কেবিনেট

দিল্লী কেণ্টৰ কান্ধাৰ লাইনছত ৪ নম্বৰ কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ৪ একৰ প্ৰতিৰক্ষা ভূমি লীজত হস্তান্তৰ কৰাত কেবিনেটে অনুমোদন জনাইছে

Posted On: 04 JUL 2018 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দিল্লী কেণ্টৰ কান্ধাৰ লাইনছত ৪ নম্বৰ কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ৪ একৰ প্ৰতিৰক্ষা ভূমি বছৰি ১ পইচাৰ এক নূন্যতম ভাড়াত লীজত হস্তান্তৰ কৰাত অনুমোদন জনাইছে৷

পটভূমিঃ

১৯৯৪ চনত প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা ৪ নম্বৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কাম-কাজ দিল্লী কেণ্টৰ ছাৰ্ভে নম্বৰ ১৪ত অস্থায়ীভাৱে চলি আছে৷ বৰ্তমান বিদ্যালয়খনত ৯৫৬ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে৷ নিজস্ব স্থায়ী ভৱন নিৰ্মাণে বিদ্যালয়খনক এক উপযুক্ত আৰু আৰামদায়ক শৈক্ষিক পৰিৱেশ প্ৰদান কৰিব৷ লগতে চৰকাৰী চাকৰিয়াল, প্ৰাক্তন সেনা বিষয়াৰ পৰিয়ালৰ সন্তান আৰু দিল্লী কেণ্ট আৰু ইয়াৰ নিকটৱৰ্তী শিক্ষাৰ্থীসকলৰ স্কুলীয়া শিক্ষাৰ বাবে সকলো প্ৰয়োজনীয় সা-সুবিধা স্থায়ী ভৱনত উপলব্ধ হ’ব৷

****

AKT/VBA/SH/MS



(Release ID: 1537791) Visitor Counter : 90