কৰিছিলসেই সময়ত অৱশ্যে দেশৰ অর্থনীতিত আন্তঃগাঁথনিমূলক কামৰ বাবে ৰেলকর্মীৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি বোনাচ প্ৰদান আইন-১৯৬৫ৰ ভিত্তিত এই ব্যৱস্থা হাতত লোৱা হৈছে।

*****

NW/AKT/SH/DB



(Release ID: 1549796) Visitor Counter : 98