প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীক সাক্ষাৎ শ্ৰীলংকাৰ সাংসদৰ

Posted On: 10 SEP 2018 2:20PM by PIB Guwahati

শ্ৰীলংকা সংসদৰ অধ্যক্ষ শ্রী কাৰু জয়সূর্যৰ নেতৃত্বত দেশখনৰ সাংসদৰ এটি প্ৰতিনিধি দলে আজি নতুন দিল্লীত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে

 

প্রতিনিধি দলটোৱে ভাৰতৰ সৈতে শ্ৰীলংকাৰ ঐতিহাসিক, আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পর্কৰ কথা উল্লেখ কৰাৰ সমান্তৰালভাৱে বিগত বছৰসমূহত সেই সম্পর্ক অধিক সুদৃঢ় হোৱাক লৈ প্ৰশংসা কৰেশ্রীলংকাত ভাৰতৰ সাহায্যত আৰম্ভ হোৱা জনতাকেন্দ্রিক উন্নয়নমূলক প্রকল্পসমূহৰ সুফলৰ কথাও তেওঁলোকে উল্লেখ কৰেযৌথ অর্থনৈতিক প্রকল্পসমূহৰ দ্রুত ৰূপায়ণে দুয়ো দেশৰ অর্থনীতি আৰু লোকসকলৰ উন্নয়নত সহায়ক হব সকলোৱে সহমত পোষণ কৰে


প্রধানমন্ত্রীয়ে শ্ৰীলংকাৰ প্রতিনিধি দলটোক আদৰণী জনাই এই ধৰণৰ সংযোগৰ গুৰুত্বৰ ওপৰত জোৰ দিয়েযুটীয়া প্রাদেশিক সভা আৰু স্থানীয় সংস্থাসমূহৰ মাজত সম্পর্ক সুদৃঢ় কৰাৰ নতুন প্ৰচেষ্টাসমূহে দুয়ো দেশৰ মানুহৰ মাজৰ সম্পর্ককো সুদৃঢ় কৰিবইয়াৰ ফলত দুয়ো দেশৰ মাজত বিশ্বাসো দৃঢ় হ

***

AKT/SH/DB



(Release ID: 1545736) Visitor Counter : 89