প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৯ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ হাৰিয়াণা ভ্ৰমণ

Posted On: 08 OCT 2018 5:39PM by PIB Guwahati

৯ অক্টোবৰ ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাম্পলা, ৰোহটক ভ্ৰমণ কৰিব৷

তেওঁ দীনবন্ধু ছাৰ ছোটু ৰামৰ এক মূ্ৰ্তি উন্মোতন কৰিব৷ ছাৰ ছোটু ৰাম কৃষকৰ কল্যাণ তথা সমাজৰ পিছ পৰা শ্ৰেণীৰ হকে মাত মতা নেতা আছিল৷ শিক্ষা খণ্ড তথা সামাজিক উন্নতি আদিৰ বাবে কৰা কামসমূহৰ বাবেও তেওঁক স্মৰণ কৰা হয়৷

ৰাজহুৱা সভা এখনত প্ৰধানমন্ত্ৰীয়ে ছোনেপটৰ ৰে’ল ডবা পুনৰ্নিমাণ কাৰখানাৰ আধাৰশিলা মুকলি কৰিব৷ এই কাৰখানা মুকলি হোৱাৰ পিছত ভাৰতৰ উত্তৰ খণ্ডৰ ৰে’ল ডবাসমূহৰ পুনৰ্নিমাণ আৰু প্ৰতিপালনৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য স্থান হিচাপে বিবেচিত হ’ব৷ ইয়াত মডুলাৰ আৰু প্ৰিফেব্ৰিকেটেড নিৰ্মাণ কৌশল, আধুনিক মেচিন আৰু পৰিৱেশ অনুকূল বৈশিষ্ট সংযোজন কৰা হৈছে৷

***

AKT/SH/MANN



(Release ID: 1549116) Visitor Counter : 32