প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় স্বচ্ছাগ্ৰাহী সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ, মোটিহাৰীত উন্নয়নমূলক প্ৰকল্প মুকলি
प्रविष्टि तिथि:
10 APR 2018 1:36PM by PIB Guwahati
ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোটিহাৰীত ৰাষ্ট্ৰীয় স্বচ্ছাগ্ৰাহী সন্মিলন সম্বোধন কৰে৷ মহাত্মা গান্ধীৰ নেতৃত্বত চলা সত্যাগ্ৰহ আন্দোলনৰ শতবাৰ্ষিকী উদযাপন উপলক্ষে চম্পৰণত এই অনুষ্ঠান আয়োজন কৰা হৈছে৷
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পও মুকলি কৰে৷ জলসিঞ্চন আৰু অনাময় খণ্ডত তেওঁ এখন ফলক উন্মোচনেৰে ম’টিজহীল প্ৰকল্প, বেটিয়া নগৰ পৰিষদ জলসিঞ্চন আঁচনি আৰু চাৰিটা গংগা প্ৰকল্প যেনে; পাটনাৰ ছাইডপুৰ সেৱাজী নেটৱৰ্ক, পাহাৰী সেৱাজী নেটৱৰ্ক, মণ্ডল ৪, পাহাৰী সেৱাজী নেটৱৰ্ক মণ্ডল ৫ আৰু পাহাৰী এছটিপি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
ৰে’লৱে খণ্ডত প্ৰধানমন্ত্ৰীয়ে মুজাফ্ফৰপুৰ আৰু ছাগাউলী; আৰু ছাগাউলী আৰু ভাল্মীকিনগৰৰ মাজত দ্বৈত ৰে’লপথৰ আধাৰশিলা স্থাপন কৰে৷ মাধেপুৰা ইলেক্ট্ৰিক ল’কোম’টিভ ফেক্টৰীৰ প্ৰথম পৰ্যায় তেওঁ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ ভিডিঅ’ লিংকৰ সহায়ত প্ৰধানমন্ত্ৰীয়ে প্ৰথম ১২০০০ এইচপি ফ্ৰেইট ইলেক্ট্ৰিক ল’কোম’টিভ আৰু চম্পৰণ হামছফৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে৷
প্ৰধানমন্ত্ৰীয়ে ঔৰংগবাদ বিহাৰ-ঝাৰখণ্ড ব’ৰ্ডাৰ খণ্ডৰ এনএইচ-২ৰ এটি ৰোড লেন; এটি পেট্ৰ’লিয়াম অইল লিউব; মোটিহাৰীত ইণ্ডিয়ান অইল ক’ৰ্পোৰেচন লিমিটেডৰ এলপিজি টাৰ্মিনেল আৰু ছাগাউলীত এইচপিচিএলৰ এলপিজি প্লেণ্টৰ আধাৰশিলা স্থাপন কৰে৷
তেওঁ চেম্পিয়ন স্বচ্ছাগ্ৰাহীসকলক বঁটা প্ৰদান কৰে৷
অনুষ্ঠানত গোট খোৱা জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে মোটিহাৰীৰ আজিৰ পৰিৱেশে এক শতিকা পূৰ্বে চম্পৰন সত্যাগ্ৰহৰ গণ আন্দোলনক প্ৰতিফলিত কৰিছে৷
তেওঁ কয় যে সত্যাগ্ৰহৰ পৰা স্বচ্ছাগ্ৰহ লৈ এই যাত্ৰাত বিহাৰৰ জনসাধাৰণে নিজৰ নেতৃত্ব দক্ষতা প্ৰদৰ্শন কৰিছে৷ যোৱা এটা সপ্তাহত বিহাৰে শৌচালয় নিৰ্মাণত উল্লেখনীয় অগ্ৰগতি লাভ কৰাৰ কথাও তেওঁ উল্লেখ কৰে৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ নাগৰিক আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক শলাগ লয়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানেই হওক অথবা দুৰ্নীতিৰ বিৰুদ্ধে যুঁজেই হওক—সকলো পদক্ষেপতে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ কান্ধত কান্ধ থৈ আগবাঢ়ি আছে৷ আজি মুকলি হোৱা ৬৬০০ কোটিৰ প্ৰকল্পই এই অঞ্চলটোৰ লগতে ৰাজ্যখনৰ উন্নয়নত ব্যাপক প্ৰভাৱ পেলাব৷ মোটিজহীলৰ পুনৰুদ্ধাৰ প্ৰকল্পৰ কথা বিশেষভাৱে উল্লেখ কৰে তেওঁ ইয়াক মোটিহাৰীৰ ইতিহাসৰ এক অংশ আখ্যা দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে গংগা নদীৰ পৰা প্ৰৱেশ কৰা পানীৰ অপব্যয় ৰোধৰ বাবে চৰকাৰে ১১টা প্ৰকল্পৰ নামত ৩০০০ কোটিৰো অধিক ধনৰ অনুমোদন জনোৱা হৈছে৷ উজ্জলা যোজনাৰ অধীনত বিহাৰৰ প্ৰায় ৫০ লাখ মহিলাই ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে৷ এই সন্দৰ্ভত তেওঁ পুনৰ কয় যে এলপিজি আৰু পেট্ৰ’লিয়াম প্ৰকল্প আজি মুকলি কৰা হৈছে৷ পূব ভাৰতক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে কেন্দ্ৰই লোৱা পদক্ষেপৰ অংশস্বৰূপে আজি এই প্ৰকল্পসমূহ মুকলি কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উল্লেখ কৰে৷ তেওঁ পুনৰ উনুকিয়ায় যে আজি পথ আৰু ৰে’ল প্ৰকল্পৰো শুভাৰম্ভ কৰা হৈছে৷ মাধেপুৰা ইলেক্ট্ৰিক ল’কোম’টিভ ফেক্টৰীক তেওঁ মেক ইন ইণ্ডিয়াৰ উপযুক্ত উদাহৰণ আৰু ৰাজ্যখনৰ সংস্থাপন ব্যৱস্থাৰ উৎস হিচাপে অভিহিত কৰিছে৷ ১২০০০ এইচপি ইঞ্জিনে মালবাহী ৰে’লৰ গতি বৃদ্ধিত উল্লেখনীয় বৰঙণি আগবঢ়াব৷
অনাময় ব্যৱস্থাৰ সাফল্য সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অনাময়ৰ ব্যাপকতা ২০১৪ৰ ৪০ শতাংশৰ পৰা আজি ৮০শতাংশলৈ বৃদ্ধি পাইছে৷ তেওঁ কয় যে শৌচালয় নিৰ্মাণে সামাজিক ভাৰসাম্যহীনতাৰ অন্ত পেলাইছে আৰু সামাজিক-অৰ্থনৈতিক সৱলীকৰণ তথা মহিলা সৱলীকৰণক গতি প্ৰদান কৰিছে৷ স্বচ্ছ ভাৰত অভিযানক লৈ সৃষ্টি হোৱা গণ আন্দোলনক তেওঁ ২১শতিকাৰ বিশ্বৰ এক অসাধাৰণ ঘটনা হিচাপে আখ্যা দিছে৷
প্ৰধানমন্ত্ৰীয়ে আত্মবিশ্বাস ব্যক্ত কৰে যে স্বচ্ছতাৰ সংকল্পই এখন স্বচ্ছ আৰু সমৃদ্ধিশালী ভাৰতৰ নতুন অধ্যায় ৰচনা কৰিব৷
*****
MS
(रिलीज़ आईडी: 1529820)
आगंतुक पटल : 121