কেবিনেট

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মাচাৰীৰ মহাৰ্ঘ ভাট্টা ২ শতাংশ বৃদ্ধিৰ বাবে কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 07 MAR 2018 7:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত সামগ্ৰীৰ বৰ্দ্ধিত দামলৈ চাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মাচাৰীৰ বাবে ০১.০১.২০১৮ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এক অতিৰিক্ত কিস্তিত মহাৰ্ঘ ভাট্টা তথা অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মাচাৰীৰ বাবে মহাৰ্ঘ সাহাৰ্য আগৰ ৫% উপৰিও ২ শতাংশ বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হয়।

ইয়াৰ ফলত ৪৮.৪১ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মাচাৰী তথা ৬১.১৭ লাখ অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মাচাৰী লাভান্বিত হব।

মহাৰ্ঘ ভাট্টা আৰু মহাৰ্ঘ সাহাৰ্যৰ বাবে কোষাগাৰত বছৰি থাকিবলগীয়া ধনৰ পৰিমাণ ৬০৭৭.৭২ কোটি টকা আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ৭০৯০.৬৮ কোটি টকা হব। (২০১৮ চনৰ জানুৱাৰীৰ পৰা ২০১৯ চনৰ ফেব্ৰুৱাৰীলৈকে মুঠ ১৪ মাহত)

এই বৃ্দ্ধি সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত কৰা হৈছে।

 

***

 

AKT/VBA/PRK
 


(रिलीज़ आईडी: 1523631) आगंतुक पटल : 108
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Telugu , English , Tamil