প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰী; মোহনপুৰা জলসিঞ্চন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত

Posted On: 23 JUN 2018 2:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোহনপুৰা জলসিঞ্চন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ এই প্ৰকল্পই ৰাজগড় জিলাৰ কৃষি পথাৰত জলসিঞ্চনৰ সুবিধা আগবঢ়াব৷ ইয়ে অঞ্চলটোৰ বাসিন্দালৈ খোৱাপানীও যোগান ধৰিব৷ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন খোৱা পানী আঁচনিৰো আধাৰশিলা স্থাপন কৰিব৷

মোহনপুৰাত এক বৃহৎ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ ৰাষ্ট্ৰ সদায় নিজৰ শক্তি আৰু প্ৰচেষ্টাৰ বলতহে সুৰক্ষিত হয় বুলি ড০ মুখাৰ্জীয়ে কোৱা বাৰ্তা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঔদ্যোগিক নীতি, শিক্ষা আৰু মহিলা সৱলীকৰণ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত ড০ মুখাৰ্জীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ তেওঁ উল্লেখ কৰে যে ড০ মুখাৰ্জীয়ে শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাত সৰ্বাধিক গুৰুত্ব দিছিল৷ স্কিল ইণ্ডিয়া মিছন, স্মাৰ্ট আপ ইণ্ডিয়া, মুদ্ৰা যোজনা আৰু মেক ইন ইণ্ডিয়া আদিৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহত ড০ মুখাৰ্জীৰ সপোন সোমাই আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজগড় জিলা হ’ল কেন্দ্ৰীয় চৰকাৰে চিনাক্ত কৰা আকাংক্ষিত জিলাসমূহৰ অন্যতম আৰু ইয়াৰ উন্নয়নমূলক কাম এতিয়াৰে পৰা ক্ষিপ্ৰ গতিত আৰম্ভ হ’ব৷ দেশৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২১ শতিকাত ভাৰতবৰ্ষক সফলতাৰ নতুন শিখৰলৈ নিয়াৰ দিশত বলিষ্ঠভাৱে কাম কৰি আছে৷ কৃষি খণ্ডৰ উন্নয়নৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ জলসিঞ্চনযুক্ত অঞ্চল বৃদ্ধি হোৱা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই আগুৱাব৷ প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ অধীনত ৰাজ্যত ১৪ টা প্ৰকল্প ৰূপায়ন কৰহা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ ক্ষুদ্ৰ জলসিঞ্চনতো গুৰুত্ব আৰোপ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছইল হেল্থ কাৰ্ড, ফচল বীমা যোজনা, ই-নাম আদিৰ দৰে কেন্দ্ৰই ৰূপায়ন কৰা বিভিন্ন কৃষি আঁচনিৰ কথা আলোচনা কৰে৷ তেওঁ উজ্জ্বলা যোজনা আৰু মুদ্ৰা যোজনাৰ লাভালাভ সন্দৰ্ভতো মত ব্যক্ত কৰে৷

***

AKT/HS/MS



(Release ID: 1537103) Visitor Counter : 97