কেবিনেট

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু এংগোলাৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত কেবিনেটক অৱগত

Posted On: 23 MAY 2018 3:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু এংগোলাৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত কেবিনেটক অৱগত কৰা হয়।

এই বুজাবুজি চুক্তিয়ে ই-প্ৰশাসন, তথ্য প্ৰযুক্তি শিক্ষাৰ বাবে মানৱ সম্পদ উন্নয়ন, তথ্যৰ সুৰক্ষা, ইলেক্ট্ৰনিকছ হাৰ্ডৱেৰ সামগ্ৰী প্ৰস্তুতকৰণ, ছফটৱেৰ উদ্যোগৰ সৈতে জড়িত তথ্য প্ৰযুক্তি, টেলিমেডিচিন ইত্যাদি দিশত সহযোগিতা বৃদ্ধিত সহায় কৰিব।

পটভূমিঃ

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক আৰু আঞ্চলিক পৰ্যায়ৰ সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন দেশৰ সৈতে চুক্তি আৰু বুজাবুজি চুক্তি স্বাক্ষৰ কৰি আহিছে। বিশেষকৈ চৰকাৰৰ ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়াৰ দৰে নতুন প্ৰচেষ্টাসমূহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ব্যৱসায় বৃদ্ধি তথা প্ৰযুক্তিখণ্ডৰ সুযোগ সৃষ্টি লক্ষ্যৰে বিভিন্ন দেশৰ সৈতে সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে।

এই মন্ত্ৰালয়ে ই-প্ৰশাসন, তথ্য প্ৰযুক্তি শিক্ষাৰ বাবে মানৱ সম্পদ উন্নয়ন, তথ্যৰ সুৰক্ষা, ইলেক্ট্ৰনিকছ হাৰ্ডৱেৰ সামগ্ৰী প্ৰস্তুতকৰণ, ছফটৱেৰ উদ্যোগৰ সৈতে জড়িত তথ্য প্ৰযুক্তি, টেলিমেডিচিন ইত্যাদি দিশত সহযোগিতা বৃদ্ধি অধিক গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিত্তিতে এংগোলাৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰা হয়।

*****

AKT/VBA/SH/DB



(Release ID: 1533307) Visitor Counter : 83