কেবিনেট

ভাৰত আৰু ইৰাণৰ মাজত বাণিজ্যিক অসুবিধা দুৰীকৰণৰ উপায় সন্দৰ্ভত এটা বিশেষজ্ঞ গোট গঠনত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 04 APR 2018 7:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দুয়ো দেশৰ পাৰস্পৰিক লাভালাভৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ অৰ্থে ভাৰত আৰু ইৰাণৰ মাজত বাণিজ্যিক অসুবিধা দুৰীকৰণৰ উপায় সন্দৰ্ভত এটা বিশেষজ্ঞ গোট গঠনৰ পূৰ্বপ্ৰস্তাৱিত সিদ্ধান্ত অনুমোদন জনায়। ইৰাণৰ ৰাষ্ট্ৰপতি ভ্ৰমণকালত ১৭ ফেব্ৰুৱাৰী, ২০১৮ এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়।

এই বুজাবুজি চুক্তিয়ে দুয়োদেশৰ মাজৰ বাণিজ্যিক দিশ যেনে-তথ্যৰ বিনিময়, সক্ষমতা সৃষ্টিজনিত কাম-কাজ, এণ্টি-ডাম্পিং আৰু প্ৰতিকাৰমুলক কামৰ সৈতে জড়িত দিশৰ অনুসন্ধানৰ সহযোগিতা বৃদ্ধিত দেখা দিয়া অসুবিধা দুৰ কৰিব।

***

DB


(ৰিলিজ আই ডি : 1527776) অতিথি কক্ষ : 81
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Gujarati , Tamil