প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭ জুলাই ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ

Posted On: 07 JUL 2018 10:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ জুলাই ২০১৮ তাৰিখে ৰাজস্থানৰ জয়পুৰ ভ্ৰমণ কৰিব৷

এখন বৃহৎ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীগৰাকী ভাৰত চৰকাৰ তথা ৰাজস্থান চৰকাৰৰ বিভিন্ন আঁচনিৰ ১২ গৰাকী হিতাধিকাৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ এক অডিঅ’-ভিজুৱেল উপস্থাপনৰ সাক্ষী হৈ ৰব৷ উক্ত উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হব৷

 এই আঁচনিসমূহত উপলব্ধ আছেঃ

  • প্ৰধানমন্ত্ৰী উজ্বলা যোজনা
  • প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা
  • প্ৰধানমন্ত্ৰী আৱাস যোজনা
  • স্কিল ইণ্ডিয়া
  • ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম
  • মুখ্যমন্ত্ৰী ৰাজশ্ৰী যোজনা
  • ভামাশ্বাহ স্বাস্থ্য বীমা যোজনা
  • মুখ্যমন্ত্ৰী জল স্বাৱলম্বন অভিযান
  • শ্ৰমিক কল্যাণ কাৰ্ড
  • মুখ্যমন্ত্ৰী পালনহাৰ যোজনা
  • ছাত্ৰ স্কুটি বিতৰণ যোজনা
  • দীন দয়াল উপাধ্যায় বৰিষ্ঠ নাগৰিক তীৰ্থ যাত্ৰা যোজনা

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুঠ ২১০০ কোটি টকাৰ ১৩টা নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ এইসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটা হলঃ

  • উদয়পুৰৰ দেৱাল চহৰৰ বাবে সংবদ্ধ আন্তঃগাঁথনি পেকেজ
  • আজমেৰৰ বাবে উৎকৃষ্ট পথৰ প্ৰকল্প
  • আজমেৰ, ভিলৱাৰা, বিকানেৰ, হনুমানগড়, শিকৰ আৰু মাউণ্ট আবুৰ বাবে পানী যোগান আৰু নৰ্দমা প্ৰকল্প
  • ঢোলপুৰ, নাগপুৰ, আলৱাৰ আৰু যোধপুৰৰ এছটিপিৰ উন্নীতকৰণ
  • বুন্দি, আজমেৰ আৰু বিকানেৰৰ জিলাসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত প্ৰকল্প
  • দুশেৰা মৈদান (পৰ্যায় ২), কোটা

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ সন্মুখতো ভাষণ প্ৰদান কৰিব৷

***

AKT/SH/SK/MANN



(Release ID: 1538204) Visitor Counter : 65