প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰতৰ অন্তৰ্গত স্বাস্থ্য নিশ্চিতকৰণ কাৰ্যসূচীৰ মুকলিৰ প্ৰস্তুতি পৰ্যৱেক্ষণ কৰে

Posted On: 07 MAY 2018 1:36PM by PIB Guwahati

সোমবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুস্মান ভাৰতৰ অন্তৰ্গত অভিলাসী স্বাস্থ্য নিশ্চিতকৰণ কাৰ্যসূচীৰ মুকলিৰ প্ৰস্তুতিৰ উত্তৰণ পুনৰীক্ষণ কৰে৷

স্বাস্থ্য নিশ্চিতকৰণ কাৰ্যসূচীৰ সুচাৰু আৰু ত্বৰিত প্ৰণয়নৰ বাবে ৰাজ্যৰ সৈতে পৰামৰ্শ সহিতে প্ৰধানমন্ত্ৰীক এই পৰ্যন্ত প্ৰস্তুতিসমূহৰ বিষয়ে অৱগত কৰা হৈছিল৷

এই আঁচনিয়ে প্ৰতিঘৰ পৰিয়াললৈ ৫ লাখ টকা পৰ্যন্ত সুৰক্ষা প্ৰদান কৰিব৷ ইয়াৰ জৰিয়তে ১০ কোটি দাৰিদ্ৰ তথা বঞ্চিত পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত সমাজৰ দাৰিদ্ৰ তথা প্ৰান্তঃৱৰ্তী অংশটোক সৰ্বাধিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উচ্চ বিষয়া বৰ্গ, নিটি আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই আঁচনিৰ বিভিন্ন প্ৰত্যাশাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে৷

যোৱা মাহত আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰতৰ অধীনত ছট্টিশগড়ৰ বিজাপুৰ জিলাত প্ৰথমটো ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ মুকলি কৰিছিল৷ 

*****

 

AKT/KP/SK/MANN



(Release ID: 1531547) Visitor Counter : 80