প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নাৰী শক্তি পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

Posted On: 09 MAR 2018 6:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাৰী শক্তি পুৰস্কাৰপ্ৰাপকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে৷

এই মত-বিনিময় অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ সংস্কৃতিৰ এক অভিন্ন অংগ হিচাপে অভিহিত কৰে ‘সেৱাই পৰম ধৰ্ম’ক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বঁটাপ্ৰাপকসকলে অইনৰ সেৱাৰ বাবে তেওঁলোকৰ জীৱন সমৰ্পন কৰি দিছে৷ তেওঁ কয় যে তেওঁলোকৰ প্ৰচেষ্টাৰ দ্বাৰা লাভৱান্বিত হোৱা লোকসকলতকৈও তেওঁলোকৰ অৱদান বহু দূৰ আগুৱাই গৈছে, আৰু দেশৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হিচাপে তেওঁলোকে সেৱা আগবঢ়াই গৈছে৷ তেওঁ উল্লেখ কৰে যে নিস্বাৰ্থ সেৱাৰ প্ৰতিভূস্বৰূপ ‘ছিষ্টাৰ নিবেদিতা’ৰ ১৫০ তম জন্মজয়ন্তী পালন কৰিবলৈ লৈছে সমগ্ৰ দেশে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজ সেৱাৰ প্ৰতি যি আগ্ৰহ সেয়া ভাৰতীয় বৈশিষ্টৰ এক অংশ, আৰু সেয়া ধৰ্মশালা, গোশালা আৰু আনকি দেশৰ বিভিন্ন শিক্ষা ব্যৱস্থাৰ মাজেৰেও স্পষ্ট ৰূপত প্ৰতিফলিত হয়৷

অনুষ্ঠানত মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী মানেকা গান্ধীও উপস্থিত থাকে৷

 

***

AKT/SH/SBP/Rang



(Release ID: 1523629) Visitor Counter : 44