কেবিনেট

কেবিনেটে প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা (পিএমভিভিৱাই)ৰ অধীনত জ্যেষ্ঠ নাগৰিকৰ বাবে বিনিয়োগৰ সীমা ৭.৫ লাখ টকাৰ পৰা দুগুণ কৰি ১৫ লাখ টকাৰ বাবে অনুমোদন প্ৰদান কৰিছে ইয়াৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকসকলে প্ৰতিমাহে ১০,০০০ টকা পৰ্যন্ত পেঞ্চন প্ৰাপ্ত কৰিব পাৰিব পিএমভিভিৱাইৰ অধীনত সদস্যতাৰ সময়সীমা ৪ মে’ ২০১৮ৰ পৰা বৃদ্ধি কৰি ৩১ মাৰ্চ ২০২০ পৰ্যন্ত কৰা হৈছে এই পদক্ষেপ বিত্তীয় সমাবেশ আৰু সামাজিক সুৰক্ষাৰ প্ৰতি চৰকাৰৰ দায়িত্বশীলতা প্ৰতিফলিত কৰিছে

Posted On: 02 MAY 2018 3:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে বিত্তীয় সমাবেশ আৰু সামাজিক সুৰক্ষাৰ প্ৰতি চৰকাৰী দায়বদ্ধতা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা (পিএমভিভিৱাই)ৰ অধীনত বিনিয়োগ সীমা ৭.৫ লাখ টকাৰ পৰা দুগুণ কৰি ১৫ লাখ টকা কৰাৰ সৈতে ইয়াৰ সদস্যতাৰ সময় সীমা ৪ মে’ ২০১৮ৰ পৰা বৃদ্ধি কৰি ৩১ মাৰ্চ ২০২০ লৈ কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

ইয়াৰোপৰি, জ্যেষ্ঠ নাগৰিকৰ বাবে সামাজিক সুৰক্ষা পদক্ষেপক আগুৱাই নিয়াৰ উদ্দেশ্যে বিদ্যমান যোজনা প্ৰতিটো পৰিয়ালৰ ৭.৫ লাখ টকাৰ বিনিযয়োগ সীমা বৃদ্ধি কৰি সংশোধিত পিএমভিভিৱাইত প্ৰতি জ্যেষ্ঠ নাগৰিকৰ বাবে ১৫ লাখ টকা কৰা হৈছে৷ ইয়াৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলে ব্যাপক ৰূপত সামাজিক সুৰক্ষা লাভ কৰিব পাৰিব আৰু জ্যেষ্ঠ নাগৰিকসকলে প্ৰতিমাহে ১০,০০০ টকা পৰ্যন্ত পেঞ্চন প্ৰাপ্ত কৰিব পাৰিব৷

২০১৮ৰ মাৰ্চ মাহ পৰ্যন্ত সৰ্বমুঠ ২.২৩ লাখ জ্যেষ্ঠ নাগৰিক পিএমভিভিৱাইৰ অধীনত উপকৃত হৈছে৷ জ্যেষ্ঠ পেঞ্চন বীমা যোজনা-২০১৪ শীৰ্ষক বিগত আঁচনিত সৰ্বমুঠ ৩.১১ লাখ জ্যেষ্ঠ নাগৰিক উপকৃত হৈছিল৷

পৃষ্ঠভূমিঃ

পিএমভিভিৱাইক ভাৰতীয় জীৱন বীমা নিগম (এলআইচি)ৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে যাতে বৃদ্ধাৱস্থাত সামাজিক সুৰক্ষা প্ৰদান কৰিব পাৰি আৰু ইয়াৰ সৈতে ৬০ বছৰ বা তাৰ ঊৰ্ধৰ নাগৰিকসকলক অনিশ্চিত বজাৰ স্থিতি সাপেক্ষে তেওঁলোতৰ সুতৰ আমদানিৰ অনাগত হ্ৰাসৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰি৷ এই আঁচনিৰ অধীনত ১০ বছৰ পৰ্যন্ত প্ৰতি বৰ্ষতে ৮ শতাংশৰ গেৰাণ্টী সহিতে ৰিটাৰ্ণ দৰৰ আধাৰত এক নিশ্চিত অথবা আশ্বাসিত পেঞ্চন দিয়া হয় আৰু ইয়াত মাহিলী/ত্ৰিমাসিক/ছমাহ অথবা বছৰেকীয়াৰ আঝাৰত পেঞ্চন জমা কৰাৰ বিকল্প প্ৰদান কৰা হৈছে৷ ৰিটাৰ্ণত পাৰ্থক্য অৰ্থাৎ এলআইচিৰ দ্বাৰা সৃষ্ট ৰিটাৰ্ণ আৰু প্ৰতি বৰ্ষত ৮ শতাংশৰ আশ্বাসিত ৰিটাৰ্ণৰ পাৰ্থক্যক বাৰ্ষিক আধাৰত সাহায্যৰ ৰূপত ভাৰত চৰকাৰৰ দ্বাৰা বহন কৰা হ’ব৷  

 

****

AKT/VBA/SH/MANN



(Release ID: 1531283) Visitor Counter : 80