প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সমগ্ৰ দেশৰ আশা, এএনএম আৰু অংগনৱাড়ী কৰ্মীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 11 SEP 2018 2:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ তিনিটা ’- আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু এএনএম (অক্সিলিয়াৰি নাৰ্চ মিডৱাইফ)সকলৰ সৈতে ভিডিঅকনফাৰেন্সিঙৰ যোগেদি বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ঐক্যবদ্ধ কৰ্মদক্ষতা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, স্বাস্থ্যসন্মত আৰু পুষ্টিগত সেৱা প্ৰদান তথা পোষণ অভিযানৰ লক্ষ্য প্ৰাপ্তি যি দেশৰ পৰা কুপুষ্টি হ্ৰাস কৰে-এই সকলো প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ অৰিহণাৰ কথা স্বীকাৰ কৰি শক্তিশালী আৰু সৱল ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ প্ৰয়াসক অভিনন্দন জ্ঞাপন কৰে৷ এই মাহত অনুষ্ঠিত হোৱা পোষণ মাহৰ উপলক্ষে এই বাৰ্তালাপৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰত্যেক ঘৰতে যাতে পুষ্টি উপলব্ধ হয় তাৰ প্ৰতি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

ৰাষ্ট্ৰীয় পুষ্টি অভিযানক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পোষণ অভিযানৰাজস্থানৰ ঝুনঝুনুৰ পৰা আৰম্ভ কৰা হৈছে আৰু এনিমিয়া, কুপুষ্টি, কম ওজনৰ শিশু জন্ম আদি সমস্যা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ তেওঁ কয় যে এই অভিযানত সৰ্বাধিক সংখ্যক মহিলা আৰু শিশু জড়িত হোৱাটো আৱশ্যক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে পুষ্টি আৰু গুণগতমানৰ স্বাস্থ্য সেৱাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিছে৷ ছিটাকৰণৰ অভিযান পুৰ্ণোদ্যমত চলিছে আৰু ই মহিলা আৰু শিশুসকলৰ সহায়ক হৈছে৷

সমগ্ৰ দেশৰ স্বাস্থ্য কৰ্মী আৰু হিতাধিকাৰীসকলে তেওঁলোকৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰয়াসক কৃতজ্ঞতা প্ৰকাশ কৰি আশা, এএনএম আৰু অংগনৱাড়ী কৰ্মীসকলক তিনিটা ৰ সমষ্টি বুলি অভিহিত কৰে আৰু মিছন ইন্দ্ৰধনুশ অভিযানৰ জৰিয়তে ৩ লাখ গৰ্ভৱতী মহিলা আৰু ৮৫ কোটিতকৈও অধিক শিশুক ছিটাকৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সুৰক্ষিত মাতৃত্ব অভিযান সন্দৰ্ভত অধিক তথ্য প্ৰকাশৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে নৱজাত শিশুৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতিও শলাগ লয়৷ ইয়াৰ দ্বাৰা প্ৰত্যেক বৰ্ষতে দেশত ১.২৫ মিলিয়ন শিশু উপকৃত হৈছে৷ ইয়াক ঘৰুৱাভিত্তিত শিশুৰ যত্ন হিচাপে পুনৰ নামাকৰণ কৰা হৈছে যত আশা কৰ্মীসকলে পূৰ্বৰ জন্মৰ প্ৰথম ৪২ দিনৰ ৬টা পৰিদৰ্শনৰ স্থানত প্ৰথম ১৫ মাহত ১১বাৰ পৰিদৰ্শন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যৰ সৈতে ৰাষ্ট্ৰৰ উন্নতিৰ সংযোগৰ কথা আলোকপাত কৰে; তেওঁ কয় যে যদি দেশৰ শিশু দুৰ্বল হয় তেন্তে দেশৰ উত্তৰণো দুৰ্বল হব৷ যিকোনো নৱজাতকৰ বাবে জীৱনৰ প্ৰথম এহেজাৰটা দিন অতিশয় গুৰুত্বপূৰ্ণ৷ পুষ্টিসমৃদ্ধ খাদ্য, সুষম খাদ্য আদিয়ে শিশুটোৰ শ্ৰীবৃদ্ধি কিদৰে হব সেয়া নিৰ্ধাৰণ কৰে৷ যদি দেশৰ নাগৰিক স্বাস্থ্যৱান হয় তেন্তে সেই দেশৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে৷ সেয়ে প্ৰথম এহেজাৰটা দিনত প্ৰদান কৰা প্ৰয়াসে দেশৰ ভৱিষ্যত শক্তিশালী কৰাত সহায় কৰে৷

তাৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা প্ৰতিবেদন অনুসৰি স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচাগাৰৰ ব্যৱহাৰৰ জৰিয়তে ৩ লাখ লোকৰ জীৱন ৰক্ষা কৰাৰ ক্ষমতা আছে৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ বাৰ স্বচ্ছতাৰ প্ৰতি নাগৰিকসকলে প্ৰদৰ্শন কৰা দায়িত্বক ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰতৰ প্ৰথমগৰাকী হিতাধিকাৰী শিশু কৰিশ্মাক আয়ুস্মান শিশু হিচাপে খ্যাত বুলি উল্লেখ কৰে৷ তেওঁ কয় যে এই শিশুটিয়ে ১০ কোটি পৰিয়ালৰ বাবে আশাৰ প্ৰতীক হৈ উঠিছে যিসকলে এই মাহৰ ২৩ তাৰিখে ৰাঁচীত মুকলি কৰিবলগীয়া আয়ুস্মান ভাৰতৰ হিতাধিকাৰী হিচাপে বিবেচিত হব৷

প্ৰধানমন্ত্ৰীয়ে আশা কৰ্মীসকলৰ ভাট্টা দুগুণ কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰোপৰি, সকলো আশা কৰ্মী তথা তেওঁলোকৰ সহায়কসকলক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত বিনামূলীয়া বীমাৰ সুবিধাও প্ৰদান কৰা হব৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী কৰ্মীসকলক প্ৰদান কৰা পাৰিতোষিকৰ উল্লেখযোগ্য পৰিমাণৰ বৃদ্ধিৰ কথাও ঘোষণা কৰে৷ যিসকলে ৩০০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৪৫০০ টকাকৈ লাভ কৰিব৷ আনহাতে যিসকলে ২২০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৩৫০০ টকাকৈ লাভ কৰিব৷ তাৰোপৰি অংগনৱাড়ী সহায়কসকলে ১৫০০ টকাৰ ঠাইত ২২৫০ টকাকৈ লাভ কৰিব৷

*****

AKT/SH/BM/MANN



(Release ID: 1545731) Visitor Counter : 65