শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

বিদ্যুৎ খণ্ডৰ মূল সংস্কাৰসমূহক লৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আলোচনাৰ মাজেৰে বিদ্যুৎ মন্ত্ৰীসকলৰ সন্মিলনৰ সামৰণি

সম্পদৰ পৰ্যাপ্ততা, শক্তি সংৰক্ষণ, স্মাৰ্ট মিটাৰ স্থাপন আৰু অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত সময়সীমাবদ্ধ প্ৰতিশ্ৰুতিৰ বিষয়ে আলোচনা

নিৰ্ভৰযোগ্য, সুলভ আৰু ২৪ ঘণ্টাই বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহ ‘টীম ইণ্ডিয়া’ হিচাপে একত্ৰিত; দৃঢ় বিদ্যুৎ উৎপাদন ক্ষমতা, শক্তি সংৰক্ষণ, বিদ্যুৎ সঞ্চালন আৰু সংস্কাৰৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ প্ৰতিশ্ৰুতি

গ্ৰাহকক অগ্ৰাধিকাৰ : অধিক বিল অহা অভিযোগৰ বাবে মিটাৰ পৰীক্ষা কৰা হ'ব, অমীমাংসিত অভিযোগসমূহৰ উচ্চ পৰ্যায়ৰ নিৰীক্ষণৰ ব্যৱস্থা

ৰাজ্যসমূহে এমাহৰ ভিতৰত সংশোধিত সম্পদ পৰ্যাপ্ততা পৰিকল্পনা দাখিল কৰিব, এটা ত্ৰৈমাসিকৰ ভিতৰত চৰকাৰী বকেয়া পৰিশোধ কৰিব, স্মাৰ্ট মিটাৰ আৰু গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ প্ৰতিশ্ৰুতি

১৫ গুণ শক্তি সঞ্চয় বৃদ্ধি, ১০০ গিগাৱাট পাৰমাণৱিক শক্তিৰ লক্ষ্য আৰু ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত সাৰ্বজনীন ঘৰুৱা বিদ্যুতীকৰণৰ লক্ষ্যই 'বিকশিত ভাৰত'ৰ পথ প্ৰশস্ত কৰিছে

পোষ্ট কৰা হৈছে: 29 NOV 2026 2:46PM by PIB Guwahati

নতুন দিল্লীত ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত বিদ্যুৎ মন্ত্ৰীসকলৰ সন্মিলনৰ কালি সামৰণি পৰে৷ কেন্দ্ৰীয় বিদ্যুৎ তথা গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লালে সভাপতিত্ব কৰা এই সন্মিলনত ২৮খন ৰাজ্য, ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু নিয়ন্ত্ৰক সংস্থাসমূহে শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত ‘টীম ইণ্ডিয়া’ হিচাপে একত্ৰিত হৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

২৭ নৱেম্বৰত অনুষ্ঠিত উদ্বোধনী অধিৱেশনত ভাৰতৰ ৫৬৩ গিগাৱাট সংস্থাপিত বিদ্যুৎ উৎপাদন ক্ষমতাৰ বিষয়ে আলোকপাত কৰা হয়, যাৰ ৫৫ শতাংশতকৈও অধিক অ-জীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা হৈছে, আৰু ২০৩৫–৩৬ বৰ্ষৰ ভিতৰত এই ক্ষমতা দুগুণতকৈও অধিক বৃদ্ধি কৰি ১,২৯৭ গিগাৱাটলৈ নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। ইয়াৰ লগতে পূৰ্বৱৰ্তী বৰ্ষত সংযোজিত ৬০ গিগাৱাট ক্ষমতা (যাৰ ৮৭% অ-জীৱাশ্ম উৎসৰ), ২০২৪–২৫ বিত্তীয় বৰ্ষত বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ (DISCOM) কৰ পৰৱৰ্তী সামগ্ৰিক লাভজনক স্থিতি, আৰু অহা দুটা দশকত এই খণ্ডত ২০০ লাখ কোটি টকাৰ বিনিয়োগৰ সুযোগৰ বিষয়ো উল্লেখ কৰা হয়।

এই সন্মিলনত কেন্দ্ৰীয় বিদ্যুৎ আৰু নতুন তথা নবীকৰণযোগ্য শক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ নাইক, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিদ্যুৎ মন্ত্ৰী, বিদ্যুৎ সচিব শ্ৰী পংকজ আগৰৱাল, কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ অধ্যক্ষ, কেন্দ্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগৰ অধ্যক্ষ আৰু ৰাজ্য তথা যৌথ বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগসমূহৰ অধ্যক্ষৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

 

ফলাফল আৰু সময়সীমাবদ্ধ প্ৰতিশ্ৰুতি :

 

সম্পদৰ পৰ্যাপ্ততা আৰু শক্তি সংৰক্ষণৰ ব্যৱস্থা : ৰাজ্যসমূহে ২০২৯-৩০ বিত্তীয় বৰ্ষলৈকে তেওঁলোকৰ সম্পদ পৰ্যাপ্ততা পৰিকল্পনাসমূহ পুনৰীক্ষণ কৰিবলৈ সন্মত হয়। এই পৰিকল্পনাত নিশ্চিত বিদ্যুৎ সঞ্চালন সংযোগ আৰু বাস্তৱসন্মত বিদ্যুৎ চাহিদাৰ অনুমান নিশ্চিত কৰাৰ লগতে এমাহৰ ভিতৰত পৰিকল্পনাসমূহ দাখিল কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰি, নতুন বিদ্যুৎ উৎপাদন ক্ষমতা সংযোজন আৰু সম্পদৰ সৈতে সংযোগ স্থাপনৰ অগ্ৰগতিৰ ত্ৰৈমাসিক পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ’ব।

সৌৰ আৰু অ-সৌৰ সময়ছোৱাত ২৪ ঘণ্টাই নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ আৰু ব্যয়বহুল স্বল্পম্যাদী বজাৰ ক্ৰয়ৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ৰাজ্যসমূহে শক্তি সংৰক্ষণৰ ব্যৱস্থা ১৫ গুণ বৃদ্ধি কৰাৰ উদ্যোগ ল’ব। এই ক্ষেত্ৰত বেটাৰী আৰু পাম্পড ষ্ট’ৰেজ প্ৰকল্পৰ ক্ৰয়ক অগ্ৰাধিকাৰ দিয়া হ’ব। ৰাজ্যসমূহৰ নিজস্ব বিনিয়োগৰ লগতে আগন্তুক এনটিপিচি আৰু ছেকি (SECI)ৰ ৪০ গিগাৱাট-ঘণ্টাকৈ শক্তি সংৰক্ষণ প্ৰকল্পৰ পৰিকল্পনাসমূহো ইয়াৰ অন্তৰ্ভুক্ত হ’ব।

স্থান নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সঁজুলি যোগানলৈকে প্ৰকল্পসমূহৰ সম্পূৰ্ণ অগ্ৰগতি নিৰীক্ষণ কৰা হ’ব। সেই অনুসৰি, ৰাজ্যসমূহক অভিযানভিত্তিক পদ্ধতিৰে শক্তি সংৰক্ষণ ব্যৱস্থা স্থাপন কৰিবলৈ আৰু নবীকৰণযোগ্য শক্তিৰ সৈতে শক্তি সংৰক্ষণ ব্যৱস্থাৰ অধিক ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

 

বিদ্যুৎ সঞ্চালন আৰু পথ অধিকাৰৰ ব্যৱস্থা :

 

বিদ্যুৎ উৎপাদন আৰু সঞ্চালন একেলগে আগবঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যসমূহে বিদ্যুৎ সঞ্চালন সম্পদৰ পৰ্যাপ্ততা নিশ্চিত কৰাৰ পৰিকল্পনা তাৎক্ষণিকভাৱে চূড়ান্ত কৰিবলৈ সন্মত হয়। এই পৰিকল্পনাত বিদ্যুৎ সঞ্চালন লাইন আৰু উপকেন্দ্ৰ স্থাপনৰ স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব।

ৰাজ্যৰ ভিতৰৰ বিদ্যুৎ সঞ্চালন ব্যৱস্থা (InSTS)ৰ ক্ষেত্ৰত টেৰিফ-ভিত্তিক প্ৰতিযোগিতামূলক নিবিদা পদ্ধতি (TBCB) গ্ৰহণ কৰাৰ লগতে সংশোধিত কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ কাৰিকৰী মানসমূহ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

 

বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ আৰ্থিক সক্ষমতা, স্মাৰ্ট মিটাৰ আৰু গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া ব্যৱস্থা :

 

চৰকাৰী বিদ্যুৎ বকেয়াৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ ৰাজ্যসমূহে এটা ত্ৰৈমাসিকৰ ভিতৰত সকলো চৰকাৰী বকেয়া পৰিশোধ কৰিবলৈ সন্মত হয়। লগতে, চৰকাৰী সংযোগসমূহক আগতীয়াকৈ ৰিচাৰ্জ কৰি ব্যৱহাৰ কৰিব পৰা প্ৰিপেইড স্মাৰ্ট মিটাৰ ব্যৱস্থালৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হয়, যাতে বাজেটৰ ধন মুকলি হোৱালৈ অপেক্ষা কৰিবলগীয়া নহয়।

যিবোৰ ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপনৰ গতি ধীৰ, সেই ৰাজ্যসমূহক নিবিদা আৰু চুক্তি প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি চৰকাৰী, বাণিজ্যিক আৰু উদ্যোগিক গ্ৰাহকসকলৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰ স্থাপন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হয়।

গ্ৰাহকৰ আস্থা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিদ্যুৎ বিতৰণ সংস্থাসমূহে বিল সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে চেক মিটাৰ স্থাপন কৰিব। গ্ৰাহকৰ মোবাইল এপসমূহ পুনৰীক্ষণ কৰাৰ লগতে এই এপসমূহৰ গিগৱা (GIGWA) অডিট আৰম্ভ কৰা হ’ব। নিষ্পত্তি নোহোৱা গ্ৰাহকৰ অভিযোগসমূহ উচ্চস্তৰীয় পৰ্যায়ত পৰ্যালোচনা কৰি গ্ৰাহকৰ সন্তুষ্টি নিশ্চিত কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব।

 

কৃষিক্ষেত্ৰত সৌৰীকৰণ আৰু পাৰমাণৱিক শক্তিৰ সম্প্ৰসাৰণ :

 

বিদ্যুৎ ক্ৰয়ৰ ব্যয় আৰু ৰাজসাহায্যৰ বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্যসমূহে বিদ্যুৎ ফিডাৰ পৃথকীকৰণ আৰু কৃষি ফিডাৰৰ সৌৰীকৰণ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ৰাজ্যসমূহে স্থানসমূহৰ প্ৰস্তুতি ত্বৰান্বিত কৰা, ভূমি আৰু পানীৰ উপলব্ধতা নিশ্চিত কৰা আৰু অৱসৰপ্ৰাপ্ত তাপবিদ্যুৎ কেন্দ্ৰৰ স্থানসমূহকে ধৰি উপযুক্ত স্থান চিনাক্ত কৰাৰ সিদ্ধান্ত লয়। ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট পাৰমাণৱিক বিদ্যুৎ উৎপাদন ক্ষমতা অৰ্জনৰ প্ৰধানমন্ত্ৰীৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে এই উদ্যোগ গ্ৰহণ কৰা হৈছে।

 

২০২৭ চনৰ মাৰ্চৰ ভিতৰত সাৰ্বজনীন গৃহ বিদ্যুতীকৰণ:

 

কালি ২৮ নৱেম্বৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি কেন্দ্ৰীয় বিদ্যুৎ মন্ত্ৰীয়ে জনায় যে ১৪.৫ লাখ পৰিয়ালক বিদ্যুৎ গ্ৰিডৰ সৈতে সংযোগ কৰাৰ কাম হাতত লোৱা হৈছে। ইয়াৰে প্ৰায় ৬.২৫ লাখ পৰিয়ালৰ বিদ্যুতীকৰণ সম্পূৰ্ণ কৰা হৈছে, য’ত অফ-গ্ৰিড ব্যৱস্থাৰ অধীনৰ পৰিয়ালসমূহো অন্তৰ্ভুক্ত।

তেওঁ লগতে জনায় যে দূৰৱৰ্তী আৰু পাহাৰীয়া অঞ্চলৰ কিছুমান পৰিয়ালৰ বাহিৰে বাকী সকলো পৰিয়ালৰ বিদ্যুতীকৰণ ২০২৭ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ৰাজ্যসমূহে অহা বছৰৰ মাৰ্চৰ ভিতৰত অভিযানভিত্তিক পদ্ধতিৰে বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ সন্মত হয়।

 

নিয়ন্ত্ৰক আয়োগসমূহৰ সৈতে যৌথ অধিৱেশন :

 

কেন্দ্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগ (চি ই আৰ চি) আৰু ৰাজ্যিক বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগসমূহৰ (SERCs) সৈতে অনুষ্ঠিত যৌথ অধিৱেশনত সময়মতে নিয়ন্ত্ৰণমূলক সিদ্ধান্ত গ্ৰহণ আৰু আৰ্থিকভাৱে বহনক্ষম বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ সংস্কাৰ আগবঢ়োৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰক প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়।

এই অধিৱেশনত বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ টেৰিফৰ ক্ষেত্ৰত অনুমোদন নোহোৱা ব্যয় হ্ৰাস কৰা আৰু ব্যয়ৰ সৈতে সামঞ্জস্যপূৰ্ণ টেৰিফ নিশ্চিত কৰাটো এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হিচাপে উল্লেখ কৰা হয়। লগতে অনুমোদন নোহোৱা ব্যয়ৰ পৰিমাণ ৰিটাৰ্ন অন ইকুইটি ৰ সীমা অতিক্ৰম কৰিব নালাগে বুলি গুৰুত্ব আৰোপ কৰা হয়।

নিয়ন্ত্ৰণমূলক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক আলোচনামূলক পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। শুল্ক আদেশ জাৰি কৰাৰ আগতে পূৰ্ব-আলোচনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিয়া হয়। এনে আলোচনাই যুক্তিসংগত ব্যয়ৰ অনুমোদন, নিয়ন্ত্ৰণমূলক সিদ্ধান্তৰ পূৰ্বানুমানযোগ্যতা বৃদ্ধি, বিবাদ হ্ৰাস আৰু অপ্ৰয়োজনীয় আইনী মোকদ্দমা এৰাই চলাত সহায় কৰিব।

 

অভিযানভিত্তিক শক্তি সুৰক্ষা আৰু শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা

 

সামৰণি বক্তব্যত কেন্দ্ৰীয় বিদ্যুৎ আৰু নতুন তথা নবীকৰণযোগ্য শক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ নাইকে কয়, “এই সন্মিলনৰ সফলতা আজি আমি সমাপ্ত কৰা আলোচনাৰ দ্বাৰা নিৰ্ধাৰিত নহ’ব, বৰং আগন্তুক দিন আৰু মাহসমূহত আমি যি পৰিৱৰ্তন সাধন কৰিম, তাৰ দ্বাৰাহে নিৰ্ধাৰিত হ’ব।”

বিদ্যুৎ সচিব শ্ৰী পংকজ আগৰৱালে কয়, “নিৰ্ভৰযোগ্য আৰু সুলভ বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা আৰু সময়মতে দৃঢ় বিদ্যুৎ উৎপাদন ক্ষমতাৰ চুক্তি কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ থাকিব।”

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে কয়, “এই সন্মিলনৰ প্ৰকৃত সফলতা আমাৰ নাগৰিকসকলৰ জীৱনত প্ৰতিফলিত হ’ব। কেন্দ্ৰ, ৰাজ্য আৰু অন্যান্য সকলো অংশীদাৰে একেলগে কাম কৰি বিদ্যুৎ খণ্ডক বিকশিত ভাৰত গঢ়াৰ এক শক্তিশালী চালিকাশক্তি হিচাপে গঢ়ি তুলিব।”

********

NR/AP/PB


(ৰিলিজ আই ডি : 2343531) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Marathi , Gujarati , Tamil , Kannada