কেবিনেট

প্ৰব্ৰজন আৰু স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপন আঁচনিত কেবিনেটৰ অনুমোদন

Posted On: 04 JUL 2018 2:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰব্ৰজন আৰু স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপন আঁচনিৰ অধীনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পূৰ্বৰ ৮খন আঁচনি ২০২০ চনলৈকে বাহাল ৰাখিবলৈ অনুমোদন জনায়।

ইয়াৰ বাবে ২০১৭-১৮ৰ পৰা ২০১৯-২০ বৰ্ষলৈ সৰ্বমুঠ ৩,১৮৩ কোটি টকা প্ৰয়োজন হব। সেই হিচাপে ২০১৭-১৮ বৰ্ষত ৯১১ কোটি, ২০১৮-১৯ বৰ্ষত ১,৩৭২ কোটি আৰু ২০১৯-২০ বৰ্ষত ৯০০ কোটি টকা ধাৰ্য কৰা হৈছে।

এই আঁচনিয়ে শৰণাৰ্থী, বিতাৰিত ব্যক্তি, সন্ত্ৰাসবাদী/সাম্প্ৰদায়িক সংঘৰ্ষ/মাওবাদীৰ হিংসাত্মক কাৰ্যকলাপত পীড়িত নিৰীহ লোক আৰু সীমান্তত গুলীয়া-গুলি আৰু ভাৰত ভূমিত বোমা তথা আইইডি বিস্ফোৰণৰ ঘটনা আৰু গোষ্ঠী সংঘৰ্ষত পীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব। বর্তমান ৮খন আঁচনিয়ে কাৰ্যকৰী অৱস্থাত আছে আৰু প্রয়োজনত সকলোকে ইয়াৰ সুযোগ-সুবিধা প্ৰদান কৰা হব।

এই আঁচনিৰ অধীনত পাকিস্তান অধ্যূষিত জম্মু আৰু কাশ্মীৰৰ পৰা বিতাৰিত লোকসকলক কেন্দ্ৰৰ তৰফৰ পৰা এককালীন সাহায্যৰ লগতে জম্মু আৰু কাশ্মীৰত চাম্বসকলক সংস্থাপন দিয়া, ভাৰত আৰু বাংলাদেশৰ মাজত স্বাক্ষৰিত ভূমি চুক্তিৰ পাছত দুয়ো দেশৰ ছিটমহলত ৰৈ যোৱা লোকসকলৰ পুনৰ সংস্থাপন আৰু আন্তঃগাঁথনি উন্নয়ন, তামিলনাডু আৰু ওড়িশাৰ শিৱিৰত থকা শ্ৰীলংকাৰ শৰণাৰ্থীসকলক সাহায্য প্ৰদান, ত্ৰিপুৰাৰ সাহায্য শিৱিৰত থকা ব্ৰুসকলক ৰক্ষণাবেক্ষণৰ বাবে ত্ৰিপুৰা চৰকাৰক অনুদান আগবঢ়োৱা, ত্ৰিপুৰা আৰু মিজোৰামৰ ব্ৰু/ৰিয়াং পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষত নিহত লোকসকলৰ বিপৰীতে তেওঁলোকৰ আত্মীয়ক ৫ লাখকৈ সাহায্য প্ৰদান কৰা আৰু সীমান্তত গুলীয়া-গুলি আৰু ভাৰত ভূমি বোমা তথা আইইডি বিস্ফোৰণৰ ঘটনা আৰু গোষ্ঠী সংঘৰ্ষত পীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় পুঁজিৰ সাহায্য আগবঢোৱা ইত্যাদি দিশবোৰ সামৰি লৈছে।

******

AKT/VBA/SH/DB



(Release ID: 1538213) Visitor Counter : 70