প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যুৱ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 JUL 2018 6:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত চৰকাৰ বিভিন্ন বিভাগত সহকাৰী সচিব হিচাপে নিযুক্তি দিয়া ১৭০গৰাকী যুৱ প্ৰশাসনিক বিষয়াৰ সৈতে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক তেওঁলোকৰ প্ৰশিক্ষণৰ সময়ত হোৱা অভিজ্ঞতাবোৰ সদৰি কৰিবলৈ উৎসাহ যোগায়। তেওঁ বিষয়াসকলৰ সৈতে জন অংশীদাৰ, তথ্য প্ৰবাহ, সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু প্ৰশাসনৰ প্ৰতি মানুহৰ বিশ্বাসকে ধৰি কেতবোৰ সু-প্ৰশাসনৰ উপাদান সন্দৰ্ভত আলোচনা কৰে।
আলোচনাত গ্ৰাম স্বৰাজ অভিযান আৰু আয়ুষ্মান ভাৰত দৰে প্ৰশাসনিক প্ৰচেষ্টাসমূহেও স্থান লাভ কৰে।
এই উপলক্ষে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ লগতে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।
***
AKT/VJ/SK/DB
(ৰিলিজ আই ডি : 1537787)
অতিথি কক্ষ : 98