প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব ৰেডিঅ’ দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 13 FEB 2018 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ সৈতে জড়িত সকলো বিষয়ববীয়া, কৰ্ম-কৰ্তা তথা শ্ৰোতাক শুভেচ্ছা জ্ঞাপন কৰিছে৷

‘ৰেডিঅ’ দিৱসত মই ৰেডিঅ’ৰ সৈতে জড়িত সকলো স্তৰৰ জনসাধাৰণক শুভেচ্ছা জনাইছো, ইয়াৰ ভিতৰত আছে ৰেডিঅ’ ক্ষেত্ৰত কাম কৰা বিষয়ববীয়া, কৰ্ম-কৰ্তা তথা শ্ৰোতা৷ এই মাধ্যম সদায় শিক্ষা, নতুন আৱিষ্কাৰ, বিনোদন আৰু বিকাশৰ একত্ৰিত কেন্দ্ৰবিন্দু হৈ থাকিব বুলি মই আশাবাদী৷

ৰেডিঅ’ই আমাক ওচৰ চপাই আনিছে আৰু মন কি বাত অনুষ্ঠানৰ মাধ্যমেৰে মই এই অভিজ্ঞতা লাভ কৰি আছো৷ এই অনুষ্ঠানৰ সকলো সংস্কৰণ আপোনালোকে নিম্নোক্ত লিংকত লাভ কৰিব— https://www.narendramodi.in/mann-ki-baat’— প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS



(Release ID: 1520697) Visitor Counter : 73