কেবিনেট

কৰ্ণাটকত অনুসূচীত জনজাতিৰ তালিকাত ‘নায়কা’ৰ সমাৰ্থক হিচাপে ‘পৰিৱাৰা আৰু তালাৱাৰা’ সম্প্ৰদায়ৰ অন্তৰ্ভুক্তিক কেবিনেটৰ অনুমোদন

Posted On: 21 MAR 2018 9:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে কৰ্ণাটকৰ অনুসূচীত জনজাতিৰ তালিকাৰ ক্ৰমিক নং ৩৮ত থকা ‘নায়ক’ৰ সমাৰ্থক হিচাপে ‘পৰিৱাৰা আৰু তালৱাৰা’ সম্প্ৰদায়ৰ অন্তৰ্ভুক্তিক অনুমোদন জনাইছে৷

বৃহৎ প্ৰভাৱঃ

ইয়াৰ জৰিয়তে কৰ্ণাটকত বহুদিনৰ পৰা অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে দাবী কৰি অহা ‘পৰিৱাৰা আৰু তালৱাৰা’ৰ দাবী পূৰণ হ’ব৷ ‘পৰিৱাৰা আৰু তালৱাৰ’ সম্প্ৰদায়ৰ ব্যক্তিসকলে কৰ্ণাটক ৰাজ্যৰ পৰা অনুসূচীত জনজাতিৰ স্বীকৃতিপত্ৰ প্ৰাপ্তৰ বাবে যোগ্য হ’ব আৰু ৰাজ্যখনত অনুসূচীত জনজাতিৰ বাবে থকা সুবিধাসমূহো প্ৰাপ্ত কৰিব পাৰিব৷

পচ্ছাদপৃষ্ঠঃ

কৰ্ণাটক চৰকাৰে ৰাজ্যখনৰ অনুসূচীত জনজাতিৰ তালিকাৰ ক্ৰমিক নং ৩৮ ত থকা ‘নায়কা’ৰ সমাৰ্থক হিচাপে ‘পৰিৱাৰা আৰু তালিৱাৰা’ সম্প্ৰদায়ৰ নাম অন্তৰ্ভুক্তিৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে৷

সম্বন্ধিত ৰাজ্য বা সংঘীয় ক্ষেত্ৰৰ সম্বন্ধত অনুসূচীত জনজাতিৰ প্ৰথম নিৰ্দিষ্টকৰণ, ৰাজ্য চৰকাৰ/কেন্দ্ৰ শাসিত প্ৰদেশৰ সৈতে সম্বন্ধিত পৰামৰ্শৰ পিছত, ৰাষ্ট্ৰপতিৰ এক অধিসূচীত আদেশৰ দ্বাৰা কৰা হৈছে৷ অনুসূচীত জনজাতিৰ তালিকাত অন্য সম্বন্ধীয় অন্তৰ্ভুক্তিকৰণ অথবা বাহ্যিকীকৰণ সংসদৰ আইনৰ সংশোধনৰ পিছতহে সম্পন্ন কৰিব পাৰি৷

 

*****

AKT/VBA/SH/MANN



(Release ID: 1526023) Visitor Counter : 66


Read this release in: English , Hindi , Tamil