প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৯.১১.২০২৬ তাৰিখে 'মন কী বাত'ৰ ১৪০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 29 NOV 2026 11:43AM by PIB Guwahati

মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ।

 

‘মন কী বাত’লৈ পুনৰবাৰ আপোনালোকক স্বাগতম। ‘মন কী বাত’ হৈছে দেশৰ প্ৰতিটো অঞ্চলৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ সফলতাসমূহ দাঙি ধৰাৰ এক মঞ্চ; য’ত আমি সমাজৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰোঁ আৰু জনসচেতনতাও বৃদ্ধি কৰোঁ। আজিৰ ‘মন কী বাত’ত মই প্ৰথমে তেনে এক বিষয়ৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ: আৰু সেয়া হ’ল ড্ৰাগছ আসক্তিৰ সমস্যা।

 

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বতে ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰতিভাক লৈ ব্যাপক চৰ্চা চলিছে। আমাৰ যুৱক-যুৱতীসকলে ডাঙৰ সপোন দেখিছে আৰু সেই সপোনবোৰক বাস্তৱত ৰূপ দিবলৈ সৰ্বশক্তিৰে কাম কৰি আছে; অৱশ্যে ড্ৰাগছৰ আসক্তি তেওঁলোকৰ এই আকাংক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। মোৰ বাবে ই এক স্বস্তিৰ বিষয় যে সমগ্ৰ দেশতে ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে সমাজৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি পাইছে। ‘নিচামুক্ত যুৱ অভিযান’ও পূৰ্ণগতিত চলি আছে। আমি এনে বহু অনুপ্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পাইছোঁ য’ত যুৱক-যুৱতীসকলে অদম্য ইচ্ছাশক্তিৰ বলত অতি কঠিন পৰিস্থিতিৰ সৈতে যুঁজি আসক্তিৰ পৰা মুক্ত হৈছে। তেওঁলোকে নিজৰ বিৰুদ্ধেই যুঁজ দি নিজৰ জীৱনক এক নতুন দিশলৈ আগবঢ়াই নিছে। আজি ‘মন কী বাত’ত মই তেনে এজন যুৱ বন্ধুক ফোন কৰিছোঁ। আহক, তেওঁৰ মুখৰ পৰাই পোনপটীয়াকৈ শুনোঁ যে তেওঁ ড্ৰাগছৰ বিৰুদ্ধে জীৱনৰ এই যুঁজখনত কেনেকৈ জয়ী হ’ল আৰু ইয়াৰ বাবে কি কি কষ্ট সহ্য কৰিব লগীয়া হ’ল। আহক, তেওঁৰ কথা শুনোঁ।

 

যুৱ বন্ধু: নমস্কাৰ ছাৰ। আপুনি কেনে আছে?

প্ৰধানমন্ত্ৰী: নমস্তে জী। আজি মই এজন নতুন বন্ধু পালোঁ। আমি আগতে কেতিয়াও লগ পোৱা নাই, কিন্তু আপোনাৰ বিষয়ে মই যি শুনিছোঁ...

যুৱ বন্ধু: হয়, ছাৰ।

প্ৰধানমন্ত্ৰী: ...তাৰ ভিত্তিত আপোনাৰ লগত কথা পাতিবলৈ মন গ’ল।

যুৱ বন্ধু: হয়, হয়.. নিশ্চয়, ছাৰ

প্ৰধানমন্ত্ৰী: বন্ধু, আপুনি আমাক ক’ব পাৰিবনে যে আপুনি কেনেকৈ নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ কবলত পৰিল?

যুৱ বন্ধু: ছাৰ... মই আগতে দিল্লীৰ সদৰ বজাৰত থাকিছিলোঁ। তাত মোৰ মাৰ ফালৰ আইতাৰ ঘৰ আছিল। তাৰ পৰিৱেশটো এনেকুৱা আছিল যে একেবাৰে সৰু ল’ৰা-ছোৱালীয়েও নিচাযুক্ত দ্ৰব্য সেৱন কৰিছিল— মই সিহঁতৰ চকুবোৰ শেঁতা পৰা দেখিছিলোঁ, আৰু মোৰ এনে লাগিছিল যে সিহঁত কিবা এটা বেয়া কামত লিপ্ত হৈ আছে। পিছলৈ, স্কুলত মই ওপৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰক এক বেলেগ ধৰণৰ জীৱনশৈলী যাপন কৰা দেখিছিলোঁ। মই সেই সকলোবোৰ কথাতে মন দিবলৈ আৰম্ভ কৰিলোঁ। দশম শ্ৰেণীত মই সৰু পৰিসৰত ড্ৰাগছ ল’বলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে মোৰ সেৱনৰ মাত্ৰা বাঢ়ি গ’ল। কেৱল চখ হিচাপে আৰম্ভ কৰা কথাটো কেতিয়ানো এটা অভ্যাসত পৰিণত হ’ল, মই গমেই নাপালোঁ। এয়া এক পূৰ্ণাংগ অভ্যাসগত প্ৰয়োজনীয়তা হৈ পৰিল। মোৰ এনে লাগিল যে মোক এইটো লাগিবই; এইটো অবিহনে মই একো কৰিব নোৱাৰোঁ। ই আনন্দদায়ক অনুভৱ দিছিল। সেইবাবেই মই প্ৰথম অৱস্থাত ইয়াক আৰম্ভ কৰিছিলোঁ। ই এক বিশেষ প্ৰৱাহ সৃষ্টি কৰিছিল— ই বৰ উপভোগ্য আছিল, আৰু এনে লাগিছিল যেন সকলোবোৰ ঠিকেই চলি আছে— একেবাৰে চিন্তামুক্ত। তাৰ বাবে যে মই শেষত কি মূল্য ভৰিব লাগিব, তাৰ মোৰ কোনো ধাৰণাই নাছিল।

 

প্ৰধানমন্ত্ৰী: নিশ্চয় ইয়াৰ বাবে আপোনাৰ বহুত টকা খৰচ হৈছিল, আৰু ইয়াৰ ফলত আন বেয়া অভ্যাসো গঢ় লৈ উঠিছিল নেকি?

যুৱ বন্ধু: হয়, ছাৰ। মই কিতাপ কিনাৰ বাবে, স্কুলৰ মাচুল দিবলৈ বা কেতিয়াবা পিকনিকলৈ যোৱাৰ নামত ঘৰৰ পৰা টকা বিচাৰিছিলোঁ— কিন্তু শেষত সেই আটাইবোৰ টকা ড্ৰাগছতে খৰচ কৰি পেলাইছিলোঁ।

প্ৰধানমন্ত্ৰী: ঠিক আছে। আপোনাৰ জীৱনৰ সেই টাৰ্নিং পইণ্ট বা পৰিৱৰ্তনৰ মুহূৰ্তটো কি আছিল, যেতিয়া আপুনি ড্ৰাগছৰ কবলৰ পৰা মুক্ত হৈ জীৱনটোক এটা নতুন দিশত আগুৱাই নিবলৈ সিদ্ধান্ত লৈছিল?

 

যুৱ বন্ধু: ছাৰ, মই একেবাৰে সৰুৰে পৰাই মোৰ মোমাইদেউ-আইতাৰ (মাকৰ ফালৰ) ঘৰতে আছিলোঁ। সৰুতেই দেউতাৰ মৃত্যু হৈছিল, গতিকে আইতাই মোক আৰু মাক জোৰকৈ নিজৰ ওচৰলৈ লৈ গৈছিল। মই ডাঙৰ হৈ অহাৰ লগে লগে মা আৰু আইতাই মোক লৈ বহুত ডাঙৰ আশা কৰিছিল— তেওঁলোকে সপোন দেখিছিল যে ল’ৰাটো ডাঙৰ হৈ এদিন ভাল মানুহ হ’ব। কিন্তু তেওঁলোকে তেনেকুৱা একোৱেই দেখি যাবলৈ নাপালে। প্ৰথমে মাৰ মৃত্যু হ’ল, আৰু তাৰ কিছুদিন পাছতেই আইতাও গুচি গ’ল। সেয়া মোৰ বাবে এক বৰ ডাঙৰ আঘাত আছিল; কাৰণ সেই সময়ত মোৰ চোৱা-চিতা কৰিবলৈ আন কোনো নাছিল। মই অনাথ হৈ পৰিলোঁ আৰু প্ৰায় ৰাস্তাত আহি পৰিলোঁ। মই ৰাস্তাতে থাকি দিন কটাইছিলোঁ— জাৰৰ দিনত আলুৰ বস্তাবোৰ খালী কৰি তাৰ ভিতৰতে সোমাই শুইছিলোঁ। ভাণ্ডাৰা আৰু লংগৰত দিয়া খাদ্য খাইছিলোঁ। মানে, কেৱল নিচাজাতীয় দ্ৰব্যৰ আসক্তিৰ বাবেই মই এক সঁচাকৈয়ে ভয়ংকৰ সময় পাৰ কৰিছিলোঁ। অৱস্থা এনেকুৱা পৰ্যায় পাইছিলগৈ যে মৃত্যু যেন মোৰ ঠিক সন্মুখতে থিয় হৈ আছিল, মোৰ হাতখনত ধৰিবলৈ হাত আগবঢ়াই দিছিল— মোক নিজৰ কবললৈ টানি নিবলৈ অপেক্ষা কৰি আছিল— কিন্তু মই তাক মোৰ আঙুলিটোও চুবলৈ নিদিলোঁ। ছাৰ, সেই সকলোবোৰ দেখি মই ভিতৰি ভিতৰি সম্পূৰ্ণৰূপে ভাঙি পৰিছিলোঁ। মই ভাবিছিলোঁ মোৰ কি গতি হ’ব; মোৰ নিজৰ পৰিয়ালেই মোক পৰিত্যাগ কৰিছিল আৰু আঁতৰাই পঠিয়াইছিল। যিহেতু সৰুতেই দেউতা ঢুকাইছিল আৰু মায়ে মোক আইতাৰ ঘৰলৈ লৈ গৈছিল, সেয়েহে দেউতাৰ ফালৰ পৰিয়ালৰ সৈতে মোৰ সকলো সম্পৰ্ক বিচ্ছিন্ন হৈছিল। মোৰ দেউতাৰ ফালৰ ককা-আইতাৰ লগতো মোৰ কোনো যোগাযোগ নাছিল, আৰু মোমাইদেউ-মামীয়েও মোক অকলশৰীয়া কৰি এৰি দিছিল, এই ভয়ত যে মোৰ প্ৰভাৱে তেওঁলোকৰ নিজৰ ল’ৰা-ছোৱালীৰ ওপৰত বেয়া প্ৰভাৱ পেলাব— "তাক আঁতৰাই ৰাখা"। আত্মীয় মানুহ ছাৰ। তেওঁলোকে কিয় চিন্তা কৰিব ছাৰ? কোনেও মোৰ অলপো খবৰ লোৱা নাছিল। মই সম্পূৰ্ণৰূপে পথভ্ৰষ্ট হৈ পৰিছিলোঁ। আৰু বন্ধুবোৰ... সিহঁত আটাইবোৰেই নিচাখোৰ আছিল— সকলো বেয়া কামত জড়িত থকা নিচাখোৰ বন্ধু— ড্ৰাগছ লোৱা, আৰু কেনেকৈ নিচা কৰিব পাৰি তাৰেই বুদ্ধি কৰি ফুৰা! কি কৰিম... সকলো ধৰণৰ বেআইনী কাম-কাজত জড়িত হৈ পৰিছিলোঁ... মই সেই সকলোবোৰৰ মাজত সাঙোৰ খাই পৰিছিলোঁ।

 

প্ৰধানমন্ত্ৰী: নাই, কোনটো টাৰ্নিং পইণ্টত আপুনি সিদ্ধান্ত ল’লে। কোনটো সেই ক্ষণ, যেতিয়া আপুনি এই অপকৰ্মবোৰৰ পৰা, এই নৰকীয় অস্তিত্বৰ পৰা মুক্ত হোৱাৰ সিদ্ধান্ত ল’লে?

 

যুৱ বন্ধু: ছাৰ, সেই ক্ষণটো আছিল এনেকুৱা… মোৰ এজন সংগী আছিল, যিয়ে মোক অলপ সহায় কৰিছিল। মই তেওঁক ক’লোঁ, “চাওক, মই ড্ৰাগছ এৰিব বিচাৰোঁ; অনুগ্ৰহ কৰি মোক অলপ সহায় কৰক।” মই তেওঁৰ পৰা বহুত আশা কৰিছিলোঁ। কিন্তু ঠিক শেষ মুহূর্তত তেওঁ মোৰ লগ এৰি দিলে।“নাই, মই আৰু তোমাৰ লগত নাই।” সেয়ে সেই ঘটনাই মোক সম্পূৰ্ণৰূপে ভাগি পেলালে, কাৰণ তেওঁ আছিল মোৰ শেষ সাৰথি আৰু এই আসক্তিৰ বাবেই মই মা, আইতা আৰু মোৰ গোটেই পৰিয়ালটো হেৰুৱালোঁ আৰু তেওঁ আছিল শেষৰজন ব্যক্তি, তেওঁকো হেৰুৱালোঁ। এয়া শুধৰণি কৰাৰ সময় আছিল। গতিকে মই এছ পি ৱাই এম (চ’চাইটি ফৰ দ্য প্ৰম’চন অফ ইউথ এণ্ড মাছেছ) নামৰ এটা পুনৰ সংস্থাপন কেন্দ্ৰৰ বিষয়ে জানিব পাৰিলোঁ। দিল্লীৰ বসন্ত কুঞ্জত ইয়াৰ মুখ্য কাৰ্যালয় আছে। গতিকে মই তালৈ গ’লোঁ। তাত চিকিৎসা ল’লোঁ। বাহিৰলৈ ওলাই আহিলোঁ। মই তাত অকলশৰীয়া আছিলোঁ ছাৰ। তাত চিকিৎসা লৈ বাহিৰলৈ ওলাই আহিলোঁ। তাৰ পাছত আকৌ নিচাত পৰিলোঁ। পৰিস্থিতি বেয়া হ’ল, তাত থকা লোকসকলে মোক পুনৰ মাতি নিলে। এনেকৈ তিনিবাৰ হ’ল। তাৰ পাছত মই তেওঁলোকক মোৰ গোটেই সমস্যাটো ক’লোঁ। তেওঁলোকে সুধিলে মই কিয় বাৰে বাৰে নিচাত পৰোঁ।  তেতিয়া মই তেওঁলোকক ক’লোঁ যে মই সম্পূৰ্ণ অকলশৰীয়া। তাৰ পৰা ওলাই আহি মই ক’লৈ যাম, মোৰ ঘৰ ক’ত বা মই ক’ত থাকিম তাৰ কোনো ধাৰণাই নাছিল। মোৰ কোনো ধাৰণা নাছিল ছাৰ। কেৱল যাবলৈ আৰু থাকিবলৈ আন কোনো ঠাই নথকাৰ বাবেই মই অৱশ্যম্ভাৱীভাৱে সেই একেখিনি মানুহৰ ওচৰলৈ, মোৰ পুৰণি “বন্ধুসকলৰ” ওচৰলৈ ঘূৰি গৈছিলোঁ।

 

প্ৰধানমন্ত্ৰী: আপুনি অতি বেয়া দিন পাৰ কৰিছে আৰু আসক্তিৰ পৰা মুক্ত হোৱাৰ আপোনাৰ প্ৰয়াসতো বাধাৰ সন্মুখীন হৈছিল। ইয়াৰ অৰ্থ হ’ল, সেয়া নিশ্চয় এক অতি প্ৰত্যাহ্বানমূলক পৰ্যায় আছিল। যেতিয়া সেই জীৱনৰ পৰা সাৰিবলৈ থকা ইচ্ছাটোও ধৰি ৰখাটো কঠিন হৈ পৰিছিল?

যুৱ বন্ধু: ছাৰ, ভিতৰৰ এটা ভাৱ আছিল যে এইটো এৰি দিব লাগে… আনহাতে আন এটা চিন্তাই কৈছিল, “তোমাৰ জীৱনৰ আৰু কিমান দিন বাকী আছে। ড্ৰাগছ লৈয়েই থাকক আৰু অধ্যায়টো শেষ কৰি দিয়ক।” ছাৰ, কিন্তু মই সেই মাতটো নুশুনাৰ সিদ্ধান্ত ল’লোঁ; তাৰ সলনি মই মোৰ সেই অংশটোৰ কথা শুনিলোঁ, যিয়ে কৈছিল, “নাই, মই মোৰ জীৱনটো উন্নত কৰিবই লাগিব। মই নিজৰ বাবে কিবা এটা কৰিব লাগিব।” বিশেষকৈ যেতিয়া সকলোৱে কৈছিল, “সি একো কৰিব নোৱাৰিব।” মোৰ পৰিয়ালে মোক এৰি গ’ল… সকলোৱে মোক নিজৰ ভৰিত নিজে থিয় হ’বলৈ এৰি থৈ গ’ল।

 

প্ৰধানমন্ত্ৰী: আপোনাৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত, দেশৰ যিসকল যুৱক-যুৱতী এতিয়াও নিচাৰ কৱলত ফচি আছে, তেওঁলোকক যদি আপুনি কিবা ক’বলগীয়া থাকে— তেন্তে তেনে যুৱক-যুৱতীসকলক আপুনি কি ক’ব?

যুৱ বন্ধু: ছাৰ, মই তেওঁলোকক কেৱল এইটোৱেই ক’ম যে আৰম্ভণিতে এই বস্তুবোৰ বহুত আনন্দদায়ক যেন লাগে… কিন্তু ইয়াৰ পৰিণাম কেৱল আমিয়েই নহয়, আমাৰ পৰিয়ালবোৰেও ভুগিবলগীয়া হয়। ইয়াত মুঠেও কোনো লাভ নাই— কেৱল ক্ষতি, ক্ষতি আৰু কেৱল ক্ষতিহে… আন একো নাই। এই নিচাত আবদ্ধ হৈ থকাসকলক মই এটা সৰল বাৰ্তা দিব বিচাৰিম: ছাৰ, আমাৰ জীৱনটো বহুত ধুনীয়া আৰু সঁচাকৈয়ে ভাল। যদি আমি সঠিক পথেৰে জীৱনটো জীয়াই থাকোঁ, তেন্তে জীৱনে আগবঢ়োৱা সকলো বস্তু আমি উপভোগ কৰিব পাৰিম।

 

 প্ৰধানমন্ত্ৰী: বাৰু, আপোনাৰ লগত কথা পাতি ভাল লাগিল। আপুনি জয়ী হোৱা এই যুঁজত ধাৰাবাহিক সফলতা কামনা কৰোঁ। আপুনি বিজয়ী হৈ থাকক আৰু কেতিয়াও এই আসক্তিলৈ ঘূৰি নাযাওক। এই দৃঢ় সংকল্প লৈ জীয়াই থাকক আৰু লগ পোৱা আন লোকসকলকো পথ প্ৰদৰ্শন কৰি থাকক যে এইটো ভুল পথ।

যুৱ বন্ধু: হয়, ছাৰ। ধন্যবাদ, ছাৰ।

প্ৰধানমন্ত্ৰী: বন্ধু, আপোনাক বহুত বহুত শুভেচ্ছা জনালোঁ। আপোনাক অশেষ শুভকামনা!

যুৱ বন্ধু: ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰী: বন্ধু, এই ভয়ংকৰ ড্ৰাগছৰ নিচাৰ পৰা মুক্ত হোৱাৰ বাবে মই তোমাক আকৌ এবাৰ অভিনন্দন জনাইছোঁ। তুমি দেখুৱাই দিলা যে যেতিয়া কাৰোবাৰ দৃঢ় ইচ্ছাশক্তি থাকে, তেতিয়া কোনো লক্ষ্যই অসম্ভৱ নহয়। তোমাৰ এই কাহিনী শুনি ড্ৰাগছৰ নিচা ত্যাগ কৰিব বিচৰা আন বহুতো যুৱক-যুৱতীয়ে অনুপ্ৰেৰণা পাব। আমাৰ পৰিয়াল আৰু দেশৰ বাবে আমাৰ যুৱ প্ৰজন্ম ড্ৰাগছমুক্ত হৈ থকাটো অত্যন্ত জৰুৰী। তোমালৈ মোৰ বহুত শুভকামনা থাকিল।

মোৰ প্ৰিয় দেশবাসী,

যেতিয়াই আমি জীৱনত কিবা নতুন কথা শিকো, তেতিয়াই আমি এক অনন্য আনন্দ অনুভৱ কৰোঁ - আৰু শিকাৰ বাবে কোনো বয়সৰ সীমা নাথাকে। আজি মই আপোনালোকৰ আগত দেশৰ সেই লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বিষয়ে ক’ব বিচাৰিছোঁ, যিসকলে কিবা নতুন শিকাৰ প্ৰতি অতিশয় আগ্ৰহ দেখুৱাইছে। তেওঁলোকৰ বহুতেই ২০ৰ পৰা ২৫ বছৰ ধৰি চৰকাৰী সেৱাত নিয়োজিত হৈ আছে। ইমান দীঘলীয়া অভিজ্ঞতা থকা সত্ত্বেও তেওঁলোকে নিজৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ নতুন কিবা এটা শিকিবলৈ সময় উলিয়াইছে— আৰু ইয়াৰ বাবে তেওঁলোকে এটা ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰিছে… যাৰ নাম হৈছে   আই-গট ( iGOT)  কৰ্মযোগী। এই প্লেটফৰ্মটোৱে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ১৭টা ভাৰতীয় ভাষাত ৭,০০০ৰো অধিক পাঠ্যক্ৰম আগবঢ়াইছে। লাখ লাখ চৰকাৰী কৰ্মচাৰীয়ে বিভিন্ন পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে; কিছুমানে কৃত্ৰিম বুদ্ধিমত্তা অধ্যয়ন কৰিছে, আনহাতে আন কিছুমানে ভাৰতীয় সাংকেতিক ভাষা শিকিছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু নতুন প্ৰযুক্তিৰ বিষয়ে শিকাৰ ক্ষেত্ৰত আমাৰ ‘কৰ্মযোগী’সকলৰ মাজত মই এক অভূতপূৰ্ব উৎসাহ লক্ষ্য কৰিছোঁ। এই বিষয়সমূহৰ লগত জড়িত ২০০ৰো অধিক পাঠ্যক্ৰম আছে, যিবোৰ ৩.২৫ কোটিৰো অধিক বাৰ সম্পূৰ্ণ কৰা হৈছে।

 

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ উপৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰীসকলো ইয়াৰ সৈতে সংযুক্ত হৈছে। আমাৰ আশা ভগ্নীসকল, অংগনৱাড়ী কৰ্মীসকল, আমাৰ শিক্ষকসকল, আৰক্ষী বাহিনী, স্বাস্থ্যকৰ্মী আৰু চাফাই কৰ্মীসকল। চৰকাৰী ব্যৱস্থাৰ এই সকলো ব্যক্তিয়েই প্ৰতিদিনে দেশবাসীৰ সংস্পৰ্শলৈ আহে। এই বন্ধুসকলে যেতিয়া নতুন কিবা শিকে, যেতিয়া তেওঁলোকে ‘iGOT কৰ্মযোগী’ত পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ‘কৰ্মযোগী’ হয়, তেতিয়া ইয়াৰ সুফল তেওঁলোকে কাম কৰা সকলো লোকলৈ সম্প্ৰসাৰিত হয়।

 

বন্ধুসকল,

 

‘নাগৰিক দেৱো ভৱ’ হৈছে ‘মিছন কৰ্মযোগী’ৰ মূল মন্ত্ৰ। লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ মাজত শিকাৰ এই উৎসাহ ‘বিকশিত ভাৰত’ৰ দিশত আমাৰ যাত্ৰাত এক বিশাল শক্তি।

 

মোৰ প্ৰিয় দেশবাসী,

কল্পনা কৰকচোন, আপোনাৰ ম’বাইল ফোনটো হেৰালে কিমান অসুবিধা হয়। আপোনাৰ ম’বাইলত আপোনাৰ ফোন নম্বৰ, ফটো, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু আন বহুতো অত্যাৱশ্যকীয় তথ্য থাকে। এবাৰ ফোন হেৰালে ইয়াক ঘূৰাই পোৱাৰ আশা ক্ৰমান্বয়ে ক্ষীণ হৈ আহে। কিন্তু এতিয়া আৰু তেনে নহয়। আপুনি আপোনাৰ হেৰোৱা ম’বাইল ফোনটো ঘূৰাই পাব পাৰে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ এক ডিজিটেল প্লেটফৰ্মে যথেষ্ট সহায় কৰিব পাৰে। এই প্লেটফৰ্মটোৰ নাম ‘সঞ্চাৰ সাথী’। এতিয়ালৈকে ‘সঞ্চাৰ সাথী’ প’ৰ্টেলত ৩০ কোটিৰো অধিক লোকে চাইছে। ইয়াৰ এপটো প্ৰায় ৩ কোটি লোকে ডাউনলোড কৰিছে।

 

বন্ধুসকল,

প্ৰশ্ন হয়: ‘সঞ্চাৰ সাথী’য়ে আচলতে কেনেকৈ কাম কৰে?

প্ৰকৃততে, প্ৰতিটো ম’বাইল ফোনৰে এক অনন্য পৰিচয় থাকে।  ইয়াক আই এম ই আই নম্বৰ বুলি কোৱা হয়। ‘সঞ্চাৰ সাথী’য়ে আপোনাৰ হেৰোৱা ম’বাইল ফোনটো বিচাৰি উলিওৱাত সহায় কৰিবলৈ এই পৰিচয়ক ব্যৱহাৰ কৰে। আৰক্ষীত অভিযোগ দাখিল কৰাৰ লগতে আপোনাৰ ডিভাইচটো ব্লক কৰিবলৈ ‘সঞ্চাৰ সাথী’ প’ৰ্টেলত আই এম ই আই নম্বৰ আৰু আন প্ৰয়োজনীয় বিৱৰণ দিব পাৰে। তাৰ পাছত কোনেও নতুন ছিম কাৰ্ড ভৰালেও ফোনটো ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু ইয়াৰ অনন্যতা ইয়াতেই শেষ নহয়। কোনোবাই নতুন ছিম কাৰ্ড ভৰাই নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰাৰ লগে লগে আৰক্ষীৰ বাবে ইয়াক ট্ৰেক কৰাটো আৰু অধিক সহজ হৈ পৰে।

 

বন্ধুসকল,

 

এই ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ দেশতে ১৪ লাখৰো অধিক হেৰুৱা ম’বাইল ফোন উদ্ধাৰ কৰি মালিকক ঘূৰাই দিয়া হৈছে। অৰ্থাৎ, য’ত এসময়ত হেৰোৱা ফোন ঘূৰাই পোৱাৰ আশা তেনেই কম আছিল, আজি প্ৰযুক্তিয়ে ইয়াক পুনৰ ঘূৰাই পোৱাৰ এক নতুন সম্ভাৱনা প্ৰদান কৰিছে।

 

বন্ধুসকল,

‘সঞ্চাৰ সাথী’য়ে  আমাক ইজনে সিজনক সহায় কৰাৰো এক সুযোগ প্ৰদান কৰে। ধৰক আপোনালৈ কোনোবাই OTP বিচাৰি প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে ফোন কৰিছে; আপুনি বুজি পালে যে এয়া এজন প্ৰৱঞ্চক আৰু আপুনি ফোনটো কাটি দিলে। কিন্তু, আপুনি যিজন প্ৰৱঞ্চকৰ পৰা বাচি আহিল, সেই একেজন প্ৰৱঞ্চকেই হয়তো কোনো এজন বয়োজ্যেষ্ঠ ব্যক্তিক ফোন কৰিব পাৰে, যি তেওঁলোকৰ ফান্দত ভৰি দিব পাৰে। এনে পৰিস্থিতিত, অনুগ্ৰহ কৰি ‘সঞ্চাৰ সাথী’ পৰ্টেলত সেই সন্দেহজনক কলটোৰ বিষয়ে অভিযোগ দাখিল কৰক। পুনেৰ বাসিন্দা হিমাংশু সিং জীয়ে ‘সঞ্চাৰ সাথী’ত এনে ৩০০তকৈও অধিক নম্বৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। তেওঁৰ এই প্ৰচেষ্টাই বিগত এবছৰত প্ৰায় ১৮,০০০ মোবাইল সংযোগ বাতিল কৰাত অৰিহণা যোগাইছে। ঠিক সেইদৰে, অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰৰ বিবেক আলহাৰী জীও আছে। এজন সচেতন নাগৰিকৰ ভূমিকা পালন কৰি তেওঁ ‘সঞ্চাৰ সাথী’ প্লেটফৰ্মত ৯০০তকৈও অধিক ভুৱা নম্বৰৰ তথ্য শ্বেয়াৰ কৰিছে। তেওঁৰ এই প্ৰচেষ্টাই প্ৰায় ১৭,০০০ মোবাইল সংযোগ বিচ্ছিন্ন কৰাত সহায় কৰিছে। আপোনালোকেও তেওঁলোকৰ পৰা শিকক; আপোনাৰ এই সামান্য প্ৰচেষ্টাই দেশৰ আন কোনোবা এটা কোণত থকা এটা পৰিয়ালৰ গোটেই জীৱনৰ সাঁচতীয়া ধন ৰক্ষা কৰিব পাৰে।

বন্ধুসকল,

 

বেংক, পেমেণ্ট এপ, টেলিকম কোম্পানী আৰু আৰক্ষীকে ধৰি ১,৬০০ৰো অধিক প্ৰতিষ্ঠান ‘সঞ্চাৰ সাথী’ৰ সৈতে সংযুক্ত হৈ আছে। ইয়াৰ ফলত ছাইবাৰ প্ৰতাৰণাৰ বহু প্ৰয়াস সময়মতেই ব্যৰ্থ কৰাত সহায় হয়। এই ব্যৱস্থাৰ জৰিয়তে এতিয়ালৈকে ৫,০০০ কোটি টকাৰো অধিক সম্ভাৱ্য লোকচান ৰোধ কৰা হৈছে। এই এপটো ২৩টা ভাষাত উপলব্ধ আৰু ব্যৱহাৰ কৰিবলৈ অতি সহজ। অনুগ্ৰহ কৰি ‘সঞ্চাৰ সাথী’ৰ বিষয়ে যিমান পাৰে সিমান মানুহৰ মাজত প্ৰচাৰ কৰক। আমি লোৱা সৰু সৰু সাৱধানতাই সকলোৰে বাবে ডিজিটেল বিশ্বখনক অধিক নিৰাপদ কৰি তুলিব পাৰে।

 

মোৰ প্ৰিয় দেশবাসী,

 

আমি যেতিয়া কোনো নতুন ঠাইলৈ যাওঁ, তেতিয়া তাৰ বিখ্যাত ঐতিহাসিক স্থলসমূহ চাবলৈ আৰু স্থানীয় খাদ্যৰ সোৱাদ ল’বলৈ বিচাৰোঁ। মই আপোনালোকক অনুৰোধ কৰোঁ: আপুনি য’তেই ভ্ৰমণ নকৰক কিয়, তাত থকা সংগ্ৰহালয়সমূহৰ বিষয়ে জানিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিব। শেহতীয়াকৈ ভাৰতৰ সংগ্ৰহালয়সমূহ সম্পৰ্কে কিছু বাতৰি ওলাইছে, যিবোৰ অতি উৎসাহজনক।

 

বন্ধুসকল,

পাটনাৰ বিহাৰ সংগ্ৰহালয়ে বিশ্বৰ ১০০টা শ্ৰেষ্ঠ সংগ্ৰহালয়ৰ তালিকাত নৱম স্থান দখল কৰিছে। এই তালিকাত বিহাৰ সংগ্ৰহালয় এছিয়াৰ ভিতৰত প্ৰথম স্থানত আছে। আপুনি পেৰিছৰ লুভ্ৰ সংগ্ৰহালয়ৰ নাম শুনিছে। নিউয়ৰ্কৰ মেট সংগ্ৰহালয়ো সমগ্ৰ বিশ্বতে অতি বিখ্যাত… এই তালিকাত বিহাৰ সংগ্ৰহালয় দুয়োটাৰে আগত আছে।

 

বন্ধুসকল,

 

গুজৰাটৰ বাডনগৰতো এক অনন্য সংগ্ৰহালয় আছে। ইয়াৰ নাম ‘অনন্ত অনাদি বাডনগৰ প্ৰত্নতাত্বিত সংগ্ৰহালয়’। বাডনগৰত প্ৰত্নতত্ত্ব বিভাগে চলোৱা খনন কাৰ্যৰ সময়ত বিভিন্ন ঐতিহাসিক যুগৰ অসংখ্য পুৰাতাত্ত্বিক সামগ্ৰী আৱিষ্কাৰ হৈছিল। খনন কাৰ্য চলা ঠিক সেই স্থানতেই এই সংগ্ৰহালয়টো গঢ় তোলা হৈছে। ইয়াত এটা পথ নিৰ্মাণ কৰা হৈছে, য’ৰে খোজ কাঢ়ি দৰ্শনাৰ্থীসকলে মাটিৰ কেইবামিটাৰ তলত হোৱা খনন কাৰ্য নিৰীক্ষণ কৰিব পাৰে। বাডনগৰ সংগ্ৰহালয়ত পাঁচ হাজাৰৰো অধিক প্ৰাচীন পুৰাতাত্ত্বিক সামগ্ৰীও প্ৰদৰ্শন কৰা হৈছে। ঠিক এই মাহতেই বাডনগৰ সংগ্ৰহালয়ে বাৰ্লিনত ডিজাইন জগতৰ এক সন্মানীয় স্বীকৃতি ‘ৰেড ডট: বেষ্ট অফ দ্য বেষ্ট এৱাৰ্ড’ লাভ কৰিছে। এই স্বীকৃতি লাভ কৰা ই ভাৰতৰ প্ৰথমটো সংগ্ৰহালয়।

 

বন্ধুসকল,

 

বাডনগৰ হৈছে এনে এক নগৰ, যি কাশীৰ দৰেই হাজাৰ হাজাৰ বছৰ ধৰি প্ৰাণৱন্ত হৈ আছে; আৰু সংযোগটো লক্ষ্য কৰকচোন… মোৰ জন্ম হৈছিল বাডনগৰত, আনহাতে মই কাশীৰ সাংসদ। মাত্ৰ কেইদিনমান আগতে কাঞ্চী কামাকোটি পীঠৰ শ্ৰদ্ধেয় শংকৰাচাৰ্যও বাডনগৰলৈ আহিছিল। তেওঁ বাডনগৰক ‘গুজৰাটৰ কাশী’ পৰিচয় প্ৰদান কৰিছে।

 

বন্ধুসকল,

 

কলাৰ জগততো ভাৰতে এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। ইটালীৰ ভেনিচত এক অতি সন্মানীয় কলা প্ৰদৰ্শনী অনুষ্ঠিত হয় ‘ভেনিচ আৰ্ট বিয়েনেল’। ইয়াক ‘কলা জগতৰ অলিম্পিক’ বুলিও কোৱা হয়। এইবাৰ তাত থকা ভাৰতৰ পেভিলিয়ন প্ৰায় চাৰে চাৰি লাখ লোকে দৰ্শন কৰিছে। লক্ষণীয়ভাৱে, সমগ্ৰ বিশ্বৰ দৰ্শনাৰ্থীসকলে ভাৰতৰ পেভিলিয়নক শ্ৰেষ্ঠ হিচাপে ভোট দিছে। আমাৰ শিল্পীসকলে প্ৰমাণ কৰি দেখুৱাইছে যে ভাৰতৰ পৰম্পৰাগত কলাসমূহ যেতিয়া এক নতুন ৰূপত উপস্থাপন কৰা হয়, তেতিয়া সেইবোৰে সমগ্ৰ বিশ্বকে মুগ্ধ কৰে।

 

বন্ধুসকল,

 

কলা, স্থাপত্য আৰু ডিজাইনৰ এক বিশাল উৎসৱ এতিয়া ভাৰততো অনুষ্ঠিত হ’বলৈ গৈ আছে। ডিচেম্বৰৰ প্ৰথম সপ্তাহত দিল্লীত ‘ইণ্ডিয়া বিয়েনেল’ আৰম্ভ হ’ব। এইবাৰ সম্পূৰ্ণ ১০৮দিন ধৰি দেশৰ ঐতিহাসিক স্মৃতিসৌধ, সংগ্ৰহালয় আৰু আৰ্ট গেলেৰীসমূহ এই উদযাপনৰ অংশ হ’ব। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যে অলপ সময় উলিয়াই আপোনালোকৰ সন্তানসকলকো এই অনুষ্ঠানলৈ লৈ যাব। আমাৰ ঐতিহ্যৰ বিষয়ে আমি যিমানেই জানিম, ভাৰতক বুজাৰ আমাৰ যাত্ৰা সিমানেই সমৃদ্ধ হ’ব।

 

মোৰ প্ৰিয় দেশবাসী,

শীতকালৰ কথা ক’লে গুৰৰ মিঠাৰ কথা কেনেকৈ নাহিব? শতিকাজুৰি আমাৰ ঘৰত সোৱাদ আৰু স্বাস্থ্য উভয়ৰে ভঁৰাল স্বৰূপ গুৰ এতিয়া বিশ্বজুৰি বিয়পি পৰিছে। তামিলনাডুৰ ইৰোডৰ জৈৱিক তালৰ গুৰ (অৰ্গেনিক পামাইৰা জেগাৰী) প্ৰথমবাৰৰ বাবে ইউৰোপত উপস্থিত হৈছে। ইয়াত গুৰৰ পৰম্পৰাগত সোৱাদৰ লগতে গুণগত মানো সংযুক্ত হৈছে। ইয়াৰ পূৰ্বে ‘মন কী বাত’ত আমি মৌৰ মিঠা আৰু ‘ছুইট ৰিভলিউশ্যন’ৰ বিষয়ে আলোচনা কৰিছিলোঁ; এতিয়া আমাৰ গুৰৰ মিঠাও নতুন বজাৰত উপস্থিত হৈছে।

 

বন্ধুসকল,

 

ভাৰতীয় চকলেটেও বিশ্ব মঞ্চত এক স্বকীয় পৰিচয় গঢ়ি তুলিছে। যোৱা বছৰেই চকলেট আৰু ক’ক’আধাৰিত সামগ্ৰীৰ ৰপ্তানি প্ৰায় ২৫শতাংশ বৃদ্ধি পাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ উদ্যোগীসকলে চকলেট নিৰ্মাণত নতুন ধাৰণা লৈ আগবাঢ়ি আহিছে। আজি এই খণ্ডৰ আমাৰ বহু ষ্টাৰ্টআপে উদ্ভাৱনক আগুৱাই নিছে, বহু ষ্টাৰ্টআপে স্থানীয়ভাৱে সংগৃহীত উপাদান ব্যৱহাৰ কৰি অনন্য নতুন সোৱাদ সৃষ্টি কৰিছে। ইয়াৰ ফলত আমাৰ কৃষক, মাতৃ-ভগ্নী আৰু যুৱ উদ্যোগীসকলৰ বাবে একেলগে নতুন সুযোগ সৃষ্টি হৈছে।

 

বন্ধুসকল,

আপোনালোকে জানেনে যে চকলেট আৰু গুজৰাটৰ কচ্ছ অঞ্চলৰ মাজত এক উল্লেখযোগ্য সংযোগ আছে? এই সংযোগটো হ’ল উটৰ গাখীৰৰ পৰা তৈয়াৰী চকলেট। আমূলে স্থানীয় উট পালকসকলে যোগান ধৰা গাখীৰ ব্যৱহাৰ কৰি চকলেট-কেশৰ সোৱাদযুক্ত গাখীৰ আৰু ‘ৰাজভোগ’ আইচক্ৰীম প্ৰস্তুত কৰে। উটৰ গাখীৰ সম্পৰ্কীয় পৰিসংখ্যা সঁচাকৈয়ে উৎসাহজনক; সৰহদ ডেইৰীত দৈনিক উটৰ গাখীৰ সংগ্ৰহ ১,৩০০লিটাৰৰ পৰা ৫,৫০০লিটাৰলৈ বৃদ্ধি পাইছে। ২০১৭–১৮ৰ তুলনাত এয়া চাৰিগুণতকৈও অধিক বৃদ্ধি। উটৰ গাখীৰ এতিয়া এনে পেকেজিঙত উপলব্ধ, যিয়ে দীৰ্ঘদিন ধৰি ভালে থকাটো নিশ্চিত কৰে। ইয়াক পাউদাৰলৈও প্ৰক্ৰিয়াকৰণ কৰা হৈছে। ইয়াৰ ফলত কচ্ছৰ বহু দূৰত বাস কৰা গ্ৰাহকসকলৰ বাবেও ই সহজলভ্য হৈ পৰিছে।

 

বন্ধুসকল,

বিশেষজ্ঞসকলে আঙুলিয়াই দিয়ে যে উটৰ গাখীৰে বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। ডায়েবেটিছত ভোগা লোকসকলৰ বাবে ই উপকাৰী বুলি গণ্য কৰা হয়। লেক্ট’জ ইনটলাৰেন্স থকা লোকসকলৰ বাবেও ই এক উৎকৃষ্ট বিকল্প হ’ব পাৰে। ইয়াত মেদ আৰু কলেষ্টেৰল দুয়োটাই কম থাকে।

 

বন্ধুসকল,

 

চুৰাটৰ ‘স্মিটেন’ (Schmitten) চকলেটেও ‘মেড ইন ইণ্ডিয়া’ উৎকৃষ্ট চকলেট ব্ৰেণ্ড হিচাপে বিশ্বজুৰি এক স্বকীয় স্থান দখল কৰিছে। এতিয়া আমি আমাৰ দেশত আকৰ্ষণীয় চকলেট ব’টিকৰ এক নতুন ধাৰা দেখি আছোঁ। তাত আপুনি ভাৰতীয়ত্বৰ প্ৰতিফলন ঘটোৱা এক বিলাসী অভিজ্ঞতা লাভ কৰিব। আমাৰ শতিকা পুৰণি মিঠাৰ পৰম্পৰা নতুন উদ্ভাৱনৰ জৰিয়তে বিকশিত হৈ আছে, আৰু আমাৰ কৃষক তথা যুৱ উদ্যোগীসকলৰ জীৱনলৈ ইয়াৰ মিঠা কঢ়িয়াই আনিছে।

 

বন্ধুসকল,

 

আমি চকলেটৰ বিষয়ে যথেষ্ট কথা পাতিলোঁ এতিয়া অলপ ব্যায়ামৰ বিষয়েও কথা পতা উচিত নহয় জানো? চাইকেল চলোৱাটো তাৰ বাবে এক চমৎকাৰ উপায়। মই এই কথা জানি আনন্দিত হৈছোঁ যে ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ অধীনত ‘ছানডেজ অন চাইকেল’ পদক্ষেপটোৱে ১০০টা সংস্কৰণ সম্পূৰ্ণ কৰিছে। ডিচেম্বৰ, ২০২৪ত আৰম্ভ হোৱাৰ পৰা এনে এটাও দেওবাৰ যোৱা নাই, য’ত ইয়াৰ আয়োজন কৰা হোৱা নাই। ৩০,০০০ৰো অধিক স্থানত ৩৭ লাখতকৈও অধিক লোক ইয়াত চামিল হৈছে। পুনেৰ পৰা আন এক ভাল খবৰ আছে: তাত ২০৩২ চনৰ UCI ৰোড ৱৰ্ল্ড চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। ভাৰতে ক্ৰীড়া ক্ষেত্ৰত নিৰন্তৰ নতুন মাইলৰ খুঁটি অৰ্জন কৰি আছে। আমাৰ ফুটবল দলে অভিলেখসংখ্যক দশমবাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপ জিকিছে। বেডমিণ্টনত লক্ষ্য সেনে জাৰ্মানী আৰু জাপানত একেৰাহে দুটা ছুপাৰ ৫০০ খিতাপ অৰ্জন কৰিছে। তেওঁ কুমামোটো মাষ্টাৰ্ছ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। একে সময়তে পি ভি সিন্ধুৱে হাইল’ অ’পেন জিকি ভাৰতৰ বাবে আন এটা খিতাপ যোগ দিছে। আমাৰ যুৱ চেম্পিয়নসকলৰ বাবে আন এক ডাঙৰ সুযোগ অপেক্ষা কৰি আছে: ১১ৰ পৰা ২২ ডিচেম্বৰলৈ তেলেংগানাৰ ৬খন চহৰত অষ্টম খেলো ইণ্ডিয়া যুৱ গেমছ অনুষ্ঠিত হ’ব। মই সকলো খেলুৱৈ, এথলীটলৈ অশেষ শুভকামনা জনাইছোঁ, খেলি থাকক, বিকশিত হৈ থাকক!

 

বন্ধুসকল,

 

দেশৰ বহু প্ৰান্তত শীত নামিছে। বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমি আমাৰ ফিটনেছৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। আমি পূৰ্ণ উদ্যমেৰে ‘ফিট ইণ্ডিয়া আন্দোলন’ আগুৱাই নিব লাগিব। লগতে আপোনাৰ আহাৰত তেলৰ ব্যৱহাৰ ১০ শতাংশ কমাবলৈ মই দিয়া পৰামৰ্শ মনত ৰাখিব। মেদবহুলতা আমাৰ দেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান; আমি ইয়াক কেতিয়াও আওকাণ কৰিব নালাগে। বৃদ্ধি পোৱা মেদবহুলতাই বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে, গতিকে আমাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰতি সচেতন হৈ থকাটো অতি প্ৰয়োজনীয়।

 

বন্ধুসকল,

 

ভাৰত ভূমিৰ মাজেৰে বৈ যোৱা সেৱাৰ মনোভাৱ বিশ্বজুৰি বিয়পি পৰিছে। বিভিন্ন দেশত থকা আমাৰ প্ৰৱাসী ভাৰতীয়সকলেও তেনে সেৱামূলক পদক্ষেপসমূহত সক্ৰিয়ভাৱে অৰিহণা যোগাই আহিছে। মাজে মাজে মই ‘মন কী বাত’ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত চলি থকা এনে সেৱামূলক প্ৰয়াসৰ কাহিনী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। শেহতীয়াকৈ মই কানাডাত চলি থকা তেনে কিছু পদক্ষেপৰ বিষয়ে জানিব পাৰিলোঁ। ইয়াৰে এটা হ’ল ‘সাই ধাম ফুড বেংক’। ইয়াৰ লক্ষ্য হ’ল কোনো যাতে ভোকাতুৰ পেটে শুবলগীয়া নহয়। এই পদক্ষেপৰ অধীনত গ্ৰেটাৰ টৰণ্টো আৰু হেমিল্টন অঞ্চলত প্ৰতি মাহে প্ৰায় ৬০,০০০ লোকক সহায় কৰা হৈছে। এই ফুড বেংকৰ পৰা বয়সীয়াল আৰু দিব্যাংগসকলৰ ওচৰতো খাদ্য গৈ পায়। কানাডাৰ ৰেড এফ এমৰ সৈতে জড়িত কুলবিন্দৰ সংঘেৰা জী তেনে এক প্ৰশংসনীয় প্ৰয়াসত নিয়োজিত হৈ আছে। তেওঁ মানুহক সংযোগ কৰা আৰু সেৱামূলক কাম কৰাৰ মাধ্যম হিচাপে কমিউনিটি ৰেডিঅ’ক গঢ় দিছে। তেওঁৰ প্ৰয়াসসমূহ শ্ৰী গুৰু নানক দেৱ জীৰ শিক্ষা আৰু শিখ ধৰ্মত নিহিত থকা নিস্বাৰ্থ সেৱাৰ মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত।

 

মোৰ প্ৰিয় দেশবাসী,

 মাত্ৰ কেইদিনমান আগতে আমি ‘প্ৰকাশ পৰ্ব’ উদযাপন কৰিলোঁ। দিল্লীত শাবদ কীৰ্তনত অংশগ্ৰহণ কৰাৰ সৌভাগ্য মোৰো হৈছিল। এই পৱিত্ৰ অভিজ্ঞতা সদায় মোৰ লগত থাকিব।

 

বন্ধুসকল,

আমাৰ শিখ গুৰুসকলৰ প্ৰতিচ্ছবি দেখা মাত্ৰেই হৃদয় গভীৰ শ্ৰদ্ধাৰে ভৰি পৰে। কোনোবাই ভাবি চাব পাৰে: এই পৱিত্ৰ ছবিবোৰ কোনে আঁকিছিল? শিখ গুৰুসকলৰ এনে অপূৰ্ব চিত্ৰ অংকন কৰা মহান শিল্পীজন আছিল শোভা সিং জী। আজি, ২৯ নৱেম্বৰ তেওঁৰ ১২৫সংখ্যক জন্মবাৰ্ষিকী। শোভা সিং জীয়ে কেইবছৰমান সেনাবাহিনীত ড্ৰাফ্টছমেন হিচাপেও কাম কৰিছিল। সেই সময়ত তেওঁ বাগদাদতো সেৱা আগবঢ়াইছিল। তেওঁৰ ১২৫ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ সন্মানাৰ্থে এটা স্মাৰক মুদ্ৰা মুকলি কৰাটোৱে শিখ সম্প্ৰদায়ক যথেষ্ট আনন্দ দিছে।

 

বন্ধুসকল,

 ‘মন কী বাত’ৰ শ্ৰোতাসকলক মই উল্লেখ কৰিব বিচৰা আন এগৰাকী বিশিষ্ট ব্যক্তি আছে। তেওঁ হ’ল বি এন ৰাও। আমাৰ সংবিধান খচৰা প্ৰস্তুত কৰাত বি এন ৰাও জীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মাত্ৰ দুদিন আগতে আমি সংবিধান দিৱসো উদযাপন কৰিলোঁ। কাইলৈ, অৰ্থাৎ ৩০ নৱেম্বৰ বি এন ৰাও জীৰ মৃত্যুবাৰ্ষিকী। ভাৰতীয় সংবিধানৰ কাঠামো গঢ় দিয়াত তেওঁৰ ঐতিহাসিক অৱদান দেশে সদায় স্মৰণ কৰিব। মই তেওঁকো মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।

 

মোৰ প্ৰিয় দেশবাসী,

আপোনালোকে প্ৰতিমাহে ‘মন কী বাত’লৈ পঠিওৱা বাৰ্তাসমূহে মোক আমাৰ দেশৰ বিভিন্ন প্ৰান্তত চলি থকা উল্লেখনীয় পদক্ষেপসমূহৰ বিষয়ে জনাৰ সুযোগ দিয়ে। আপোনালোকৰ বাবেই বহু লোকৰ ভাল কামবোৰ সমগ্ৰ দেশৰ দৃষ্টিগোচৰ হয়। ঠিক এইদৰেই আপোনালোকৰ অভিজ্ঞতা, চিন্তা-ভাৱনা আৰু পৰামৰ্শসমূহ মোলৈ পঠিয়াই থাকিব। অহা মাহত যেতিয়া আমি পুনৰ লগ পাম, তেতিয়া আমি আমাৰ সতীৰ্থ নাগৰিকসকলৰ এনে কিছুমান অনুপ্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে আলোচনা কৰিম। আপুনি নিজৰ আৰু পৰিয়ালৰ ভালদৰে যত্ন ল’ব— আৰু নিশ্চয়কৈ ‘ফিট ইণ্ডিয়া’ক নাপাহৰিব! বতৰটো অতি মনোৰম হৈ আছে, গতিকে অলপ ব্যায়াম কৰিব। আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ।

****

NKR/SS/ST/VK/DB


(ৰিলিজ আই ডি : 2343498) অতিথি কক্ষ : 4