কেবিনেট

ভাৰত আৰু ভিয়েটনামৰ মাজত যুটীয়া ডাক টিকট প্ৰকাশৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তি কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 13 JUN 2018 6:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতীয় ডাক বিভাগ আৰু ভিয়েটনামৰ ডাক বিভাগৰ মাজত যুটীয়া ডাক টিকট প্ৰকাশৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়।

ডাক বিভাগ, যোগাযোগ মন্ত্ৰালয় আৰু ভিয়েট নাৰা ডাক বিভাগে পৰস্পৰে ভাৰত-ভিয়েটনামৰ পুৰণি ভাস্কৰ্য শীৰ্ষক বিষয়বস্তুক লৈ যুটীয়াভাৱে ডাক টিকট প্ৰকাশ কৰিবলৈ সহমত প্ৰকাশ কৰে। ২৫-০১-২০১৮ত এই যুটীয়া ডাক টিকটটো মুকলি কৰা হয়।

ভাৰত-ভিয়েটনামৰ যুটীয়া স্মাৰক ডাক টিকটত ভাৰতৰ সাঁচী ষ্টুপ আৰু ভিয়েটনামৰ ফো মিনহ বৌদ্ধ মন্দিৰৰ ছবি প্ৰকাশ কৰা হৈছে। ভাৰতৰ ডাক প্ৰশাসন আৰু ভিয়েটনামৰ ডাক বিভাগৰ মাজত এই বিষয়টো লৈ ১৮-১২-১০১৭ত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।

*****

AKT/VBA/DB


(ৰিলিজ আই ডি : 1535737) অতিথি কক্ষ : 116
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Gujarati , Tamil , Malayalam