প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰ সৈতে কাইলৈ মতবিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Posted On: 05 JUN 2018 5:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰ সৈতে মতবিনিময় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কৈছে—‘কাইলৈ পুৱা ৯.৩০ বজাত মই দেশৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰ সৈতে মত-বিনিময়ত ভাগ ল’ম৷ এই মত-বিনিময়ৰ জৰিয়তে মই যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীসকলৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপৰ এক সুৱৰ্ণ সুযোগ লাভ কৰিম৷

ভাৰতবৰ্ষ এতিয়া ষ্টাৰ্ট-আপ আৰু নতুন আৱিষ্কাৰৰ কেন্দ্ৰস্থল হৈ পৰিছে৷ ভাৰতীয় যুৱ প্ৰজন্মই আধুনিক আৰু অভিনৱ চিন্তাৰে স্বাৱলম্বী হৈ উঠিছে৷ কাইলৈৰ মত-বিনিময়ত বহুতো আগশাৰীৰ উদ্ভাৱন কেন্দ্ৰ আৰু মেৰামতি লেব’ৰটৰীৰ উদীয়মান উদ্ভাৱকে অংশ ল’ব৷  

মই বিশেষকৈ দেশৰ যুৱ প্ৰজন্মক কাইলৈৰ মত-বিনিময়ত অংশ ল’বলৈ আহ্বান জনাইছো৷ এয়া শিকা, নিজকে বিকশিত কৰা আৰু অনুপ্ৰেৰণা লাভৰ এক অভিনৱ পন্থা৷ আপোনালোকে ‘নৰেন্দ্ৰ মোদী মোবাইল এপ’ অথবা ‘@ডিডিনিউজলাইভ’ৰ মাধ্যমেৰে ইয়াক উপভোগ কৰিব পাৰিব, দিহা-পৰামৰ্শ দিব পাৰিব আৰু ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব পাৰিব৷"


****

AKT/HS/MS



(Release ID: 1534999) Visitor Counter : 56