প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৯ মে’ত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 MAY 2018 5:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ মে’ত দিনজোৰা কাৰ্যসূচীৰে জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে লেহত অনুষ্ঠিত হ’বলগীয়া ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব৷ একেটা অনুষ্ঠানতে তেওঁ এখন ফলক মুকলিৰে ঝ’জিলা সুৰংগৰ কাম শুভাৰম্ভ কৰিব

১৪ কিলোমিটাৰ দৈৰ্ঘৰ ঝ’জিলা সুৰংগ হ’ব দেশৰ সবাতোকৈ দীঘল পথ সুৰংগ আৰু এছিয়াৰ সবাতোকৈ দীঘল দ্বি-নিৰ্দেশক সুৰংগ৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট বৈঠকে চলিত বৰ্ষৰ আৰম্ভণিতে এই সুৰংগৰ নিৰ্মাণ, সঞ্চালন আৰু ৰক্ষণাবেক্ষণত অনুমোদন দিছিল৷ এনএইচ-১এৰ শ্ৰীনগৰ-লেহ খণ্ডৰ বালটাল আৰু মিনামাৰ্গৰ মাজত স্থাপন হ’বলগীয়া সুৰংগটোৰ বাবে মুঠ ৬৮০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই সুৰংগই শ্ৰীনগৰ, কাৰ্গিল আৰু লেহৰ মাজত যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিব আৰু ঝ’জিলা অতিক্ৰম কৰোতে বৰ্তমান প্ৰয়োজন হোৱা চাৰে তিনি ঘণ্টাৰ সময় মাত্ৰ ১৫ মিনিটলৈ হ্ৰাস কৰিব৷ ইয়ে এই অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক একীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ কৌশলগত দিশৰ পৰাও ইয়াৰ অত্যন্ত গুৰুত্ব থাকিব৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত ৩৩০ মেগাৱাটৰ কিষাণগংগা জলবিদ্যুৎ প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গিত কৰিব৷ তেওঁ শ্ৰীনগৰ ৰিং ৰোডৰ আধাৰশিলাও স্থাপন কৰিব৷

জম্মুৰ জেনেৰেল জোৰাৱাৰ সিং প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰীয়ে পাকুল ডুল বিদ্যুৎ প্ৰকল্প আৰু জম্মু ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি তেওঁ শ্ৰী মাতা বৈষ্ণো দেৱী শক্তি ব’ৰ্ডৰ টাৰাকোটে মাৰ্গ আৰু মেটেৰিয়েল ৰোপৱে’ উদ্বোধন কৰিব৷ টাৰাকোটে মাৰ্গত শক্তিপীঠ দৰ্শন কৰিবলৈ যোৱা তীৰ্থযাত্ৰীক সেৱা আগবঢ়োৱা হয়৷

শ্ৰীনগৰ আৰু জম্মুৰ ৰিং ৰোডৰ লক্ষ্য হ’ল এই চহৰসমূহত যান-যঁট হ্ৰাস কৰা আৰু যাত্ৰা নিৰাপদ, দ্ৰুত, সুবিধাজনক আৰু অধিক পৰিৱেশ অনুকূল কৰা৷

প্ৰধানমন্ত্ৰীয়ে লগতে জম্মুস্থিত শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহতো উপস্থিত থাকিব৷

***

AKT/SH/ MS



(Release ID: 1533940) Visitor Counter : 102