প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২২ ছেপ্তেম্বৰত উৰিষ্যা আৰু চত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 21 SEP 2018 5:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ছেপ্তেম্বৰত উৰিষ্যা আৰু চত্তীশগড় ভ্ৰমণ কৰিব৷

উৰিষ্যাৰ তালচাৰত তেওঁ এটি সাৰ কাৰখানাৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব৷ এয়া হ’ব দেশৰ প্ৰথমটো কয়লা গেছীকৰণ ভিত্তিক সাৰ প্ৰকল্প৷ সাৰ প্ৰস্তুতৰ লগতে এই প্ৰকল্পই প্ৰাকৃতিক গেছ উৎপাদন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত ঝাৰছাগুড়া বিমানবন্দৰ উদ্বোধন কৰিব৷ এই বিমানবন্দৰে পশ্চিম উৰিষ্যাক ভাৰতৰ বিমান পৰিবহণ ব্যৱস্থাৰ সৈতে সংলগ্ন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে গাৰজানবাহাল কয়লা খনি, ঝাৰছাগুড়া-বৰাপালী-ছাৰডেগা ৰে’লৱে লাইন দেশবাসীৰ বাবে উৎসৰ্গা কৰিব৷ তেওঁ লগতে এখন ফলক মুকলি কৰি ডুলাংগা কয়লা খনিৰ পৰা কয়লা উৎপাদন আৰু পৰিবহণ ব্যৱস্থাৰ শুভাৰম্ভ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে চত্তীশগড়ৰ জঞ্জিৰচাম্পাত উপস্থিত হ’ব৷ তাত তেওঁ পৰম্পৰাগত হস্তশিল্প আৰু কৃষিৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিব৷ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু পেন্দ্ৰা-আনাপ্পুৰ তৃতীয় ৰে’লৱে লাইনৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে তাত এখন ৰাজহুৱা সভাও সম্বোধন কৰিব৷

***

AKT/ VJ/MS



(Release ID: 1547577) Visitor Counter : 89