পোষ্ট কৰা হৈছে:
28 NOV 2026 10:24PM by PIB Guwahati
নতুন দিল্লী, ২৮ নৱেম্বৰ : আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদ (চি চি আৰ এ এছ)-ৰ অন্তৰ্গত নতুন দিল্লীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (চি এ আৰ আই)-এ ২০২৬ চনৰ ১ ডিচেম্বৰত নতুন দিল্লীত ‘অভ্যুদয় দৰ্শন ২০২৬ - মুকলি প্ৰদৰ্শনী’ৰ আয়োজন কৰিছে।
আজি এখন সংবাদমেলত প্ৰতিষ্ঠানখনৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ হেমন্ত পাণিগ্ৰাহীয়ে কয় যে ‘অভ্যুদয় দৰ্শন ২০২৬’ হৈছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক্ষেপ। চিচিআৰএএছ-ৰ আটাইকেইটা (৩০টা) পৰিধীয় গোটত দেশজুৰি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, যাৰ জৰিয়তে পৰিষদৰ গৱেষণালব্ধ সাফল্য, বৈজ্ঞানিক অগ্ৰগতি আৰু প্ৰমাণভিত্তিক আয়ুৰ্বেদৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানসমূহ প্ৰদৰ্শন কৰা হ’ব।
এই পদক্ষেপৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ড০ পাণিগ্ৰহীয়ে কয় যে আয়ুৰ্বেদৰ শাস্ত্ৰীয় জ্ঞানৰ সৈতে সমসাময়িক বৈজ্ঞানিক গৱেষণাৰ সংযোগ স্থাপন আৰু সমাজৰ মাজত ইয়াৰ প্ৰাসংগিকতা অধিক স্পষ্ট কৰি তোলাই অভ্যুদয় দৰ্শনৰ মূল উদ্দেশ্য। এই মুকলি প্ৰদৰ্শনীৰ জৰিয়তে শিক্ষাৰ্থী, যুৱ গৱেষক আৰু সাধাৰণ ৰাইজে চি চি আৰ এ এছ-এ হাতত লোৱা বৈজ্ঞানিক গৱেষণামূলক কাম-কাজসমূহ বুজিবলৈ তথা সামগ্ৰিক স্বাস্থ্য আৰু কল্যাণৰ প্ৰসাৰত আয়ুৰ্বেদৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সুযোগ লাভ কৰিব।
তেওঁ লগতে কয় যে আয়ুৰ্বেদৰ বিকাশৰ বাবে কঠোৰ গৱেষণা, বিশ্বাসযোগ্য বৈজ্ঞানিক প্ৰমাণ আৰু দায়িত্বশীল যোগাযোগ অত্যন্ত প্ৰয়োজনীয়। অতিৰঞ্জিত দাবীৰ পৰিৱৰ্তে পৰম্পৰাগত জ্ঞানক বৈজ্ঞানিকভাৱে অৰ্থপূৰ্ণ স্বাস্থ্যসেৱা সমাধানলৈ ৰূপান্তৰিত কৰাৰ লগতে স্বচ্ছতা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু প্ৰমাণভিত্তিক আয়ুৰ্বেদৰ প্ৰতি আস্থা বৃদ্ধি কৰাই এই পদক্ষেপৰ লক্ষ্য।
‘শাস্ত্ৰীয় প্ৰজ্ঞাৰ পৰা বৈজ্ঞানিক প্ৰমাণলৈ’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত নতুন দিল্লীৰ চিএআৰআই-ত আয়োজিত হ’বলগীয়া এই মুকলি প্ৰদৰ্শনীত সাতটা বিশেষ আকৰ্ষণ থাকিব :
১। গৱেষণা প্ৰদৰ্শনী : আয়ুৰ্বেদৰ ক্ষেত্ৰত লাভ কৰা গৱেষণাৰ সাফল্য, প্ৰস্তুত কৰা সামগ্ৰী, প্ৰকাশিত গ্ৰন্থ আৰু বিভিন্ন বৈজ্ঞানিক কাম-কাজৰ প্ৰদৰ্শন
২। ঔষধি উদ্ভিদ আৰু দ্ৰব্যৰ পৰিচয় : ঔষধি উদ্ভিদৰ বাগিচা পৰিদৰ্শন, কেঁচা ঔষধি দ্ৰব্যৰ চিনাকি আৰু ভেজাল দ্ৰব্য চিনাক্ত কৰাৰ পদ্ধতি প্ৰদৰ্শন
৩। প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিৰ প্ৰদৰ্শন : আয়ুৰ্বেদৰ প্ৰাচীন পুথি-পাঁজি, পাণ্ডুলিপি আৰু সেইসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে প্ৰদৰ্শন
৪। বিজ্ঞানীৰ সৈতে মত-বিনিময় : গৱেষক-বিজ্ঞানীৰ সৈতে পোনপটীয়া কথা-বতৰা আৰু চি চি আৰ এ এছৰ বিভিন্ন আঁচনি তথা সুযোগৰ বিষয়ে জানিবলৈ ব্যৱস্থা
৫। শিক্ষাৰ্থীৰ বিশেষ অনুষ্ঠান : শিক্ষাৰ্থীসকলৰ বাবে জ্ঞান পৰীক্ষাৰ প্ৰতিযোগিতা আৰু বিজ্ঞানীসকলক পোনপটীয়াকৈ প্ৰশ্ন সোধাৰ সুবিধা
৬। স্বাস্থ্য সজাগতা অনুষ্ঠান : দৈনন্দিন জীৱনচৰ্যা, ঋতু অনুসৰি জীৱন-যাপন, স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু ব্যক্তিৰ শাৰীৰিক প্ৰকৃতি অনুসৰি সুস্থ হৈ থকাৰ বিষয়ে আলোচনা
৭। গৱেষণা আৰু সহযোগিতাৰ মঞ্চ : আয়ুৰ্বেদ চিকিৎসক, উদ্যোগৰ সৈতে জড়িত লোক, নতুন উদ্যোগ প্ৰতিষ্ঠান আৰু কৃষকসকলৰ মাজত সহযোগিতা আৰু অভিজ্ঞতা বিনিময়ৰ ব্যৱস্থা।
এই পদক্ষেপে শিক্ষাৰ্থী, গৱেষক, শিক্ষাবিদ আৰু অন্যান্য সংশ্লিষ্ট ব্যক্তিসকলক আয়ুৰ্বেদৰ গৱেষণা, ঔষধি উদ্ভিদ, প্ৰাচীন গ্ৰন্থ আৰু আধুনিক বৈজ্ঞানিক অগ্ৰগতিৰ বিভিন্ন দিশৰ সৈতে পৰিচিত হোৱাৰ লগতে এই সম্পৰ্কে মত-বিনিময়ৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব।
নতুন দিল্লীৰ চি এ আৰ আই- এ শিক্ষাৰ্থী, গৱেষক, শিক্ষাবিদ, আয়ুৰ্বেদ অনুশীলনকাৰী, উদ্যোগ প্ৰতিনিধি আৰু সাধাৰণ ৰাইজক এই মুকলি প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ তথা প্ৰতিষ্ঠানটোৰ গৱেষণা আৰু বৈজ্ঞানিক কাৰ্যকলাপত জড়িত হ’বলৈ আমন্ত্ৰণ জনাইছে।


SR/AK/SG/KrDD