প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমেৰিকাৰ বৈদেশিক আৰু প্ৰতিৰক্ষা সচিবৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 06 SEP 2018 7:50PM by PIB Guwahati

মাৰ্কিন বৈদেশিক সচিব মাইকেল প’ম্পীঅ’ আৰু মাৰ্কিন প্ৰতিৰক্ষা সচিব জেমছ মেটিছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

তেওঁলোকে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হৈ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা মত-বিনিময়ৰ প্ৰসংগ সোঁৱৰণ কৰে আৰু সচিবদ্বয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীলৈ শুভেচ্ছা প্ৰেৰণ কৰে৷

সচিব দুগৰাকীয়ে আজি অনুষ্ঠিত টু প্লাছ টু বৈঠক সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে৷ দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰথমবাৰৰ বাবে আয়োজিত এইধৰণৰ বৈঠকৰ সফল সামৰণিৰ বাবে প্ৰধানমন্ত্ৰীয়ে সচিবদ্বয়ৰ লগতে ভাৰতৰ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে৷

***

AKT/SH/SK/MS



(Release ID: 1545492) Visitor Counter : 42