কেবিনেট

ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত আঞ্চলিক অসামৰিক পৰিবহণৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 18 JUL 2018 5:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰ-ক্ৰমে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আঞ্চলিক অসামৰিক পৰিবহণৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে অনুমোদন জনায়।

অসামৰিক পৰিবহণৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে এক প্ৰতিষ্ঠানগত আন্তঃগাঁথনি গঢ়ি তাৰ জৰিয়তে ব্ৰিকছ ৰাষ্ট্ৰসমূহ উপকৃত হোৱাটোৱেই ইয়াৰ মুল বৈশিষ্ট্য। এই চুক্তিয়ে ৰাষ্ট্ৰসমূহৰ মাজত চৰকাৰী নীতি আৰু আঞ্চলিক সেৱাৰ উন্নত অনুশীলন, আঞ্চলিক বিমানবন্দৰ, বিমানবন্দৰ আন্তঃগাঁথনি ব্যৱস্থাপনা আৰু এয়াৰ নেভিগেছন ছাৰ্ভিচ, নিয়ামক সংস্থাসমূহৰ মাজত কাৰিকৰী সহযোগিতা, অভিনৱ উদ্ভাৱন, বিশ্বজনীন প্ৰচেষ্টাসমূহকে ধৰি বহনক্ষম পৰিৱেশ, যোগ্যতা আৰু প্ৰশিক্ষণৰ লগতে অন্যান্য পাৰস্পৰিক ক্ষেত্ৰত সহযোগিতা আগবঢ়াব।

এই বুজাবুজি চুক্তি ভাৰত আৰু ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত অসামৰিক খণ্ডৰ সম্পৰ্কৰ মাইলৰ খুঁটি হৈ পৰাৰ লগতে বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু সাংস্কৃতি বিনিময়ৰ দিশতো ব্যাপক সক্ষমতাৰো সৃষ্টিত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হব।

*****

AKT/SNC/SH/DB



(Release ID: 1539288) Visitor Counter : 61