প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাণসাগৰ কেনেল প্ৰকল্প মুকলি আৰু মিৰ্জাপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 15 JUL 2018 4:00PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, উপ মুখ্যমন্ত্ৰী শ্ৰীমান কেশৱ প্ৰসাদ মৌৰ্য মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ভগ্নী অনুপ্ৰিয়া মহোদয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰীমান সিদ্ধাৰ্থ নাথ মহোদয়, শ্ৰীমান গৰ্ববাল সিংহ মহোদয়, শ্ৰীমান আশোতোষ টেণ্ডন মহোদয়, শ্ৰীমান ৰাজেশ অগ্ৰৱাল মহোদয় আৰু ভাৰতীয় জনতা দলৰ প্ৰদেশ অধ্যক্ষ আৰু মোৰ পুৰণি মিত্ৰ, সাংসদ মোৰ সহযোগী ডাঃ মহেন্দ্ৰ নাথ পাণ্ডে মহোদয়, সাংসদ শ্ৰী বীৰেন্দ্ৰ সিং, সাংসদ ভাই ছোটে লাল আৰু ইয়াত উপস্থিত মোৰ মৰমৰ ভাতৃ তথা ভগ্নীসকল৷

মই বহু দেৰীৰ পৰা মঞ্চৰ পৰা প্ৰত্যক্ষ কৰি আছোঁ, দুয়োটা কাষৰ পৰা জনতা আহি আছে, আহি আছে৷ ভাতৃ-ভগ্নীসকল, এই সমগ্ৰ স্থানটো দিব্য আৰু অলৌকিক হয়৷ বিন্ধ্য পৰ্বত আৰু ভাগীৰথীৰ মাজত থকা এই স্থানটো শতিকাজুৰি অপাৰ সম্ভাৱনীয়তাৰে ভৰা৷ এই সম্ভাৱনাকেই সন্ধান কৰিবলৈ আৰু ইয়াত হোৱা বিকাশমূলক কাৰ্যৰ মাজত আজি মোৰ আপোনালোকৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিছোঁ৷ যোৱাবাৰ মাৰ্চত যেতিয়া মই ইয়াত সৌৰ প্লেণ্ট উদঘাটন কৰিবলৈ আহিছিলো তেতিয়া মোৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিও আহিছিল আৰু সেই সময়ত আমাৰ দুয়োৰে স্বাগতম মাতাৰ প্ৰতিচ্ছবি আৰু ছুনৰীৰ সৈতে কৰা হৈছিল৷ এই সৎকাৰৰ দ্বাৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰী মেক্ৰবহুত অভিভূত হল আৰু তেওঁ মাৰ মহিমাৰ বিষয়ে জানিবলৈ বিচাৰিলে আৰু মই যেতিয়া তেওঁক মাৰ মহিমাৰ বিষয়ে জনালো তেতিয়া তেওঁ  আচৰিত আৰু প্ৰভাৱিত হল৷

যেতিয়াৰ পৰা যোগী মহোদয়ৰ অধীনত এনডিএ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা পূৰ্বাঞ্চলৰ সমগ্ৰ উত্তৰ প্ৰদেশত বিকাশৰ গতি বৃদ্ধি হৈছে, তাৰ পৰিণাম অজি দেখিবলৈ পোৱা গৈছে৷ এই ক্ষেত্ৰৰ বাবে ইয়াৰ দুখীয়া হওক, বঞ্চিত হওক, শোষিত হওক, পীড়িত হওক, ইয়াৰে জনতাৰ বাবে যি সপোন সোনেলাল পেটেল মহোদয়ৰ দৰে কৰ্মশীল লোকে দেখিছিল, সেয়া পূৰণ কৰাৰ বাবে আমি সকলোৱে মিলি ঐকান্তিকভাৱে প্ৰয়াস কৰি আছোঁ৷ বিগত দুটা দিনত বিকাশৰ অনেক যোজনা পূৰ্বাঞ্চলৰ জনতাক সমৰ্পণ কৰাৰ অথবা নতুন কাম আৰম্ভ কৰাৰ অৱকাশ মই পালো৷ দেশৰ সবাতোকৈ দীঘল পূৰ্বাঞ্চল এক্সপ্ৰেছ-ৱেই হওক, বাৰাণসীৰ কৃষকসকলৰ বাবে আৰম্ভ হোৱা পেৰিশ্বেবল কাৰ্গচেণ্টাৰেই হওক, ৰেলৱেৰ সৈতে জড়িত যোজনাই হওক, ই পূৰ্বাঞ্চলত হোৱা বিকাশক অভূতপূৰ্ব গতি প্ৰদানৰ কাম কৰিব৷

বিকাশৰ এই ক্ৰম আগুৱাই লৈ যাবলৈ আমি মই ইয়াত পুনৰ বাৰ আপোনালোকৰ মাজলৈ আহিছোঁ৷ কিছুদেৰী পূৰ্বে ঐতিহাসিক বাণসাগৰ বান্ধৰ সৈতে প্ৰায় চাৰি হাজাৰ কোটি টকাৰ এই যোজনাৰ উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ জলসিঞ্চন, স্বাস্থ্য আৰু সুগম পৰিবহণৰ সৈতে জড়িত এই যোজনাসমূহ এই ক্ষেত্ৰৰ সাধাৰণ মানৱ জীৱনলৈ সুখদ পৰিৱৰ্তন আনিব৷ আপোনালোকৰ এই ক্ষেত্ৰ মিৰ্জাপুৰেই হওক, সোনভদ্ৰই হওক, ভদোহীয়ে ইহওক, চন্দোলী অথবা এলাহাবাদেই হওক, কৃষিয়েই হল ইয়াৰ জীৱন ৰেখা৷ কৃষকৰ নামৰ পূৰ্বৰ চৰকাৰে আধৰুৱা যোজনা প্ৰস্তুত কৰিছিল, সেয়া ওলোমাই থৈছিল৷ আপোনালোক ইয়াৰ সাক্ষী৷ বন্ধুসকল, প্ৰায় চাৰে তিনি হাজাৰ কোটিৰ বাণসাগৰ যোজনাৰ দ্বাৰা কেৱল মিৰ্জাপুৰেই নহয় আনকি এলাহাবাদ সহিতে সমগ্ৰ ক্ষেত্ৰৰ ডেৰ লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰাপ্ত হব৷ যদি এই প্ৰকল্প আগতেই সম্পূৰ্ণ হলহেঁতেন তেন্তে ইয়াৰ পৰা যি লাভ আপোনালোকে পাব সেয়া দুই দশক পূৰ্বেই পালেহেঁতেন অৰ্থাৎ আপোনালোৰ দুটা দশক অথলে গল৷ কিন্তু ভাতৃ-ভগ্নীসকল, পূৰ্বৰ চৰকাৰে আপোনালোকৰ ইয়াৰ কৃষকসকলৰ চিন্তা নকৰিলে৷ এই প্ৰকল্পৰ পৰিকাঠামো ৪০ বৰ্ষ পূৰ্বে প্ৰস্তুত কৰা হৈছিল৷ ১৯৭৮ চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল৷ কিন্তু বাস্তৱত কাম আৰম্ভ হওঁতে হওঁতে ২০ বছৰ লাগিল৷ ইয়াৰ পিছতো কিমান চৰকাৰ আহিল, ল৷ কিন্তু এই যোজনাৰ ওপৰত কেৱল চৰ্চা-আলোচনাহে হ, জনতাই একো নাপালে৷ ২০১৪ চনত আপোনালোক সকলোৱে আমাক সেৱা কৰিবলৈ সুযোগ প্ৰদান কৰিলে আৰু ইয়াৰ পিছত আমাৰ চৰকাৰে যেতিয়া ওলমি থকা, বিভ্ৰান্ত হোৱা যোজনাসমূহ খুচৰিবলৈ ধৰিলে তেতিয়া এই প্ৰকল্পৰ নাম সন্মুখলৈ আহিল৷ ফাইলত ই হেৰাই গৈছিল আৰু ইয়াৰ পিছত বাণসাগৰ যোজনাক প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত জড়িত কৰা হল আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰা হল৷ বিশেষকৈ বিগত ডেৰ বছৰত যোগী মহোদয় আৰু তেওঁৰ দলে যি গতিৰে এই কাৰ্য আগবঢ়াই লৈ গ, তাৰ পৰিণামস্বৰূপে আজি বাণসাগৰৰ এই অমৃতে আপোনালোকৰ জীৱনলৈ সুখ কঢ়িয়াই অনাৰ বাবে প্ৰস্তুত হৈছে৷ বাণসাগৰৰ বাহিৰেও বছৰজুৰি আধৰুৱা হৈ থকা সৰায়ু নহৰ ৰাষ্ট্ৰীয় যোজনা আৰু মধ্য গংগা সাগৰ যোজনাৰ ওপৰতো ক্ষীপ্ৰ গতিত কাম চলি আছে৷

বন্ধুসকল, বাণসাগৰ যোজনা সেই অপূৰ্ণ চিন্তা, সীমিত ইচ্ছা শক্তিৰো উদাহৰণ যাৰ এক বৃহৎ মূল্য মোৰ কৃষক ভাই-ভনীসকলে, মোৰ দুখীয়া ভাই-ভনীসকলে ভৰিবলগীয়া হৈছে৷ পূৰ্বৰ বৰ্ষসমূহত যি সুবিধা আপোনালোকে পাব লাগছিল সেয়াতো নাপালেই বৰঞ্চ দেশেও আৰ্থিক লোকচান সহ্য কৰিবলীয়া হল৷ প্ৰায় তিনিশ কোটি টকাৰ বাজেটেৰে আৰম্ভ হোৱা সেই প্ৰকল্প যদি সময়মতে সম্পূৰ্ণ হলহেঁতেন তেন্তে তিনিশ কোটিতেই সম্পূৰ্ণ হলহেঁতেন৷ কিন্তু সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰাৰ ফলত সময়ৰ লগে লগে মূল্য বৃদ্ধি হৈ গৈ থাকিল, তিনিশ কোটিৰ যোজনা চাৰে তিনিহাজাৰ কোটি খৰচ কৰাৰ পিছতহে সম্পূৰ্ণ হল৷ আপোনালোকে মোক কওক, এয়া পুৰণা চৰকাৰৰ দোষ হয় নে নহয়? আপোনালোকৰ টকা খৰচ হোৱা নাই, আপোনালোকৰ অধিকাৰ খৰ্ব হোৱা নাই? আৰু সেইবাবে ভাই-ভনীসকল, যিসকল লোকে কৃষকৰ বাবে ঘৰিয়ালৰ চকু পানী টুকে তেওঁলোকক আপোনালোকে সুধিব লাগে যে কিয় তেওঁলোকে নিজৰ শাসনকালত এই আধৰুৱা কৰি থোৱা জলসিঞ্চনৰ যোজনাসমূহলৈ চকু দিয়া নাছিল? আৰু এয়া কেৱল বাণসাগৰৰ ঘটনাই নহয়, সমগ্ৰ দেশতে এইদৰে ওলোমাই থোৱা, বিভ্ৰান্ত কৰা, আধৰুৱা কৰি থোৱা কৃষক কল্যাণ প্ৰকল্প আছে৷ তেওঁলোকৰ কোনো গুৰুত্বই নাই, কিয় এনে কাৰ্য আধৰুৱাকৈ এৰি দিয়া হল৷

ভাতৃ-ভগ্নীসকল, মই আজি যেতিয়া ইয়াত কৃষকসকলৰ কাষলৈ আহিছোঁ, আপোনালোকৰ পৰা কিবা খুজিব বিচাৰিছোঁ, দিবনে? এয়া মা বিন্ধ্যবাসিনীৰ ভূমি, ইয়াত আপোনালোকে প্ৰতিজ্ঞা কৰিলে পালন কৰিব লাগিব৷ পালন কৰিব নে? চাওক, চাৰে তিনিহাজাৰ কোটি খৰচ হ, ৪০ বছৰ নষ্ট হ, যি হল হল বাৰু৷ এতিয়া পানী পোৱা গৈছে৷ যিসকল কৃষকৰ ভূমিত এই পানী পোৱা গৈছে, সেইসকলে কৃষক ভাই-ভনীয়ে টোপাল সিঞ্চন অথবা স্প্ৰিংকলাৰ ফোঁৱৰাযুক্ত আৰু টোপাল-টোপাল পানী বচোৱাৰ দিশত কাম কৰিব পাৰিবনে? মই আপোনালোকৰ পৰা এয়াই বিচাৰিছোঁ, মই আৰু একো নালাগে৷ আপোনালোকে মোক প্ৰতিজ্ঞা কৰক যে এই যে পানী পোৱা গৈছে সেয়া মা বিন্ধ্যবাসিনীৰ আশীষ হয়৷ যিদৰে প্ৰসাদৰ প্ৰতিটো অংশ আমি নষ্ট হবৈ নিদিওঁ ঠিক সেইদৰে যি পানী আমি পাইছোঁ তাৰে এটা অংশও আমি নষ্ট হবলৈ নিদিওঁ৷ ইয়াৰ দৰে ধন সঞ্চয় হয়, পানী সঞ্চয় হয়, শ্ৰম সঞ্চয় হয় তথা ফচল ভাল হয় আৰু সেইবাবে মই আপোনালোকৰ পৰা বিচাৰিছোঁ যে আপোনালোকে যদি সিদ্ধান্ত লয়, এই পানী সঞ্চয় কৰিলে আজি যি লাখ-ডেৰ লাখ হেক্টৰত পানী প্ৰদান কৰা হৈছে, এই পানী দুই লাখ হেক্টৰ পৰ্যন্ত কৰিব পৰা হব৷ যদি আজি কিছু লাখ কৃষক লাভান্বিত হৈছে তেন্তে তাৰ পৰা দুগুণ কৃষক লাভান্বিত হব পাৰে৷ যদি আজি এই পানী কম হয় তেন্তে টোপালো-টোপাল পানী বচাই খেতি কৰিলে এই পানীৰেই বৰ্ষজুৰি কাম কৰিব পৰা হ, আপোনালোকৰ সন্তানৰো কামত আহিব৷ আৰু সেইবাবে মোৰ ভাই-ভনীসকল, মই আজি এই যোজনা প্ৰণয়ন কৰা পিছত আপোনাৰ সেৱকৰ ৰূপত, মা বিন্ধ্যবাসিনীৰ ভক্তৰ ৰূপত আজি আপোনালোকৰ পৰা কিবা খুজিছোঁ, দিবনে? পূৰণ কৰিব পাৰিবনে? চৰকাৰৰ এটা যোজনা আছে, মাইক্ৰজলসিঞ্চনৰ বাবে চৰকাৰে সাহায্য দিয়ে, পইচা দিয়ে, আপোনালোকে ইয়াৰ লাভ উঠাওক আৰু মই আপোনালোকৰ সেৱাত আছোঁ৷

মোৰ মৰমৰ কৃষক ভাই-ভনীসকল, এওঁসকল এনেকুৱা লোক, যি আপোনাক কৃষকৰ বাবে ঘৰিয়ালৰ চকু পানী টুকে, এমএছপি যোজনা আছিল, ক্ৰেতা নাছিল, সমৰ্থন মূল্য বাতৰি কাকতত জাননীযোগে দিয়া হৈছিল, ফটো চপোৱা হৈছিল, ৱাহ-ৱাহ দিয়া হৈছিল, কিন্তু কৃষকৰ ঘৰলৈ একো নগৈছিল৷ তেওঁলোকৰ ওচৰত এমএছপিৰ দাম বৃদ্ধি কৰাৰ বাবে ফাইল আহিছিল, ফাইলসমূহ পেলাই থোৱা হৈছিল৷ বহু বছৰ আগেয়ে লাভৰ ডেৰ গুণ সমৰ্থন মূল্য প্ৰদান কৰাৰ আবেদন ফাইলত কৰা হৈছিল, কিন্তু কৃষকৰ নামত ৰাজনীতি কৰাসকলে এমএছপিৰ ডেৰ গুণ লাভৰ কথা চিন্তা কৰাৰ সময় নাই, কাৰণ তেওঁলোক ৰাজনীতিত ইমানেই ডুবি আছিল যে তেওঁলোকক দেশৰ গাঁও, দুখীয়া কৃষকৰ প্ৰতি কোনো গুৰুত্ব নাছিল৷ ফাইলসমূহ পৰি থাকিল, বৰ্ষজুৰি যি কাম কৰাৰ পৰা পুৰণা চৰকাৰ পিছুৱাই আছিল, ভাই-ভনীসকল, আপোনলোকৰ সেৱকৰ ভূমিকাত, দেশৰ গাঁও, দুখীয়া কৃষকৰ কল্যাণ কৰাৰ মনোভাৱেৰে আজি মূৰ দোওৱাই কৈছোঁ, মোৰ ভাই-ভনীসকল, আমি এমএছপি ডেৰ গুণ বৃদ্ধি কৰাৰ প্ৰতিজ্ঞা কৰিছিলোঁ, আজি সেয়া আমি ভূমিষ্ঠ কৰিছোঁ৷ ধানেই হওক, মাকৈই হওক, দাইলেই হওক, খাৰিফ শস্যৰ ১৪টা শস্যৰ সমৰ্থন মূল্যত দুশ টকাৰ পৰা আৰম্ভ কৰি এক হাজাৰ আঠশ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে৷ এয়া নিৰ্ধাৰণ কৰা হৈছে যে কৃষকৰ এই ফচলসমূহত যি লাভ পোৱা যায়, তাৰ ওপৰত ৫০ শতাংশ প্ৰত্যক্ষ লাভ প্ৰাপ্ত হব লাগে৷

ভাতৃ-ভগ্নীসকল, এই ফচলসমূহৰ দ্বাৰা উত্তৰ প্ৰদেশ আৰু পূৰ্বাঞ্চলৰ কৃষকসকলে বহু লাভ প্ৰাপ্ত কৰিব৷ এইবাৰৰ পৰা এক কুইণ্টল ধানত দুশ টকাতকৈ অধিক টকা পোৱা যাব৷ বন্ধুসকল, এক কুইণ্টল ধানৰ লাভৰ যি অংক, সেয়া প্ৰায় ১১০০, ১২০০ টকা৷ এতিয়া ধানৰ সমৰ্থন মূল্য ১৭৫০ টকা নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ প্ৰত্যক্ষভাৱে ৫০ শতাংশৰ লাভ নিশ্চিত কৰা হৈছে৷ মোক কোৱা হৈছে যে উত্তৰ প্ৰদেশত বিগত বৰ্ষৰ তুলনাত চাৰি গুণ ধান ক্ৰয়ৰ সুনিশ্চিত কৰা হৈছিল৷ ইয়াৰ বাবে যোগী মহোদয় আৰু তেওঁৰ দলৰ সমূহ সদস্যক বহুত বহুত শুভকামনা জনাইছোঁ৷

ভাতৃ আৰু ভগ্নীসকল, ধানৰ সৈতে চৰকাৰৰ দ্বাৰা দাইলৰো এমএছপি বৃদ্ধি কৰা হৈছে৷ অৰ্থাৎ এতিয়া নিৰ্ধাৰণ কৰা হৈছে যে ৰহৰ দাইল উৎপাদনত যিমান লাভ পোৱা যায়, তাৰ প্ৰায় ৬৫% প্ৰত্যক্ষ লাভ, অতিৰিক্ত লাভ কৃষকসকলে প্ৰাপ্ত কৰিব৷ বন্ধুসকল, আমাৰ চৰকাৰ দেশৰ কৃষকসকলৰ সৰু সৰু সমস্যাসমূহ বুজি সেইসমূহ দূৰ কৰাৰ বাবে দিনে-ৰাতিয়ে কাম কৰি আছে৷ বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ প্ৰামাণিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে যাতে কৃষককলৰ আয় বৃদ্ধি হয় আৰু খেতিত ব্যয় কম হয়৷ ইউৰিয়াৰ বাবে লাঠি চাৰ্জ কৰা হৈছিল, নিশাটো শাৰী পাতিবলগীয়া হৈছিল, লা বজাৰত ইউৰিয়া ক্ৰয় কৰিবলগীয়া হৈছিল৷ বিগত চাৰিটা বৰ্ষত এই সংকট নোহোৱা হৈছে৷ এই সকলো কাৰ্য আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাৰ দ্বাৰা সম্ভৱ হৈছে৷

ভাতৃ-ভগ্নীসকল, মই ইয়াত কৃষকসকলক এটা প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, মই ২০২২ চন পৰ্যন্ত দেশৰ কৃষকসকলৰ আয় দুগুণ কৰিব বিচাৰিছোঁ আৰু এয়া কঠিন কাম নহয়৷ এতিয়া চৰকাৰে বাঁহক ঘাঁহ বুলি গ্ৰাহ্য কৰিছে৷ আৰু সেইবাবে আপোনালোকে মেডত বাঁহৰ খেতি কৰিব পাৰে, বাঁহ কাটিব পাৰে, বাঁহ বেচিব পাৰে, চৰকাৰে আপোনাক বাধা দিব নোৱাৰে৷ আজি হাজাৰ-কোটি টকাৰ বাঁহ দেশ-বিদেশৰ পৰা আমদানি কৰা হয়, যিটো সময়ত মোৰ কৃষকৰ মেডত বাঁহ খেতি কৰিব পাৰি৷ আমি নিয়ম পৰিৱৰ্তন কৰিলো, আইন পৰিৱৰ্তন কৰিলো৷ প্ৰথমে মানিছিলো যে বাঁহ এবিধ বৃক্ষ৷ আমি কলো যে বাঁহ বৃক্ষ নহয়, ই এবিধ ঘাঁহ হে৷ আৰু আমাৰ ইয়াত ধূপ নিৰ্মণ, চিলা নিৰ্মাণ আজিৰ বাবেও বাঁহ বিদেশৰ পৰা আনিব লাগে৷ মোৰ দেশত ইমান কৃষক আছে, এবছৰৰ ভিতৰতে তেওঁলোকে পৰিস্থিতি পৰিৱৰ্তন কৰিব পাৰে আৰু সেই উপাৰ্জন তেওঁলোকৰ কামত আহিব৷ এনেকুৱা বহু ধৰণৰ প্ৰয়োগ আছে৷ মই মোৰ কৃষক ভাইসকলক আহ্বান কৰিছোঁ যে আপোনালোকে খেতিৰ উপৰিও চৰকাৰৰ এনে অনেক যোজনাৰ লাভ উঠাওক আৰু নিজৰ আয় বৃদ্ধিৰ দিশত আগবাঢ়ক৷ আমাৰ চৰকাৰ দেশৰ প্ৰতিজন জনতা, প্ৰতিটো কোণত বিকাশৰ পোহৰ প্ৰেৰণ কৰিবলৈ, দুখীয়াক সশক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়ি আছে৷ আপোনালোকৰ জীৱন সুগম কৰিবলৈ, সংযোগ ব্যৱস্থা সুলভ কৰিবলৈ আজি ইয়াত কিছুমান সুবিধাৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ চুনাৰ সেতুৰ পৰা এতি চুনাৰ আৰু বাৰাণসীৰ দূৰত্ব কম হৈ পৰিছে৷ মোক কোৱা হৈছে যে বাৰিষাৰ বতৰত ইয়াত সহস্ৰাধিক লোকৰ দেশৰ আন অংশৰ সৈতে যোগাযোগ ব্যাহত হয়৷ এতিয়া এই নতুন দলংখনে এই সমস্যা দূৰ কৰিব৷

ভাতৃ আৰু ভগ্নীসকল, সস্তীয়া আৰু উন্নত স্বাস্থ্য সেৱা দুখীয়াৰ বাবে উপলব্ধ কৰোৱাটোও এই চৰকাৰৰ এটা ডাঙৰ সংকল্প৷ ইয়াত নিৰ্মাণ হবলগীয়া নতুন চিকিৎসা মহাবিদ্যালয়ে কেৱল মিৰ্জাপুৰ আৰু সোনভদ্ৰকেই নহয়, ভদোহী, চন্দোলী আৰু এলাহাবাদৰ জনতাকো উপকৃত কৰিব৷ এতিয়া ইয়াৰ জিলা চিকিৎসালয় পাঁচশ বিচনাযুক্ত হ, ইয়াৰ দ্বাৰা গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে আপোনালোকে দূৰলৈ যাব নালাগে৷ ইয়াৰোপৰি আজি ইয়াত এশটা জন ঔষধি কেন্দ্ৰৰ সৈতে সমগ্ৰ উত্তৰ প্ৰদেশত এশটাতকৈও অধিক জন ঔষধি কেন্দ্ৰৰ উচৰ্গা কৰা হৈছে৷ এই জন ঔষধি কেন্দ্ৰ দুখীয়া, মধ্যম বৰ্গ আৰু নিম্ন বৰ্গৰ বাবে এক বৃহৎ সহায়ক হিচাপে বিবেচিত হৈছে৷ এই কেন্দ্ৰসমূহত সাতশতকৈও অধিক ঔষধ আৰু ডেৰশতকৈও অধিক ৰোগীৰ অস্ত্ৰোপচাৰৰ পিছত যি সামগ্ৰীৰ প্ৰয়োজন হয় সেয়া ইয়াত সস্তাতে উপলব্ধ হব৷ সমগ্ৰ দেশতে এই ধৰণৰ প্ৰায় চাৰে তিনি হাজাৰতকৈও অধিক জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে৷ আঠশতকৈও অধিক ঔষধৰ মূল্য নিয়ন্ত্ৰণ ব্যৱস্থাৰ অধীনলৈ অনা হৈছে, হৃদয়ৰ ৰোগৰ সময়ত প্ৰয়োজন হোৱা ষ্টেণ্টৰ মূল্য কম কৰা, আঠুত লগোৱা ইমপ্লাণ্টৰ মূল্য হ্ৰাস কৰা আদি অনেক কাৰ্য এই চৰকাৰে কৰিছে, যাৰ দ্বাৰা দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোক উপকৃত হব৷

এটা মধ্যবিত্ত পৰিয়াল যাৰ ঘৰত বয়সীয়া লোক থাকে, তেনেহলে এটা বা আধা বেমাৰ ঘৰৰ পৰিয়ালৰ অংশ হৈ পৰে৷ ডায়েবেটিছেই হওক, ৰক্ত চাপেই হওক আৰু এনেকুৱা পৰিয়ালে প্ৰতিদিনে ঔষধ গ্ৰহণ কৰিব লাগে৷ পৰিয়ালৰ এজন সদস্যৰ বাবে প্ৰতিদিনে ঔষধ আনিব লাগে আৰু মাহৰ মূৰত বিল হাজাৰ, দুহেজাৰ, আঢ়ৈ হাজাৰ, তিনি হাজাৰ, পাঁচ হাজাৰলৈ গুচি যায়৷ আৰু এতিয়া জন ঔষধিৰ বাবে যাৰ ঔষধৰ বিল পূৰ্বে হাজাৰ টকা হৈছিল এতিয়া আঢ়ৈশ, তিনিশ টকা প্ৰতিমাহত উপলব্ধ হৈছে৷ আপুনি কল্পনা কৰিব পাৰে এয়া কিমান ডাঙৰ সেৱা৷ এই কাম পূৰ্বৰ চৰকাৰে কৰিব পাৰিলেহেঁতেন৷ কিন্তু তেওঁলোকৰ বাবে নিজৰ পাৰ্টী, নিজৰ পৰিয়াল, নিজৰ আসন, ইয়াৰ ঊৰ্ধত তেওঁলোকে চিন্তা কৰাৰ বাবে প্ৰস্তুত নাছিল আৰু সেইবাবেই দেশৰ সাধাৰণ জনতাৰ কল্যাণ তেওঁলোকৰ প্ৰাথমিকতা নাছিল৷

বন্ধুসকল, আজিকালি ডায়েলাইছিছ অনিবাৰ্য হৈ পৰিছে৷ অনেক গাঁৱত অনেক পৰিয়ালে ডায়েলাইছিছৰ বাবে যাবলগীয়া হয়৷ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যক্ৰম আমি আৰম্ভ কৰিছোঁ আৰু দুখীয়াৰ বাবে যি ডাঙৰ চিন্তাৰ বিষয় আছিল, তেওঁলোকক সহায় কৰাৰ এক বৃহৎ পদক্ষেপ লোৱা হৈছে৷ এই ডায়েলাইছিছ যোজনাৰ অধীনত আমি জিলাসমূহত জিলা ডায়েলাইছিছ কেন্দ্ৰ স্থাপন কৰিছোঁ৷ আৰু দুখীয়াসকলক, মধ্যবিত্ত সকলক, নিম্ন মধ্যবিত্ত সকলক নিঃশুল্ক ডায়েলাইছিছৰ সুবিধা প্ৰদান কৰা হৈছে৷ এই পৰ্যন্ত দেশত প্ৰায় ২৫ লাখ ডায়েলাইছিছ অধিৱেশন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে৷ ডায়েলাইছিছৰ প্ৰতিটো অধিৱেশনত দুখীয়াসকলৰ আঢ়ৈ হাজাৰ, দুজেহাৰ, পোন্ধৰশ টকা পৰ্যন্ত ৰাহি হৈছে৷ ইয়াৰোপৰি স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা এই বেমাৰ প্ৰতিৰোধ কৰাত সহায়ক বিবেচিত হৈছে৷ বিগত বৰ্ষৰ এটা প্ৰতিবেদনত প্ৰাপ্ত তথ্য মতে যিবোৰ গাঁৱত শৌচালয়ৰ প্ৰয়োগ হৈছে, তেনেবোৰ গাঁৱত বিশেষকৈ শিশুসকলৰ বেমাৰ বহুখিনি হ্ৰাস হৈছে৷ এয়াই নহয়, যি গাঁৱত মুক্ত শৌচ বন্ধ হৈছে তেনে গাঁৱৰ পৰিয়ালসমূহত প্ৰায় ৫০ হাজাৰ টকা প্ৰতিবছৰে ৰাহি হৈছে৷ নহলে এই টকাসমূহ পূৰ্বতে পৰিয়ালসমূহৰ চিকিৎসালয়লৈ দৌৰা-দৌৰি কৰি, ঔষধৰ পিছত দৌৰি, চাকৰিৰ পৰা ছুটি আদিতে খৰচ হৈছিল৷

বন্ধুসকল, দৰিদ্ৰতা আৰু বেমাৰৰ কুচক্ৰ ভংগ কৰাৰ বাবে এক বৃহৎ যোজনা অতি সোনকালেই চৰকাৰে প্ৰণয়ন কৰিব৷ মানুহে তাক মোদী কেয়াৰ বুলি কয়, কিছুমানে আয়ুষ্মান ভাৰত বুলি কয় আৰু এই যোজনাৰ অধীনত দেশৰ প্ৰায় ৫০ কোটি দুখীয়া জনতাই পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰাপ্ত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে ক্ষীপ্ৰতাৰে কাম চলি আছে আৰু অতি সোনকালেই চৰকাৰে ইয়াক সমগ্ৰ দেশতে প্ৰণয়ন কৰিব৷ আপোনালোকে কল্পনা কৰক যে যদি এটা পৰিয়ালৰ কোনো ৰোগাক্ৰান্ত হয়, গুৰুতৰ ৰোগ হয় আৰু চৰকাৰে তাৰবাবে পাঁচ লাখ টকা পৰ্যন্ত প্ৰদান কৰি আছে, তেনেহলে সেই পৰিয়ালটোৱে এটা নৱজীৱন পাবনে নাই? সেই পৰিয়ালটোৱে সমস্যাৰ পৰা মুক্তি পাব নে নাই? আৰু সেইবাবে ভাই-ভনীসকল, আয়ুষ্মান ভাৰত যোজনা দেশৰ উজ্বল ভৱিষ্যতৰ বাবে, দেশৰ সুস্থ ভৱিষ্যতৰ বাবে আমি লৈ আহিছোঁ৷

ভাই-ভনীসকল, দুখীয়া, পীড়িত, শোষিত, বঞ্চিত, এওঁলোকৰ পীড়া আৰু চিন্তা দূৰ কৰা, সমস্যাৰ সময়ত তেওঁলোকৰ সৈতে থকা, তেওঁলোকৰ জীৱনক সহজ কৰা আমাৰ চৰকাৰৰ এয়া প্ৰাথমিকতা আৰু ইয়াৰ বাবেই আমি কাম কৰি আছোঁ৷ এই চিন্তাৰ সৈতে এতিয়া দেশৰ দুখীয়াসকলৰ সামাজিক সুৰক্ষাক এক শক্তিশালী কৱচ প্ৰদান কৰা হৈছে৷ এক টকা প্ৰতি মাহত আৰু ৯০ পইচা প্ৰতি দিন, মাহৰ হিচাপত যথেষ্ট নহয়৷ এদিনত ৯০ পইচা, এয়া দুখীয়াৰ বাবেও সমস্যা নহয়৷ এই দৰত প্ৰতিদিনৰ প্ৰিমিয়ামত জীৱন বীমা আৰু দূৰ্ঘটনা বীমাৰ দৰে যোজনা জীৱনত জ্যোতিৰ দৰে কাম কৰিছে৷ নহলে পূৰ্বতে দেশত এটা ধাৰণা আছিল যে বেংকত একাউণ্ট কাৰ হ? মধ্যবিত্তৰ, পঢ়া-শুনা কৰা লোকৰ, ধনী লোকৰ হ, দুখীয়াৰ বাবেতো বেংক হবই নোৱাৰে৷ আমাৰ দেশত এয়া ধাৰণা আছিল যে ঘৰত যদি গেছৰ চুলা থাকে তেন্তে সেয়া ধনী লোকৰ বাবে হ, পঢ়া-শুনা কৰা লোকৰ হ, বাবু লোকৰ হ, দুখীয়াৰ ঘৰততো হবই নোৱাৰে৷ আমাৰ দেশত এটা ধাৰণা আছিল যে ৰুপেকাৰ্ড, কাৰ্ডৰ দ্বাৰা টকাৰ লেনদেন ঘনীৰ ঘৰত হৈছিল, বাবুৰ ঘৰত হৈছিল, দুখীয়াৰ ঘৰততো ৰুপেকাৰ্ড থাকিবই নোৱাৰে৷ আমাৰ দেশৰ চিন্তাধাৰাবোৰ এনে আছিল৷ ভাই-ভনীসকল , আমি ধনী আৰু দুখীয়াৰ এই প্ৰভেদ ভংগ কৰাৰ বাবে নিশ্চিত কৰিছোঁ, দেশৰ এশ পঁচিশ কোটি নাগৰিক সম পৰ্যায়ৰ হব লাগিব৷ বীমাৰ বিষয়ে দুখীয়াই ভাবিব পৰা নাছিল, তেওঁলোকে ভাবিছিল যে ধনীৰ বীমা হব পাৰে, যাৰ গাড়ী আছে তেওঁলোকৰ বীমা হব পাৰে, আমাৰ ওচৰততো চাইকেলেই নাই, আমাৰ বীমা কিদৰে হব পাৰে? এই সকলোবোৰ ভ্ৰান্তি আমি দূৰ কৰিলো আৰু দেশৰ দুখীয়াৰ বাবে ৯০ পইচাৰ বীমা প্ৰণয়ন কৰিলো, মাহত এটকাৰ বীমা প্ৰণয়ন কৰিলো আৰু সংকটৰ সময়ত এই বীমা তেওঁলোকৰ জীৱনত সহায়ক বিবেচিত হৈছে৷ ধনী আৰু দুখীয়া, ডাঙৰ আৰু সৰুৰ মাজত ভেদাভেদ নোহোৱা কৰিবলৈ এটাৰ পিছত এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ পৰিণাম অনাগত দিনসমূহত প্ৰস্ফুটিত হব৷ মোৰ দুখীয়া ভাইসকলে এতিয়া চকুত চকু থৈ কথা কব পাৰিব, তাৰবাবে আমি কাম কৰি আছোঁ৷ উত্তৰ প্ৰদেশৰ ডেৰ কোটিতকৈও অধিক লোক এই দুয়োটা যোজনাৰ সৈতে জড়িত হৈছে৷ এই যোজনাসমূহৰ জৰিয়তে সংকটৰ সময়ত প্ৰায় তিনিশ কোটি টকাৰ দাবী ৰাশি এই পৰিয়ালসমূহে পাইছে৷ মই কেৱল উত্তৰ প্ৰদেশৰ পৰা কৈছোঁ, যদি মোৰ চৰকাৰে এশ কোটিৰো ঘোষণা কৰিলেহেঁতেন তেন্তে এয়া বাতৰি কাকতৰ মুখ্য পৃষ্ঠাৰ মুখ্য বাতৰি হ’লহেঁতেন৷ কিন্তু আমি যোজনাটো এইভাৱে প্ৰস্তুত কৰিলো যে তিনিশ কোটি পৰ্যন্ত প্ৰাপ্ত হ’ল আৰু এনেকুৱা একো ডাঙৰ সংকট চকুত নপৰিল৷ কাম কিদৰে হয়, ব্যৱস্থা কিদৰে পৰিৱৰ্তিত হয় এয়া তাৰ প্ৰত্যক্ষ উদাহৰণ৷

বন্ধুসকল, আপোনালোকৰ যিসকলে এই পৰ্যন্ত এই যোজনাসমূহৰ লাভ আদায় কৰা নাই, আপোনালোকলৈ মোৰ অনুৰোধ যে আপোনালোক এই যোজনাসমূহৰ সৈতে জড়িত হওক, কোনেও নিবিচাৰে যে মা বিন্ধ্যবাসিনীৰ আশীৰ্বাদত আপোনালোকৰ পৰিয়াললৈ কোনো সংকট নাহক, কোনেও নিবিচাৰে, কিন্তু কালৰ গৰ্ভত কি আছে সেয়া কোনে জানে? যদি কোনো সমস্যা আহে এই যোজনা আপোনালোকৰ বাবে সহায়ক বিবেচিত হ’ব, সেইবাবে আমি এই যোজনাৰ প্ৰৱৰ্তন কৰিছো৷ দুখীয়াৰ হিতৰ বাবে যিবোৰ যোজনা চৰকাৰে চলাই আছে, যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইবোৰে দুখীয়াক সৱলীকৰণ কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ স্তৰো পৰিৱৰ্তন কৰিছে৷ অলপতে প্ৰকাশিত এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন অনুসৰি বিগত দুটা বৰ্ষত ভাৰতত.. বাতৰি কাকতত প্ৰকাশিত হ’ব কিন্তু চুক এটাতেই প্ৰকাশিত হ’ব, টিভিতটো বোধকৰো নেদেখুৱাই আৰু সেইবাবে মই কৈছোঁ আপোনালোকে জনসাধাৰণক অৱগত কৰক যে এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত কোৱা হৈছে, যদি এই প্ৰতিবেদন ঋণাত্মক হ’লহেঁতেন তেন্তে সপ্তাহজুৰি ইয়াত চিঞঁৰ-বাখৰ হ’লহেঁতেন, কিন্তু ধনাত্মক হোৱা বাবে কোনেও লক্ষ্য কৰা নাই৷ প্ৰতিবেদন অনুসৰি বিগত দুটা বৰ্ষত ভাৰতত পাঁচ কোটি লোক ভীষণ দৰিদ্ৰ অৱস্থাৰ পৰা বাহিৰলৈ আহিছে৷ কওক, এটা এটা যোজনাৰ পৰিণাম প্ৰত্যক্ষ হৈছে নে নাই হোৱা? আপোনালোক কোনেও নিবিচাৰে নেকি যে দুখীয়াৰ জীৱন পৰিৱৰ্তন হওক? জনতা দৰিদ্ৰ অৱস্থাৰ পৰা মুক্ত হ’ব লাগে নে নাই? আজি তাৰ ফল দেখিবলৈ পাইছোঁ৷ নিশ্চিত ৰূপত ইয়াত চৰকাৰৰ সেই যোজনাসমূহৰো এক বৃহৎ প্ৰভাৱ পৰিছে যি দুখীয়াৰ ব্যয় আৰু তেওঁলোকৰ চিন্তা হ্ৰাস হৈছে৷ নিশ্চয়তাৰ এই ভাৱেই তেওঁলোকক নতুন অৱকাশ প্ৰদান কৰিছে৷ যিদৰে উজ্বলা যোজনা মহিলাসকলক কেৱল ধোঁৱাৰ পৰাই মুক্তি দিয়া নাই, আনকি তেওঁলোকক পৰিয়ালৰ উপাৰ্জনতো সহায় কৰাৰ বাবে সময় প্ৰদান কৰিছে৷ এতিয়া ঘণ্টাজুৰি খৰিৰ চৌকাৰ সন্মুখত বহি থকাৰ পৰা তেওঁলোকে মুক্তি পাইছে৷ উত্তৰ প্ৰজেশত ৮০ লাখতকৈও অধিক মহিলাই উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া গেছৰ সংযোগ প্ৰাপ্ত কৰিছে৷ এইদৰে জন-ধন যোজনাৰ অধীনত উত্তৰ প্ৰদেশত পাঁচ কোটি বেংক একাউণ্ট মুকলি কৰা হৈছে৷ মুদ্ৰা যোজনাৰ অধীনত বেংক গেৰাণ্টী অবিহনে এক কোটিতকৈও অধিক ঋণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ১৮ লাখ ঘৰ, মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ, এই সকলোবোৰে দুখীয়া দৰিদ্ৰ অৱস্থাৰ পৰা বাহিৰলৈ ওলোৱাত সহায় কৰিছে৷

বন্ধুসকল, দুখীয়াক ঔষধ, কৃষকক জলসিঞ্চন, সন্তানৰ শিক্ষা আৰু যুৱপ্ৰজন্মৰ উপাৰ্জন য’ত সুনিশ্চিত হ’ব, য’ত সুবিধা অপাৰ হ’ব আৰু ব্যৱস্থা দুৰ্নীতিবিহীন হ’ব, এনেকুৱা ‘নতুন ভাৰত’ৰ সংকল্প সিদ্ধ কৰাৰ বাবে আমি জড়িত হৈ পৰিছোঁ৷ আজি যিবোৰ যোজনাৰ উচৰ্গা আৰু আধাৰশিলা স্থাপন ইয়াত হৈছে, তাৰবাবে আপোনালোকক অনেক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ উত্তৰ প্ৰদেশ এইদৰেই বিকাশৰ পথত থাকক ইয়াৰ বাবে যোগী মহোদয়, উত্তৰ প্ৰদেশত তেওঁৰ চৰকাৰ, তেওঁৰ সকলো সদস্য, তেওঁৰ দলত প্ৰতিটো যোজনা সফলতাপূৰ্বকভাৱে আগবঢ়াই নিয়াৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ বহুত বহুত শুভকামনা জনাইছোঁ আৰু মই পুনৰ বাৰ মা বিন্ধ্যবাসিনীৰ সেই প্ৰসাদ পানীৰ টোপাল-টোপালভাৱে ব্যৱহাৰ কৰিবলৈ যাতে নাপাহৰে এয়া পুনৰ দোহাৰিছোঁ? আপোনালোকে ইমান বৃহৎ সংখ্যাত ইয়ালৈ আহিলে, ইমান গৰমত ইয়ালৈ আহিলে৷ আপোনালোকে মোক আৰু আমাক সকলোকে আশীৰ্বাদ দিলে, ইয়াৰ বাবে মই আপোনালোকক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মোৰ সৈতে হাত মুঠি মাৰি পূৰ্ণ শক্তিৰে কওক- ভাৰত মাতা কী জয়৷ ভাৰত মাতা কী জয়৷ ভাৰত মাতা কী জয়৷

বহুত বহুত ধন্যবাদ৷        

एक के टी / वी जे / तारा/MANN


(Release ID: 1540605) Visitor Counter : 134
Read this release in: English , Marathi , Gujarati , Tamil