প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইএনএছভি তাৰিণীৰ নাৱিকাৰ দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 23 MAY 2018 2:19PM by PIB Guwahati

আইএনএছভি তাৰিণী নামৰ সমুদ্ৰ জাহাজেৰে সফলতাৰে পৃথিৱী পৰিভ্ৰমণ কৰা ৬ গৰাকী মহিলা নাৱিকাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে৷

নাৱিকা সাগৰ পৰিক্ৰমা নামৰ এই অভিযান হ’ল ভাৰতীয় মহিলা নাৱিকাৰদ্বাৰা প্ৰথমটো বিশ্ব প্ৰদক্ষিণ যাত্ৰা৷

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাকালত নাৱিকাৰ দলটোৱে অভিযানৰ বিভিন্ন দিশ, তেওঁলোকৰ প্ৰস্তুতি, প্ৰশিক্ষণ আৰু ভ্ৰমণৰ সময়ৰ অভিজ্ঞতাক লৈ এক প্ৰেজেণ্টেচন দাঙি ধৰে৷

প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ সফলতাৰ বাবে নাৱিকাৰ দলটোক অভিনন্দন জ্ঞাপন কৰে৷ ভ্ৰমণৰ সময়ছোৱাত লাভ কৰা অনন্য অভিজ্ঞতাসমূহ লিপিবদ্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নাৱিকাসকলক আহ্বান জনায়৷ নৌসেনা ষ্টাফৰ মুৰব্বী নৌসেনাপতি সুনীল লানবাও অনুষ্ঠানত উপস্থিত আছিল৷

উল্লেখ্য যে এই অভিযানৰ নেতৃত্ব দিছিল লেফটেনেণ্ট কমাণ্ডাৰ ভাৰ্টিকা যোশীয়ে৷ তেওঁৰ সৈতে আছিল লেফটেনেণ্ট কমাণ্ডাৰ প্ৰতিভা জামৱাল, পি স্বাতী আৰু লেফটেনেণ্ট এছ বিজয়া দেৱী, বি ঐশ্বৰ্য আৰু পায়েল গুপ্তা৷

*****

AKT/VJ/SBP/MS



(Release ID: 1533942) Visitor Counter : 74