প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 29 NOV 2026 9:04PM by PIB Guwahati

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মোৰ জ্যেষ্ঠ ভগ্নী শ্ৰদ্ধাৰ ঊষা মংগেশকাৰ দিদি, ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ পৰিয়ালৰ সদস্যবৰ্গ, কলা জগতৰ সৈতে জড়িত সকলো মহানুভৱ, ভদ্ৰ পুৰুষ-মহিলাসকল! আপোনালোক সকলোকে নমস্কাৰ!

 

মই ভূপেনদালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকি মই অতিশয় আনন্দিত হৈছোঁ। আজিৰ এই আয়োজন, অসম আৰু উত্তৰ-পূবৰ লগতে ভাৰতৰ কলা আৰু আমাৰ সামূহিক চেতনাৰো এক উৎসৱ। এয়াও অতিকে সুখৰ কথা যে ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকীৰ এই সমাৰোহ গুৱাহাটীৰ পৰা আৰম্ভ হৈছিল, কিন্তু ইয়াৰ সামৰণি দেশৰ ৰাজধানীত অনুষ্ঠিত হৈছে। মোৰ মনত আছে ইয়াৰ পূৰ্বে মহান যোদ্ধা, বীৰ লাচিত বৰফুকন ডাঙৰীয়াৰ ৪০০সংখ্যক জয়ন্তীৰ এক অতি ভব্য কাৰ্যসূচী দিল্লীত অনুষ্ঠিত হৈছিল। এয়া এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ এক অতি সুন্দৰ নিদৰ্শন।

 

বন্ধুসকল, ভূপেনদাৰ জন্ম শতবাৰ্ষিকী সমাৰোহত সমগ্ৰ ৰাষ্ট্ৰই এইগৰাকী মহান পুত্ৰক প্ৰণিপাত জনাইছে, ভব্য শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। এয়া মোৰ বাবে সৌভাগ্যৰ কথা যে জন্ম শতবৰ্ষৰ আৰম্ভণি আৰু সামৰণি দুয়োটা সমাৰোহতে মই অংশগ্ৰহণ কৰাৰ সুযোগ পালোঁ। ভূপেনদাৰ প্ৰতি মোৰ আত্মীয়তা আন এক কাৰণতো বিশেষ। তেখেত অসমৰ মহান সন্তানতো আছিলেই, কিন্তু তেখেত গুজৰাটৰ জোঁৱাইও আছিল। আৰু আজিও মই তেখেতৰ পুত্ৰ জিতৰ লগত গুজৰাটী ভাষাতেই কথা পাতোঁ। আৰু সেইবাবেই, মোক যেতিয়া এই কাৰ্যসূচীসমূহলৈ নিমন্ত্ৰণ কৰা হৈছিল, তেতিয়া এক সুকীয়া আনন্দ অনুভৱ কৰিছিলোঁ। মই পাহৰিব নোৱাৰোঁ, যেতিয়া ১১ হাজাৰ শিল্পীয়ে একেলগে বিহু পৰিৱেশন কৰিছিল, তেতিয়া সমগ্ৰ বিশ্বই অসমৰ সাংস্কৃতিক শক্তি প্ৰত্যক্ষ কৰিছিল। যেতিয়া বড়ো ভনী-ভাইসকলে বাগৰুম্বা মনোমোহা অনুষ্ঠান পৰিৱেশন কৰিছিল, তেতিয়া বিশ্বই আমাৰ বৈচিত্ৰ্যৰ এক অনন্য ৰং দেখিছিল। যেতিয়া চাহ বাগিচাৰ সৈতে জড়িত হাজাৰ হাজাৰ শিল্পীয়ে, ঝুমইৰ ৰং বিলাইছিল, তেতিয়া চাহৱালাতো সুখী হ’বই হ’ব, লগতে সমগ্ৰ সম্প্ৰদায়ৰ প্ৰতিভা বিশ্বৰ সন্মুখত প্ৰতিভাত হৈছিল। আৰু আজি, অসমৰ বহু জিলাৰ শিল্পীয়ে পুনৰ এবাৰ ৰাজধানী দিল্লীলৈ সেই একেটা ৰং, সেই একেটা উৎসাহ লৈ আহিছে।

 

বন্ধুসকল, মই হিমন্ত ডাঙৰীয়া আৰু তেখেতৰ সমগ্ৰ দল তথা অসমৰ জনতাক আন এক ঐতিহাসিক পদক্ষেপ লোৱাৰ বাবে অভিনন্দন জনাব বিচাৰোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াৰ স্মৃতিত, অসম চৰকাৰে নতুন বঁটা আৰম্ভ কৰিছে। আৰু শ্ৰদ্ধাৰ ঊষা মংগেশকাৰ ডাঙৰীয়ানীৰ সন্মানৰ জৰিয়তে এই শুভ আৰম্ভণি হৈছে। আৰু সংযোগ চাওক, মোৰ গাঁৱত দুগৰাকী জীয়ৰী তানা আৰু ৰীৰী, আকবৰৰ দিনত সংগীতৰ জগতত তেখেতসকলৰ এক বৃহৎ নাম আছিল। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হ’লোঁ, তেতিয়া মই এই তানা ৰীৰী সংগীত সমাৰোহ আৰম্ভ কৰিলোঁ আৰু সেই সময়ত য’ত দুজন লোকক একেলগে যুটি হিচাপে চিনাক্ত কৰা হয়, তেনে লোকক বঁটা প্ৰদান কৰাৰ পৰম্পৰা আৰম্ভ কৰিলোঁ। আৰু প্ৰথম বঁটা ঊষা দিদি আৰু লতা দিদিক দিছিলোঁ আৰু সেই সময়ত ঊষা দিদি মোৰ গাঁৱলৈ আহিছিল। আজি এই বঁটাৰো শুভাৰম্ভ হৈছে আৰু আজিও ঊষা দিদিক প্ৰণাম জনোৱাৰ মোৰ সৌভাগ্য হৈছে। ঊষা দিদিৰ এই সন্মান, ভূপেনদাৰ ঐতিহ্য আৰু সংগীত জগত, দুয়োটাৰে সন্মান। অসম আৰু দেশৰ বহু প্ৰজন্মই, ভূপেনদা আৰু ঊষা দিদিৰ গীত শুনি ডাঙৰ হৈছে। মোৰ বিশ্বাস, আজি লতা দিদি, আশা দিদি, য’তেই নাথাকক কিয় আমাক বহুত আশীৰ্বাদ দি থাকিব।

 

বন্ধুসকল, অধিকাংশ সময়তে যেতিয়া আমি কোনো ব্যক্তিৰ মহানতাৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া আমি তেখেতৰ নাম, তেখেতৰ কাম, তেখেতৰ কৃতিত্ববোৰ চাওঁ। কিন্তু কিছুমান লোক এনে হয়, যাৰ পৰিচয় এই সকলোবোৰতকৈও বহুত ডাঙৰ হয়। ভূপেনদা তেনে এক বিৰল ব্যক্তিত্ব আছিল। তেখেতে গাইছিল সংগীতৰ সুৰবোৰক আত্মা দিবলৈ, তেখেতে লিখিছিল শব্দবোৰক নতুন জীৱন দিবলৈ, তেখেতে সংগীত ৰচনা কৰিছিল সমাজক একত্ৰিত কৰিবলৈ। মই বিশ্বাস কৰোঁ ভূপেনদাই কেৱল গীতেই লিখা নাই, তেখেতে নিজৰ গীতবোৰত এটা যুগ লিখিছে। তেখেতে গংগা আৰু ব্ৰহ্মপুত্ৰৰ বিশালতাক সামৰি লৈছিল, ভাৰতৰ বিচিত্ৰ সমাজক একত্ৰিত কৰিছিল, লোকগীতবোৰক নতুন প্ৰজন্মৰ বাবে গাঁথিছিল, সেইবোৰক ভাষাৰ সীমাৰ পৰা উলিয়াই আনিছিল, ভাৰতৰ ঐতিহ্যৰ প্ৰতি, তেখেতৰ দায়বদ্ধতা আছিল অদ্ভুত আৰু এই দায়বদ্ধতাৰ সৈতেই তেখেতে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মক আমাৰ সাংস্কৃতিক ঐতিহ্য অৰ্পণ কৰিছিল।

 

বন্ধুসকল, ভূপেনদা, যিমান আধুনিক আছিল, সিমান নিজৰ মাটিৰ লগত জড়িত আছিল। তেখেতৰ প্ৰতিভা বিশ্বব্যাপী আছিল, তেখেতৰ হৃদয় আছিল হিন্দুস্তানী। সেইবাবে যোৱা বছৰ মই গুৱাহাটীতো কৈছিলোঁ ভূপেনদাই ভাৰতৰ আৱেগবোৰক নিজৰ কণ্ঠ দিছে। তেখেতে ভাৰতৰ সপোনবোৰক নিজৰ গীতেৰে গাঁথিছে। আৰু সেইবাবেই এয়া আমাৰ সৌভাগ্য যে তেখেতৰ এই ঐতিহ্যক, ভাৰত চৰকাৰে ভাৰতৰত্ন হিচাপে দেশৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰিছে।

 

বন্ধুসকল, ভূপেন হাজৰিকা ডাঙৰীয়া প্ৰখৰ জাতীয়তাবাদী আৰু সঁচা দেশপ্ৰেমী আছিল। তেখেতে কৈছিল, এজন ভাল ভাৰতীয় হ’বলৈ প্ৰতিজন অসমীয়া ভাল অসমীয়া হোৱাটোও জৰুৰী। “আমি অসমীয়া, আমি ভাল ভাৰতীয়”। ১৯৬২ চনত যুদ্ধৰ পৰিৱেশত তেখেতে দেশৰ যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, ‘বুকু হুম হুম কৰে, মোৰ আই’। যেতিয়া দেশৰ চন্দ্ৰ কাল-অন্ধকাৰে আৱৰি ধৰে, তেতিয়া যুৱকসকল মাতৃভূমিৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু হৈ থাকক। আৰু নদীবোৰৰ লগত তেখেতৰ প্ৰেম আছিল পুত্ৰবৎ আৰু সম্পৰ্ক এনে আছিল যে তেখেতে ব্ৰহ্মপুত্ৰক অভিযোগো কৰিছিল, ব্ৰহ্মপুত্ৰৰ সৈতে কাজিয়াও কৰিছিল। অন্যায়, শোষণ আৰু বৈষম্য দেখিও তেওঁ কিয় মৌন হৈ বৈ থাকে? “বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে, হাহাকাৰ শুনিও, নিঃশব্দে নীৰৱে, বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱা কিয়?”

 

বন্ধুসকল, এই ভাৱনাৰ সৈতেই, যুৱক ভূপেন হাজৰিকাই এক নতুন অসম আৰু নতুন ভাৰত নিৰ্মাণৰ সংকল্প লৈছিল। “অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম, নতুন ভাৰত গঢ়িম” আৰু আজি আমি নিজ চকুৰে নতুন ভাৰত নিৰ্মাণ হোৱা দেখিছোঁ। আজিৰ যুৱ শক্তিয়ে ষ্টাৰ্টআপ বনায় আছে, মহাকাশলৈ ৰকেট পঠিয়াই আছে। কৃষি, বিত্ত, ক্ৰীড়া আৰু বিজ্ঞানত নতুন অভিলেখ স্থাপন কৰি আছে।

 

বন্ধুসকল, ভূপেনদাই সমগ্ৰ মানৱ জাতিক সম্বোধন কৰি মানৱতাক অনুপ্ৰাণিত কৰা সুন্দৰ গীত গাইছিল। তেখেতে কৈছিল-আমি সকলোৱেই একে জীৱন নাৱৰ সহযাত্ৰী, “আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে।” সেই নাও আজি সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰ সৈতে বাস্তৱত পৰিণত হৈছে। আজি প্ৰতিজন ভাৰতীয়ৰ পৰিশ্ৰম আৰু অংশগ্ৰহণ দেশৰ প্ৰগতিৰ বঠা হৈ পৰিছে। আমাৰ সংকল্প হৈছে, কোনো পিছ পৰি নাথাকক, সকলো একেলগে আগবাঢ়ক, সকলো একেলগে বিকশিত হওক, আৰু ইয়াৰেই ফলাফল, এতিয়া আমি ৱৰ্ল্ড বেংকৰ প্ৰতিবেদনত দেখিছো। ৱৰ্ল্ড বেংকে কৈছে যে বিগত বছৰবোৰত ৫০ কোটি ভাৰতীয় চৰম দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। অসমতো বৃহৎ সংখ্যক মানুহৰ জীৱন উন্নত হৈছে। এয়া সবকা সাথ-সবকা বিকাশ মন্ত্ৰৰ শক্তি।

 

বন্ধুসকল, ভূপেনদাৰ আন এটা গীত আছে, “মানুহে মানুহৰ বাবে” । এই গীতত তেখেতে এটা প্ৰশ্ন সুধিছিল। যদি মানুহেই মানুহৰ দুখ-যন্ত্ৰণাৰ বিষয়ে নাভাবে, তেন্তে কোনে ভাবিব? ভাৱকচোন! কিমান সৰল প্ৰশ্ন, কিন্তু কিমান ডাঙৰ বাৰ্তা? যেতিয়া আমি আমাৰ নীতিবোৰত, আমাৰ ৰীতিবোৰত, মানৱতাক সৰ্বোচ্চ স্থান দিওঁ, তেতিয়া সমাজ গঢ় লয়, সেতু গঢ় লয়। বিগত ১২ বছৰত আমি সকলোৱেই এই একেটাই প্ৰয়াস কৰিছোঁ। অসমে হওক বা সমগ্ৰ উত্তৰ-পূবৰ অষ্টলক্ষ্মীয়েই হওক চৰকাৰে মানৱীয় সংবেদনাক সৰ্বোচ্চ স্থান দি সম্পূৰ্ণ সেৱা মনোভাৱেৰে কাম কৰিছে। আমাৰ নিৰন্তৰ প্ৰয়াস হৈছে, যে উত্তৰ-পূবত আমাৰ প্ৰতিটো পৰিয়ালে, সমন্বয়েৰে, সম্প্ৰীতিৰে, ইতিবাচক শক্তিৰে আগবাঢ়ি যাওক। মোৰ বহুত আনন্দ লাগিছে যে বিগত বছৰবোৰত অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে হিংসাৰ পথ ত্যাগ কৰিছে। মানৱতাৰ, বিকাশৰ, বিশ্বাসৰ নতুন পথ বাছি লৈছে। আৰু মই বুজি পাওঁ, আজি আমি উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যলৈকে, অষ্টলক্ষ্মীৰ প্ৰতিটো ৰূপলৈকে, উত্তৰ-পূৰ্বাঞ্চলৰ চুকে-কোণে, বিকাশৰ যিমানবোৰ কাম কৰি আছোঁ, প্ৰতিটো কামেই, ভূপেনদাৰ আশীৰ্বাদত, তেখেতৰ প্ৰেৰণাৰে হৈ আছে।

 

বন্ধুসকল, আমি সকলো ভাৰতীয়ই, বিকশিত ভাৰতৰ সংকল্প লৈ ওলাই আহিছো। ভাষা বেলেগ হ’ব পাৰে, পৰিৱেশ, খাদ্যাভ্যাস, জীৱনশৈলী, বহুত কিবাকিবি বেলেগ হ’ব পাৰে। কিন্তু আমাৰ সংকল্প এক। আৰু এই সংকল্প, বিকশিত ভাৰত নিৰ্মাণৰ। হয়, এনে কথাবোৰ সেইসকলৰ ভাল নালাগে, যিসকলে বিবাদত, ক্ষমতাৰ সপোন দেখে। যিসকলে ভাৰতকো টুকুৰা-টুকুৰকৈ চাব বিচাৰে, যিসকলে দেশৰ সাফল্যসমূহত ‘নাৰাজ ফুফা’ হৈ ঘূৰি ফুৰে। মই কওঁ যে এনে ‘নাৰাজ ফুফা’সকলে ভূপেনদাৰ গীত বাৰে বাৰে শুনা উচিত। হয়তো তেখেতসকলৰ সুবুদ্ধি উদয় হ’ব।

 

বন্ধুসকল, মই আন এটা কথাত গৌৰৱ কৰো। ভূপেনদাই কাশীত পঢ়া-শুনা কৰিছিল আৰু মোৰ সৌভাগ্য যে মোৰ সেই কাশীৰ সাংসদ হিচাপে সেৱা কৰাৰ সুযোগ লাভ হৈছে। তেখেত গণসংযোগত পিএইচডি কৰা প্ৰথম ভাৰতীয়সকলৰ ভিতৰত এজন আছিল। ভূপেনদাৰ জন্ম শতাব্দীৰ কাৰ্যসূচীবোৰৰ যদিও আজি সামৰণি পৰিছে, কিন্তু তেখেতৰ ঐতিহ্য চিৰন্তন। সেইবাবে আমি তেখেতৰ স্মৃতিবোৰৰ পৰা প্ৰেৰণা লৈ, নতুন সংকল্পবোৰক গঢ় দিব লাগিব। ভূপেনদাৰ গীতবোৰ, আমাৰ শিক্ষাৰ অংশ হওক, সেইবোৰ নতুন প্ৰজন্মৰ ওচৰ পাওক। তেখেতৰ ৰচনাসমূহৰ সংৰক্ষণ হওক। তেখেতৰ চিন্তাধাৰাৰ ওপৰত গৱেষণা হওক। দেশৰ বেলেগ বেলেগ ভাষাত তেখেতৰ সাহিত্যৰ প্ৰচাৰ হওক, এয়া অতি আৱশ্যকীয়।

 

বন্ধুসকল, ভূপেনদাই নতুন অসমৰ সপোন দেখিছিল। মই গৌৰৱেৰে ক’ব পাৰো যে বিগত দশকত অসম অভূতপূৰ্ব সম্ভাৱনাৰ প্ৰদেশ হিচাপে থিয় দিছে। আৰু মই কেইবছৰমান আগতে কৈছিলো, সেই দিন বেছি দূৰত নহয়, যেতিয়া দেশৰ প্ৰতিটো শিশুৱে ক’বলৈ আৰম্ভ কৰিব ‘এ ফৰ আছাম’। আধুনিক সংযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি, প্ৰযুক্তিৰ নতুন হাবলৈকে, ভূপেনদাৰ নামত নিৰ্মিত ব্ৰহ্মপুত্ৰৰ বিশাল সেতুৰ পৰা আৰম্ভ কৰি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নামত নিৰ্মিত আধুনিক বিমানবন্দৰলৈকে অসমৰ নতুন অৱতাৰ সন্মুখলৈ আহি আছে। অসমৰ বিকাশৰ এই গতি আৰু তীব্ৰ হ’বলৈ গৈ আছে। এই বিশ্বাসেৰেই পুনৰ এবাৰ আপোনালোক সকলোকে আৰু বিশেষকৈ শ্ৰদ্ধাৰ ঊষা মংগেশকাৰ ডাঙৰীয়ানীক মোৰ বহুত-বহুত শুভেচ্ছা জনালোঁ।

বহুত-বহুত ধন্যবাদ।

 

***

NKR/KP/DK/DB


(ৰিলিজ আই ডি : 2343612) অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati