প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছিংগাপুৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতি

Posted On: 01 JUN 2018 12:47PM by PIB Guwahati

মান্যবৰ

প্ৰধানমন্ত্ৰী

লী ছিয়ন লুং,

অভ্যাগত অতিথিবৃন্দ,

সংবাদমাধ্যমৰ প্ৰতিনিধিসকল,

জয়জয়তে মই প্ৰধানমন্ত্ৰী লীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেঁওৰ আতিথ্য আৰু সৌহাৰ্দ্যৰ কাৰণে। ভাৰতৰ সৈতে সম্পৰ্ক মজবুত কৰিবলৈ তেঁও কৰা প্ৰচেষ্টাৰ বাবে। লগতে আপোন বন্ধুত্বৰ বাবেও।

ভাৰত-ছিংগাপুৰৰ সম্পৰ্ক সঁচা অৰ্থত সামৰিক বুজাপৰাৰ  মাজেৰে চলি আছে। আমাৰ সম্পৰ্কত কোনো অসহজতা নাই, বৰং আছে উষ্ণতা, সৌহাৰ্দ্য আৰু বিশ্বাস। আজিৰ আমাৰ বাৰ্তালাপত প্ৰধানমন্ত্ৰী লী আৰু আৰু মই লগ হৈ আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰগতি সম্বন্ধে বিশ্লেষণ কৰিলো আৰু ভৱিষ্যতৰ কৰ্মপন্থাৰ বিষয়েও আলোচনা কৰিলো।

আমাৰ সামগ্ৰিক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ দ্বিতীয়লানি আলোচনা সম্পূৰ্ণ হোৱাক লৈ মই বিশেষভাৱে সুখী হৈছো। কিন্তু আমি দুয়ো এই কথাত একমত যে দ্বিতীয়লানি আলোচনাই আমাৰ লক্ষ্য নহয়, এয়া এটা পৰ্যায় হে। আমাৰ অধিকাৰীয়ে অনতিপলমেই এই বুজাপৰাক আৰু অধিক উন্নত কৰিবলৈ আলোচনা আৰম্ভ কৰিব।

ভাৰতৰ বাবে ছিংগাপুৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ এটা গুৰুত্বপূৰ্ণ স্ৰোত। তদুপৰি ভাৰতৰ দ্বাৰা বিদেশত হ’বলগীয়া বিনিয়োগৰ ক্ষেত্ৰত আমাৰ বাবে শীৰ্ষ লক্ষ্যস্থান। মই এইবাবে সুখী যে ভাৰতীয় কোম্পানীসমূহে আছিয়ান (ASEAN)ক্ষেত্ৰ তথা অন্য দেশৰ বাবে ছিংগাপুৰক এক গতিক্ষেত্ৰ হিচাপে গণ্য কৰে।ছিংগাপুৰৰ কোম্পানীসমূহৰ দ্বাৰা ভাৰতত বিনিয়োগ বৃদ্ধি পাই গৈ আছে।ভাৰতৰ উন্নতিয়ে ছিংগাপুৰক ইয়াৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বাবে অতুলনীয় সুযোগ দিয়ে। কালি বিয়লি ছিংগাপুৰৰ গুৰুত্বপূৰ্ণ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত বহাৰ সময়ত ভাৰতৰ প্ৰতি তেঁওলোকৰ বিশ্বাস প্ৰত্যক্ষ কৰি মই বহুত সুখী হৈছো।

ভাৰত আৰু ছিংগাপুৰৰ মাজত বিমান চলাচল দ্ৰুতগতিৰে বৃদ্ধি পাব লাগিছে। দুয়ো পক্ষই শীঘ্ৰেই দ্বিপাক্ষিক বিমান সেৱা চুক্তিৰ সমীক্ষা আৰম্ভ কৰিব।

আমি দুয়োজনে নিজৰ ডিজিটেল অংশীদ্বাৰিত্ব আৰম্ভ হোৱাক লৈ অত্যন্ত সুখী। এয়া অপৰিসীম সম্ভাৱনাৰ লগতে প্ৰাকৃতিক অংশীদাৰীত্বৰো  ক্ষেত্ৰ।কালি বিয়লি ছিংগাপুৰত RuPay,BHIM আৰু UPI-আধাৰিত ধন প্ৰেৰণ কৰিব পৰা এপসমূহৰ আন্তঃৰাষ্ট্ৰীয় মুকলিকৰণে আমাৰ অংশীদাৰীত্বৰ নতুন চিন্তাধাৰাকেই দৰ্শাইছে।ডিজিটেল ইণ্ডিয়াৰ দ্বাৰা আমি ভাৰতত এক তথ্য কেন্দ্ৰ নীতি তৈয়াৰ কৰিম।

আজি মই নায়ং টেকন’ল’জী ইউনিভাৰ্ছিটীত বহুতো বুজাপৰা হোৱা প্ৰত্যক্ষ কৰিম, যিবোৰে উচ্চ শিক্ষা, বিজ্ঞান-প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশত আমাৰ সহযোগ আৰু অধিক বঢ়াব। দক্ষতা বৃদ্ধি, পৰিকল্পনা আৰু নগৰীয়া উন্নয়নৰ ক্ষেত্ৰত আমাৰ সহযোগত বেছ প্ৰগতি হৈছে।

আমি ভাৰতৰ ১১৫ খন অভিলাষী জিলাত পানীৰ বাবে নতুন দিশৰ সূচনা হোৱা দেখিছো। আাজি আৰু কালি আমি কৰা চুক্তিসমূহে এই সহযোগক এক নতুন স্তৰলৈ লৈ যাব। এই গ্ৰামীণ ক্ষেত্ৰসমূহে ভাৰতৰ যুৱচামক লাভৱান্বিত কৰিব ।

আমি আমাৰ সামৰিক বুজপৰাত প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ গুৰুত্বৰ ওপৰত জোৰ দিছো। এই সম্পৰ্কসমূহৰ অহৰহ বৃদ্ধিক আমি আদৰণি জনাইছো।SIMBEX ৰ ২৫ বৰ্ষ পূৰ্তিত মই ভাৰত আৰু ছিংগাপুৰৰ নৌসেনাসকললৈ মই অভিনন্দন যাচিছো। শীঘ্ৰেই আমি ত্ৰিপাক্ষিক নৌসেনা অনুশীলন আৰম্ভ কৰিম। বাৰে-বাৰে হ’বলগীয়া নৌসৈনিক অনুশীলন তথা নৌসৈনিক সহযোগৰ প্ৰতি লক্ষ্য ৰাখি নৌসেনাৰ মাজত সৈন্য সঞ্চালন সম্পৰ্কীয় চুক্তি সম্পন্ন হোৱাৰ বাবেও মই আদৰণি জনাইছো।

আগন্তুক সময়ত চাইবাৰ নিৰাপত্তা আৰু উগ্ৰপন্থা তথা সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাটো আমাৰ সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ’ব। আমি উভয়েই নিজ নিজ দেশৰ বাবে এই ক্ষেত্ৰসমূহক সবাতোকৈ ডাঙৰ বিপদ হিচাপে গণ্য কৰি আহিছো।

প্ৰধানমন্ত্ৰী লী আাৰু মই বিশ্বজনীন তথা আঞ্চলিক প্ৰত্যাহ্বান প্ৰতি লক্ষ্য ৰাখি নিজৰ নিজৰ চিন্তা আগবঢ়াই লৈ গৈছো। আমি দুয়ো সামুদ্ৰিক নিৰাপত্তা সম্পৰ্কে কৰা নিজ নিজ সিদ্ধান্তভিত্তিক বিবেচনা পুনৰবাৰ গমিপিতি চাইছো আৰু নীতি আধাৰিত নিৰ্দেশৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখুৱাইছো।

আমি মুকলি, স্থিৰ, আৰু উচিত আন্তঃ ৰাষ্ট্ৰীয় বাণিজ্য নীতি বাহাল ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো সহমত ব্যক্ত কৰিছো।

মই আছিয়ান (ASEAN)ৰ নেতৃত্ব প্ৰদানকাৰী সংস্থাসমূহৰ মাধ্যমেৰে আছিয়ান এৈক্যৰ মহত্ব, ইয়াৰ কেন্দ্ৰীয় বা ক্ষেত্ৰীয় স্থিৰতা বৃদ্ধি কৰাৰ গুৰুত্বৰ ওপৰতো জোৰ দিছো। মই RECP বুজাপৰা তৎকালে হোৱাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় প্ৰতিবদ্ধতাৰ বিষয়েও কৈছো তথা উচিত, সন্তুলিত আৰু ব্যাপক চুক্তিৰ আশা ব্যক্ত কৰিছো।

আজি বিয়লি হ’বলগীয়া ছাংগ্ৰি লা চুক্তিত মই ইণ্ডো-পেচিফিক ক্ষেত্ৰত শান্তি আৰু সমৃদ্ধি সম্পৰ্কে ভাৰতীয় দৃষ্টিকোণৰ পৰা নিজস্ব অভিব্যক্তি প্ৰকাশ কৰিব বিচাৰো।ছাংগ্ৰি লা চুক্তিৰ বাবে আমন্ত্ৰণ জনোৱা বাবে প্ৰধানমন্ত্ৰী লীক ধন্যবাদ জনাবলৈকো বিচাৰো।

মই  প্ৰধানমন্ত্ৰী লী আৰু তেঁওৰ পাৰিষদবৰ্গক পৰিবৰ্তনকামী নেতৃত্বৰ বাবে মোৰ শুভকামনা জনাইছো। মই জানো ছিংগাপুৰৰ নতুন নেতাগৰাকীয়ে নিজৰ চমকপ্ৰদ শাসনকাল বৰ্তাই ৰাখিব।লগতে এই মহান দেশখনক জনসেৱাৰ সেই ভাৱনা তথা পৰম্পৰাৰে সৈতে আগবঢ়াই নিব।

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

 

*****

AKT/ S H/SK


(Release ID: 1538571) Visitor Counter : 121
Read this release in: English , Urdu , Marathi