কেবিনেট

কেবিনেটৰ ত্ৰিপুৰাৰ আগৰতলা বিমানবন্দৰৰ নাম পৰিৱৰ্তন কৰি মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ বিমানবন্দৰ, আগৰতলা নামাকৰণ কৰাত অনুমোদন

Posted On: 04 JUL 2018 2:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ত্ৰিপুৰাৰ আগৰতলাৰ বিমানবন্দৰৰ নাম পৰিৱৰ্তন কৰি মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ বিমানবন্দৰ, আগৰতলা হিচাপে নামাকৰণ কৰাত অনুমোদন প্ৰদান কৰিছে৷ এই সিদ্ধান্ত ত্ৰিপুৰাৰ জনসাধাৰণৰ দীৰ্ঘদিন ধৰি চলি অহা দাবী তথা ত্ৰিপুৰা চৰকাৰৰ দ্বাৰা মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে৷

পৃষ্ঠভূমিঃ

মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ ১৯২৩ চনত ত্ৰিপুৰা ৰাজ্যৰ ৰজা হয়৷ তেওঁ এজন বিদ্বান আৰু বিক্ৰমী শাসক আছিল৷ মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰৰ দ্বাৰা দান কৰা ভূমিত ১৯৪২ চনত আগৰতলা বিমানবন্দৰৰ নিৰ্মাণ কৰা হৈছিল৷ তেওঁ এজন দূৰদৃষ্টিসম্পন্ন শাসক আছিল আৰু সমগ্ৰ বিশ্বৰ যাত্ৰা কৰিছিল তথা ত্ৰিপুৰাৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল৷ তেওঁৰ প্ৰয়াসৰ ফলতেই আগৰতলাত এক এৰোড্ৰমৰ নিৰ্মাণ হল যি বৰ্তমান পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বিতীয় সৰ্বব্যস্ত বিমানবন্দৰ৷ ই ত্ৰিপুৰাক আকাশী পথেৰে সংযোজিত কৰিছে৷ সেইবাবে তেওঁৰ নামানুসৰি আগৰতলা বিমানবন্দৰৰ নাম ৰখা হৈছে আৰু ইয়াৰ জৰিয়তে মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হৈছে৷

****

AKT/VBA/SH/MANN



(Release ID: 1537780) Visitor Counter : 74