স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ স্বাস্থ্য পেভিলিয়নত আই আই টি এফ ২০২৬ ত প্ৰায় ১.৫ লাখ লোকৰ সমাগম; ‘যুৱ ভাৰত, সুস্থ ভাৰত’ৰ জৰিয়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সুস্থ জীৱনশৈলীৰ প্ৰচাৰ

দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ডায়েগনষ্টিক টেষ্ট, চিকিৎসা পৰামৰ্শ আৰু শাৰীৰিক-মানসিক স্বাস্থ্য সম্পৰ্কীয় কাউন্সেলিঙৰ সুবিধা

আয়ুষ্মান আৰোগ্য মন্দিৰৰ বিপণীত ব্যাপক প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদৰ্শন; আগতীয়া ৰোগ চিনাক্তকৰণ, প্ৰতিৰোধ আৰু সহজলভ্য সেৱাৰ ওপৰত গুৰুত্ব

আভা, ই-সঞ্জিৱনী, ইউ-ৱিন আৰু টেলি- মানসকে ধৰি ডিজিটেল স্বাস্থ্য পদক্ষেপসমূহৰ জৰিয়তে দৰ্শনাৰ্থীক প্ৰযুক্তি-সক্ষম স্বাস্থ্যসেৱাৰ সৈতে পৰিচয়

চি পি আৰ-ৰ বাস্তৱিক প্ৰদৰ্শন, যক্ষ্মা সজাগতা বাটৰ নাট, চিকিৎসকৰ আলোচনা অনুষ্ঠান আৰু মত বিনিময় কাৰ্যসূচীৰ জৰিয়তে স্বাস্থ্য সজাগতা আৰু প্ৰতিৰোধমূলক অভ্যাসৰ প্ৰচাৰ

শিশুসকলৰ বাবে বিশেষভাৱে উৎসৰ্গিত সা সুবিধাৰে সমৃদ্ধ অঞ্চলৰ জৰিয়তে শিশুৰ মাজত শাৰীৰিক কাৰ্যকলাপ, স্ক্ৰীণৰ পৰা আঁতৰত ৰখাৰ বাবে বিনোদন আৰু সুস্থ অভ্যাসৰ প্ৰচাৰ

স্বাস্থ্য পেভিলিয়নত সংবিধান দিৱস পালন; প্ৰস্তাৱনাৰ সামূহিক পাঠৰ জৰিয়তে সাংবিধানিক মূল্যবোধৰ প্ৰতি দায়বদ্ধতা পুনৰ নিশ্চিত

পোষ্ট কৰা হৈছে: 28 NOV 2026 5:38PM by PIB Guwahati

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ)ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য পেভিলিয়নত প্ৰায় দেৰ লাখ লোকৰ সমাগম হয়। শিশু, যুৱক-যুৱতী আৰু পৰিয়ালসমূহে বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰাৰ লগতে স্বাস্থ্যকৰ্মীৰ সৈতে মত বিনিময় কৰাৰ উপৰি চৰকাৰৰ স্বাস্থ্য কাৰ্যসূচীৰ বিষয়ে জানিবলৈ পেভিলিয়ন পৰিদৰ্শন কৰে। ‘যুৱ ভাৰত, সুস্থ ভাৰত’ শীৰ্ষক পেভিলিয়নত মত বিনিময়ৰ ব্যৱস্থা সম্বলিত প্ৰদৰ্শনী, বাস্তৱিক প্ৰদৰ্শন আৰু স্থানতে আগবঢ়োৱা সেৱাৰ জৰিয়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু দৈনন্দিন সুস্থ অভ্যাসৰ প্ৰচাৰ কৰা হয়।

নিটি আয়োগৰ সদস্য ডাঃ এম শ্ৰীনিবাসে কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱৰ উপস্থিতিত পেভিলিয়নখন উদ্বোধন কৰে। স্বাস্থ্য পেভিলিয়নত ২৪টা ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী, কাৰ্যসূচী বিভাগ আৰু অংশগ্ৰহণকাৰী সংস্থাক প্ৰতিনিধিত্ব কৰা ৩৯খন বিপণী একত্ৰিত হয়।  ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীসকলে চৰকাৰৰ স্বাস্থ্য পদক্ষেপৰ বিষয়ে জনাৰ লগতে বিভিন্ন ৰাজহুৱা স্বাস্থ্যসেৱা লাভ কৰিবলৈ সুযোগ পায়।

আয়ুষ্মান আৰোগ্য মন্দিৰ বিপণীত প্ৰতিৰোধমূলক আৰু প্ৰাথমিক স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব:

এই কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল আয়ুষ্মান আৰোগ্য মন্দিৰৰ বিপণী । এই বিপণীত দৰ্শনাৰ্থীয়ে মৌলিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে প্ৰতিৰোধমূলক যত্নৰ বিষয়ে নিৰ্দেশনা লাভ কৰে। এই বিপণীয়ে দৰ্শনাৰ্থীসকলক তেওঁলোকৰ অঞ্চলৰ আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত উপলব্ধ প্ৰাথমিক স্বাস্থ্যসেৱা সম্পৰ্কে অৱগত কৰাৰ লগতে নিয়মীয়া স্বাস্থ্য পৰীক্ষাক দৈনন্দিন জীৱনৰ অংশ কৰিবলৈ উৎসাহিত কৰে।

দৰ্শনাৰ্থীসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ লাভৰ ব্যৱস্থা:

পেভিলিয়নজুৰি দৰ্শনাৰ্থীসকলে বি এড আই মূল্যায়ন, ৰক্ত শৰ্কৰা পৰীক্ষা, ৰক্ত গোট নিৰ্ধাৰণ, চকু পৰীক্ষা, মুখৰ স্বাস্থ্য পৰীক্ষা আৰু শ্ৰৱণ শক্তি পৰীক্ষাকে ধৰি কেইবাটাও বিনামূলীয়া সেৱা লাভ কৰে। তেওঁলোকে মানসিক স্বাস্থ্য, পুষ্টি আৰু ধঁপাত ত্যাগৰ বিষয়ে পৰামৰ্শৰ লগতে মাতৃ আৰু শিশু স্বাস্থ্য, টিকাকৰণ আৰু ৰোগ প্ৰতিৰোধৰ বিষয়ে নিৰ্দেশনা লাভ কৰে।

দৰ্শনাৰ্থীসকলে ই-সঞ্জিৱনী  টেলি পৰামৰ্শ  লাভ কৰা, আভা আই - ডি  সৃষ্টি কৰা আৰু আয়ুষ্মান ভাৰত–প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এ বি পি এম- জে এ ৱাই)ৰ বাবে তেওঁলোকৰ যোগ্যতা পৰীক্ষা কৰা আদি বিষয়ে জানিব পাৰে। অংশগ্ৰহণকাৰী বিপণীসমূহে দৰ্শনাৰ্থীক ইউ-ৱিন টিকাকৰণ মঞ্চ আৰু টেলি মানস মানসিক স্বাস্থ্য সহায় সেৱাৰ সৈতেও পৰিচয় কৰাই দিয়ে।

বাস্তৱৰ প্ৰদৰ্শন আৰু মত বিনিময় কাৰ্যসূচীৰ জৰিয়তে স্বাস্থ্য সজাগতা বৃদ্ধি:

কাৰ্ডিঅ’পালমোনাৰী ৰিছাচিটেচন (চি পি আৰ)ৰ বাস্তৱিক প্ৰদৰ্শনে দৰ্শনাৰ্থীক অত্যাৱশ্যকীয় জৰুৰীকালীন সঁহাৰি দক্ষতাৰ সৈতে পৰিচয় কৰায়। যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অধীনত বাটৰ নাটৰ জৰিয়তে লক্ষণ চিনাক্ত কৰা আৰু সময়মতে ৰোগ নিৰ্ণয় তথা চিকিৎসা বিচৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। চিকিৎসকৰ আলোচনা অনুষ্ঠান, মত বিনিময়ৰে সমৃদ্ধ কুইজ, যাদু প্ৰদৰ্শন আৰু ভেক্টৰজনিত ৰোগ সম্পৰ্কীয় কাৰ্যসূচীৰ জৰিয়তে দৰ্শনাৰ্থীক প্ৰশ্ন কৰিবলৈ আৰু প্ৰতিৰোধমূলক স্বাস্থ্য অভ্যাসৰ বিষয়ে জানিবলৈ সুযোগ দিয়া হয়।

শিশুৰ বাবে উৎসৰ্গিত বিশেষ অঞ্চলৰ জৰিয়তে খেলৰ মাধ্যমেৰে স্বাস্থ্যকৰ অভ্যাসক উৎসাহিত কৰাৰ প্ৰয়াস:

পৰম্পৰাগত খেল আৰু বিনোদনমূলক কাৰ্যসূচীৰ জৰিয়তে শিশুসকলক জড়িত কৰিবলৈ এটা বিশেষভাৱে উৎসৰ্গিত শিশু অঞ্চল স্থাপন কৰা হয়। এই পদক্ষেপে স্ক্ৰীণৰ পৰা আঁতৰত ৰখাৰ ব্যস্ততা, শাৰীৰিক কাৰ্যকলাপ আৰু সামাজিক আদান-প্ৰদানক উৎসাহিত কৰাৰ লগতে শিশুসকলক খেলৰ জৰিয়তে স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰাৰ উপৰি পেভিলিয়নত পৰিয়ালসমূহক এক আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰে।

স্বাস্থ্য পেভিলিয়নত সংবিধান দিৱস পালন :

সংবিধান দিৱসত, স্বাস্থ্য পেভিলিয়নৰ অংশগ্ৰহণকাৰীসকলে একেলগে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ সাংবিধানিক মূল্যবোধৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

স্বাস্থ্য পেভিলিয়নত বিনামূলীয়া স্বাস্থ্য সেৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীৰ তথ্য আৰু মত বিনিময় ব্যৱস্থাৰে সমৃদ্ধ সজাগতা কাৰ্যসূচী একত্ৰিত কৰি দৰ্শনাৰ্থীক চৰকাৰৰ ৰাজহুৱা স্বাস্থ্যসেৱা পদক্ষেপসমূহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰিবলৈ প্ৰয়াস  কৰে। ‘যুৱ ভাৰত, সুস্থ ভাৰত’ বিষয়বস্তুৰ জৰিয়তে এই পেভিলিয়নে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, স্বাস্থ্যকৰ জীৱনশৈলী আৰু অধিক সুস্থ ৰাষ্ট্ৰ গঢ়ি তোলাত বৃহত্তৰ ৰাজহুৱা অংশগ্ৰহণৰ গুৰুত্বক পুনৰ দৃঢ় কৰে।

 

*****

SR/DD

HFW/MoHFW’s Health Pavilion Records Around 1.5 Lakh Footfall at IITF 2026/28th November 2026/1


(ৰিলিজ আই ডি : 2343373) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil