প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লেহত প্ৰধানমন্ত্ৰী; ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ; ফলক মুকলিৰে ঝজিলা সুৰংগৰ শুভাৰম্ভ

Posted On: 19 MAY 2018 3:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ দিনজোৰা ভ্ৰমণসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে লেহত উপস্থিত হয়৷

লেহত অনুষ্ঠিত ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত তেওঁ উপস্থিত থাকে৷ একেটা অনুষ্ঠানতে তেওঁ এখন ফলক মুকলিৰে ঝ’জিলা সুৰংগৰ কাম শুভাৰম্ভ কৰে৷

১৪ কিলোমিটাৰ দৈৰ্ঘৰ ঝ’জিলা সুৰংগ হব দেশৰ সবাতোকৈ দীঘল পথ সুৰংগ আৰু এছিয়াৰ সবাতোকৈ দীঘল দ্বি-নিৰ্দেশক সুৰংগ৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট বৈঠকে চলিত বৰ্ষৰ আৰম্ভণিতে এই সুৰংগৰ নিৰ্মাণ, সঞ্চালন আৰু ৰক্ষণাবেক্ষণত অনুমোদন দিছিল৷ এনএইচ-১এৰ শ্ৰীনগৰ-লেহ খণ্ডৰ বালটাল আৰু মিনামাৰ্গৰ মাজত স্থাপন হ’বলগীয়া সুৰংগটোৰ বাবে মুঠ ৬৮০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই সুৰংগই শ্ৰীনগৰ, কাৰ্গিল আৰু লেহৰ মাজত যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিব আৰু ঝ’জিলা অতিক্ৰম কৰোতে বৰ্তমান প্ৰয়োজন হোৱা চাৰে তিনি ঘণ্টাৰ সময় মাত্ৰ ১৫ মিনিটলৈ হ্ৰাস কৰিব৷ ইয়ে এই অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক একীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ কৌশলগত দিশৰ পৰাও ইয়াৰ অত্যন্ত গুৰুত্ব থাকিব৷

অনুষ্ঠানত উপস্থিত জনগণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ অৱদানক স্মৰণ কৰে৷ আনৰ সেৱাৰ বাবে তেওঁ জীৱন উৎসৰ্গা কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত জম্মু আৰু কাশ্মীৰৰ তিনিটাকৈ স্থান ভ্ৰমণ কৰি অত্যন্ত সুখী বুলি উল্লেখ কৰে৷

তেওঁ কয় যে জম্মু আৰু কাশ্মীৰ ৰাজ্যই ২৫,০০০ কোটি মূল্যৰ উন্নয়নমূলক প্ৰকল্প লাভ কৰিব৷ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত ইতিবাচক প্ৰভাৱ পেলাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে৷

***

AKT/HS/MS



(Release ID: 1533941) Visitor Counter : 69


Read this release in: English , Marathi , Tamil , Kannada