ৰেচম মন্ত্ৰালয়
কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ শেহতীয়াকৈ বিকশিত কৰা ৰেচম পলুৰ কীটৰ বিষয়ে ঘোষণা
Posted On:
10 AUG 2018 3:53PM by PIB Guwahati
কেন্দ্ৰীয় ৰেচম ব’ৰ্ড (চিএছবি)য়ে শেহতীয়াকৈ বীজৰ উৎপাদন বৃদ্ধি আৰু ৰেচম উৎপাদনৰ কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে মালবেৰী আৰু বান্য ৰেচমৰ ৰেচম কীট বিকশিত কৰিছে৷ বিশেষ কৃষি-জলবায়ু বিশিষ্ট স্থিতিৰ বাবে ৰেচম কীটৰ উন্নত সঁচ অতি আৱশ্যক৷
চিএছবিৰ দ্বাৰা বিকশিত গ্ৰীষ্ম প্ৰধান টাছাৰ ৰেচম কীট (বিডিআৰ-১০)ৰ সঁচৰ পৰম্পৰাগত ডাবা সঁচতকৈ ২১% অধিক উৎপাদনশীলতা থাকে৷ কৃষকসকলে ১০০টা ৰোগমুক্ত লেয়িঙৰ বিপৰীতে ৫২ কিলোগ্ৰাম পৰ্যন্ত ৰেচম কীট প্ৰাপ্ত কৰিব পাৰে৷ এই ৰেচম কীটবোৰৰ জৰিয়তে ঝাৰখণ্ড, ছট্টিশগড়, উৰিষ্যা, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, বিহাৰ, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকল উপকৃত হ’ব৷
ৰেচম কীটৰ মাল্টিভল্টিন এক্স বাইভ’ল্চিন মালবেৰী হাইব্ৰিডে প্ৰতি ১০০ টা ডিএলএফৰ বিপৰীতে ৬০ কিলোগ্ৰাম ৰেচম কীট উৎপাদন কৰিব পাৰে আৰু এই সঁচটো পূৰ্বৰ পিএম এক্স চিএছআৰ তুলনাত বহুগুণে উন্নত৷ উন্নত মানৰ ৰেচম আৰু উল্লেখযোগ্য কণী পুনৰুদ্ধাৰৰ বাবে এই সঁচটো কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ কৃষকসকলৰ বাবে উত্তম৷
এড়ী ৰেচম কীট (চি২) সঁচটো স্থানীয় সঁচত পোৱা যায় আৰু ই প্ৰতি ১০০ টা ডিএলএফত ২৪৭টা এড়ী ৰেচম কীট উৎপাদন কৰিব পাৰে৷ এই সঁচটো অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, ছিক্কিম, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে উত্তম৷
শেহতীয়াকৈ বিকশিত এই ৰেচম কীটে উৎপাদনশীলতা তথা গুণগততাৰ বাবে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাত সক্ষম হ’ব৷ উল্লেখ্য, বয়ন মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় ৰেচম ব’ৰ্ড ৰেচম কীটৰ নতুন সঁচ বিকাশত জড়িত হৈছে৷
***
SB/MANN
(Release ID: 1542782)