প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অষ্টাদশ এছিয়ান গেমছত পদকজয়ী খেলুৱৈৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

Posted On: 05 SEP 2018 12:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসগৃহত সদ্যসমাপ্ত অষ্টাদশ এছিয়ান গেমছত পদকবিজয়ী খেলুৱৈসকলৰ সৈতে মতবিনিময় কৰে৷

প্ৰধানমন্ত্ৰীয়ে পদকবিজয়ী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে আৰু এছিয়ান গেমছত তেওঁলোকে দাঙি ধৰা উৎকৃষ্ট প্ৰদৰ্শনক ভূয়সী প্ৰশংসা কৰে৷ তেওঁ পদকবিজয়ী খেলুৱৈসকলক কয় যে তেওঁলোকৰ ক্ৰীড়াশৈলীয়ে ভাৰতৰ মৰ্যাদা আৰু গৌৰৱ বৃদ্ধি কৰিছে৷ তেওঁ আশা প্ৰকাশ কৰে যে  পদকজয়ী খেলুৱৈসকলৰ ধাৰাবাহিকতা অব্যাহত থাকিব আৰু খ্যাতি আৰু জনপ্ৰিয়তাৰ বাবে যাতে তেওঁলোক লক্ষ্যৰ পৰা বিচলিত নহয়৷

মত-বিনিময়ত প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াবিদসকলক আহ্বান জনায় যে প্ৰদৰ্শন উন্নত কৰিবলৈ তেওঁলোকে প্ৰযুক্তিক সহায়ক হিচাপে ব্যৱহাৰ কৰা উচিত৷ প্ৰযুক্তিৰ জৰিয়তে নিজৰ আৰু বিশ্বৰ আগশাৰীৰ ক্ৰীড়াবিদসকলৰ প্ৰদৰ্শন বিশ্লেষণ কৰি তেওঁলোকে নিজকে অধিক উন্নত কৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

 প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি ব্যক্ত কৰে যে সৰু চহৰ, গ্ৰামাঞ্চল আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা অনেক যুৱ প্ৰতিভাৰ সৃষ্টি হৈছে আৰু দেশৰ হৈ তেওঁলোকে পদক জয় কৰি আছে৷ তেওঁ কয় যে গ্ৰামাঞ্চলত অনেক প্ৰতিভা আছে আৰু আমি এই প্ৰতিভাসমূহক উপযুক্ত প্ৰতিপালন কৰিব লাগিব৷

দেশৰ বাবে পদক জয় কৰিবলৈ কেইগৰাকীমান ক্ৰীড়াবিদে অত্যন্ত জটিল পৰিস্থিতিৰ মাজেৰে দিন অতিক্ৰম কৰিবলগা হৈছিল বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকী আবেগিক হৈ পৰে৷ তেওঁ এই খেলুৱৈসকলৰ দৃঢ়তা আৰু অধ্যাৱসায়ক চেল্যুট জনাই আৰু আশা কৰে যে তেওঁলোকৰ সফলতাই দেশবাসীক অনুপ্ৰাণিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পদকবিজয়ীসকলৰ বাবে বৃহৎ প্ৰত্যাহ্বান এতিয়াহে আৰম্ভ হ’ব আৰু তেওঁলোকে কেতিয়াও অলিম্পিক পদক জয়ৰ লক্ষ্যৰ পৰা বিচলিত হ’ব নালাগে৷

কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া ৰাজ্যিক(স্বতন্ত্ৰ)মন্ত্ৰী কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড় অনুষ্ঠানত উপস্থিত থাকে৷ আৰম্ভণি ভাষণত ৰাথোড়ে কয় যে পদকবিজয়ীৰ সংখ্যা বৃদ্ধি আৰু যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী লক্ষ্য আৰু চৰকাৰৰ পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

উল্লেখ্য যে ভাৰতে এইবাৰ অষ্টাদশ এছিয়ান গেমছত অভিলেখসংখ্যক ৬৯টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ এছিয়ান গেমছত ভাৰতৰ পূৰ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল গুৱানঝু এছিয়াডৰ ৬৫টা পদক৷

***

AKT/KP/MS



(Release ID: 1545493) Visitor Counter : 59