প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রী মোদী, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু পশ্চিমবংগ আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রীয়ে যুটীয়াভাৱে বাংলাদেশত শুভাৰম্ভ কৰিলে তিনিটা প্রকল্পৰ

Posted On: 10 SEP 2018 6:12PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা, পশ্চিমবংগৰ মুখ্যমন্ত্রী শ্রীমতী মমতা বেনাৰ্জী আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রী শ্রী বিপ্লৱ কুমাৰ দেৱে আজি যুটীয়াভাৱে ভিডিঅ কনফাৰেন্সযোগে বাংলাদেশত তিনিটা প্রকল্পৰ শুভাৰম্ভ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী শ্রীমতী সুষমা স্বৰাজ আৰু বাংলাদেশৰ বৈদেশিক মন্ত্রীয়ে ক্ৰমে নতুন দিল্লী আৰু ঢাকাৰ পৰা ভিডিঅ কনফাৰেন্সযোগে প্রকল্পসমূহৰ শুভাৰম্ভণী অনুষ্ঠানত যোগ দিয়ে।

সেইবোৰৰ ভিতৰত(ক) বাংলাদেশৰ ভিৰামাৰা আৰু ভাৰতৰ বহৰমপুৰৰ মাজত বর্তমান সংযুক্ত বিদ্যুৎ লাইনৰ জৰিয়তে বাংলাদেশক অতিৰিক্ত ৫০০ মেগাৱাট বিদ্যুৎ যোগান ধৰা। (খ) আখাউৰা-আগৰতলাৰ মাজত ৰেল সংযোগ আৰু (গ) বাংলাদেশ ৰেলৰ কুলাউৰা-ছাহবাজপুৰ শাখাৰ পুনৰ স্থাপন উল্লেখযোগ্য।

এই উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে ইয়াৰ পূৰ্বে কাঠমাণ্ডুত বিমষ্টেক সন্মিলন, শান্তি নিকেতন আৰু লণ্ডনত আয়োজিত কমনৱেল্‌থ সন্মিলনত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা স্মৰণ কৰে।

প্রতিবেশী দেশসমূহৰ সৈতে প্রতিবেশীসুলভ সম্পর্কৰ কথা দোঁহাৰি প্রধানমন্ত্রীয়ে কয় যে প্রচলিত প্রকলৰ পৰা ওলাই আহি নেতৃবৃন্দৰ সৈতে আলোচনা আৰু কম সময়ৰ ব্যৱধানত ইখন-সিখন দেশে ভ্ৰমণ অব্যাহত ৰাখিব লাগিবতেওঁ কয় যে প্রতিবেশী দেশসমূহৰ সৈতে ঘনিষ্ঠতা তেওঁৰ আৰু বাংলাদেশৰ প্রধানমন্ত্রীৰ মাজত কম সময়ৰ ব্যৱধানত হোৱা আলোচনা তথা সাক্ষাতৰে প্রতিফলন ঘটিছে।

দুয়ো দেশৰ মাজত ১৯৬৫ৰ পূৰ্বে যি ধৰণৰ যোগাযোগ ব্যৱস্থা আছিল, সেয়া পুনৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত বিগত কেইবছৰমানৰ অগ্রগতিক লৈ সন্তোষ প্রকাশ কৰে। তেওঁ লগতে কয় যে আজি আমি বিদ্যুৎ সৰবৰাহ বৃদ্ধি তথা ৰেল যোগাযোগ সম্প্ৰসাৰণৰ দুটা প্রকল্পও আৰম্ভ কৰিছো২০১৫ চনত তেওঁৰ বাংলাদেশ ভ্ৰমণৰ কথা সুঁৱৰি প্রধানমন্ত্রী মোদীয়ে কয় যে তেতিয়াই বাংলাদেশক অতিৰিক্ত ৫০০ মেগাৱাট বিদ্যুৎ সৰবৰাহ কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পশ্চিমবংগ আৰু বাংলাদেশৰ মাজত বিদ্যুৎ সংযোগ ব্যৱস্থাক ব্যৱহাৰ কৰি সৰবৰাহৰ কাম কৰা হৈছেবিদ্যুৎ সৰবৰাহৰ কাম সুস্থভাৱে সম্পন্ন হোৱাৰ বাবে তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ ভূমিকাকো প্রশংসা কৰে। তেওঁ লগতে কয় যে এই প্রকল্পৰ কাম শেষ হোৱাৰ ফলত ভাৰতৰ পৰা বাংলাদেশলৈ ১.১৬ জিগাৱাট বিদ্যুৎ সৰবৰাহ কৰা হৈছেবিদ্যুৎ সৰবৰাহ মেগাৱাটৰ পৰা জিগাৱাটলৈ নিয়াৰ এই যাত্রাক ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পর্কৰ মাজত এক সোনালী যুগৰ প্রতীক বুলি প্ৰধানমন্ত্ৰী আখ্যা দিয়ে

প্রধানমন্ত্রীয়ে লগতে কয় যে আখাউৰা-আগৰতলা ৰেল সংযোগে দুয়ো দেশৰ মাজত সীমান্তৰ যোগাযোগৰ ক্ষেত্রত আন এক যোগসূত্র স্থাপন কৰিবসুস্থভাবে এই কাম সম্পন্ন কৰাৰ বাবে ত্রিপুৰাৰ মুখ্যমন্ত্রী শ্রী বিপ্লৱ কুমাৰ দেৱৰ ভূমিকাৰো প্রশংসা কৰে প্রধানমন্ত্রীয়ে

প্রধানমন্ত্রী মোদীয়ে ২০২১ চনত বাংলাদেশক মধ্যবিত্ত আয়ৰ দেশ হিচাপে আৰু ২০৪১ৰ ভিতৰত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ বাবে প্রধানমন্ত্রী শ্বেইখ হাছিনাক প্রশংসা কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে দুয়ো দেশৰ মাজত ঘনিষ্ঠ সম্পর্ক আৰু ইয়াৰ লোকসকলৰ মাজত যোগাযোগে দেশ দুখনৰ উন্নয়ন আৰু সমৃদ্ধিক এক নতুন উচ্চতাত উপনীত কৰিব।

*****

AKT/KP/SBP/DB



(Release ID: 1545990) Visitor Counter : 88