ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

ছত্তীশগড়ৰ ৰায়পুৰত এন এছ এছ এইচ (NSSH) কাৰ্যালয় উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতন ৰাম মাঁঝীৰ দ্বাৰা ৰায়পুৰত ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি কেন্দ্ৰৰ কাৰ্যালয় উদ্বোধন

আত্মনিৰ্ভৰশীলতা আৰু বিকাশৰ বাবে যুৱ প্ৰজন্মক উদ্যমিতাৰ সুযোগ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীৰ আহ্বান

পোষ্ট কৰা হৈছে: 28 NOV 2026 10:50PM by PIB Guwahati

নতুন দিল্লী, ২৮ নৱেম্বৰ : ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে আজি ছত্তীশগড়ৰ ৰায়পুৰৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি কেন্দ্ৰৰ (এন এছ এছ এইচ) সন্মিলনৰ আয়োজন কৰে। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঁঝীয়ে এদিনীয়া সন্মিলনখনত অধ্যক্ষতা কৰাৰ লগতে ৰায়পুৰৰ কাচনাত ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি কেন্দ্ৰৰ (এন এছ এছ এইচ অ’) এটা নতুন কাৰ্যালয় উদ্বোধন কৰে। অনুষ্ঠানত ছত্তীশগড় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী লক্ষণ লাল দেৱাংগন আৰু এন এছ এছ এইচ-ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ শ্ৰী দয়া ৰামে অংশগ্ৰহণ কৰে।

ৰায়পুৰস্থিত এন এছ এছ এইচ অ’-য়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বৰ্তমানৰ লগতে নতুন উদ্যোগীসকলক প্ৰয়োজনীয় সহায়, দিহা-পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে এক নিৰ্ধাৰিত সহায়ক কেন্দ্ৰ হিচাপে কাম কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে আঁচনিখনৰ সুবিধাসমূহ লাভ কৰাৰ লগতে চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াত নিজৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পাৰিব।

সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতন ৰাম মাঁঝীয়ে ভাৰতীয় অৰ্থনীতিৰ বিকাশত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই উদ্যোগসমূহে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ ঔদ্যোগিক বিকাশতো সহায় কৰে। দেশত ১০.১৯ কোটিৰো অধিক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগে ৪০ কোটিৰো অধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে। দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ এই খণ্ডৰ অৱদান ৩০ শতাংশতকৈ অধিক আৰু ভাৰতৰ মুঠ ৰপ্তানিৰ ৪৫ শতাংশতকৈ অধিক এই খণ্ডৰ পৰাই আহে বুলি তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ছত্তীশগড়ত বনজ সম্পদ আৰু খনিজ সম্পদভিত্তিক উদ্যোগৰ বিকাশৰ যথেষ্ট সম্ভাৱনা আছে। এই উদ্যোগসমূহৰ বিকাশৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই খণ্ডক শক্তিশালী কৰাৰ বাবে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই সন্মিলনে অনুসূচিত জাতি আৰু জনজাতিৰ উদ্যোগীসকলক নতুন উদ্ভাৱনী ধাৰণা আৰু পাৰস্পৰিক ব্যৱসায়িক সম্ভাৱনা অন্বেষণ কৰাত তথা চৰকাৰী আঁচনিসমূহৰ সৰ্বাধিক সুবিধা গ্ৰহণ কৰাত সহায় কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মাঁঝীয়ে প্ৰধানমন্ত্ৰীৰ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা আৰু ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশেষকৈ যুৱ প্ৰজন্মক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি আত্মনিৰ্ভৰশীলতা আৰু বিকাশৰ পথ হিচাপে উদ্যমিতাৰ পথ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

সন্মিলনত ভাষণ দি ছত্তীশগড়ৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী লক্ষণ লাল দেৱাংগনে কয় যে অনুসূচিত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ উদ্যোগীসকলক উৎসাহিত কৰা, ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰা আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ জনায় যে যোৱা তিনি বছৰত ছত্তীশগড়ত ৩,৯৭১টা নতুন উদ্যোগ স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৫৪,০০০ৰো অধিক লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে।

ইয়াৰ পূৰ্বে উদ্বোধনী ভাষণত মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী মাৰ্চি এপাৱে কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে ভাৰত চৰকাৰৰ ৰাজহুৱা ক্ৰয় নীতিত অনুসূচিত জাতি আৰু জনজাতিৰ মালিকানাধীন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰা মুঠ ৰাজহুৱা ক্ৰয়ৰ ৪ শতাংশ আৰু মহিলা উদ্যোগীৰ মালিকানাধীন এনে উদ্যোগৰ পৰা ৩ শতাংশ ৰাজহুৱা ক্ৰয় কৰাটো বাধ্যতামূলক কৰা হৈছে। ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি কেন্দ্ৰ আঁচনিয়ে দেশজুৰি সকলোৰে অংশগ্ৰহণ নিশ্চিত কৰা সৰ্বাংগীণ বিকাশৰ এটা অনুকূল পৰিৱেশ গঢ়ি তুলিছে বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্প'ৰেশ্যনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ এছ এছ আচাৰ্যৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

এদিনীয়া সন্মিলনখনত কেইবাটাও মত-বিনিময়মূলক অধিৱেশন অনুষ্ঠিত হয়। ইয়াৰ উপৰি অনুসূচিত জাতি আৰু জনজাতিৰ মালিকানাধীন কেইটামান ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সামগ্ৰী প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। অংশগ্ৰহণকাৰী উদ্যোগীসকলৰ পঞ্জীয়নৰ সুবিধাৰ বাবে উদ্যম আৰু চৰকাৰী ই-মাৰ্কেটপ্লেচ (জি ই এম)ৰ পঞ্জীয়ন সম্পৰ্কীয় সহায়ক কেন্দ্ৰও স্থাপন কৰা হয়।

সন্মিলনত চৰকাৰী আঁচনিৰ সফল হিতাধিকাৰীসকলে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁলোকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি কেন্দ্ৰ আৰু চৰকাৰৰ অন্যান্য পদক্ষেপে আগবঢ়োৱা সহায়ৰ বিষয়ে উল্লেখ কৰে।

ইয়াৰ উপৰি কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ, বেংক আৰু ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে এখন বিশেষ কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনে অনুসূচিত জাতি আৰু জনজাতিৰ বৰ্তমানৰ লগতে নতুন উদ্যোগীসকলক মত-বিনিময়ৰ এখন মঞ্চ প্ৰদান কৰে। এন টি পি চি, ছেইল, এন এম ডি চি আৰু এছ ই চি এলে তেওঁলোকৰ যোগানকাৰী তালিকাভুক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে উপস্থাপন কৰাৰ লগতে অনুসূচিত জাতি আৰু জনজাতিৰ মালিকানাধীন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰা ক্ৰয় কৰিব পৰা সামগ্ৰী আৰু সেৱাসমূহৰ বিষয়ে অৱগত কৰে।

সন্মিলনত ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (ছিডবি) আৰু বেংক অৱ বৰোদাৰ দৰে বিত্তীয় প্ৰতিষ্ঠানেও ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে উপলব্ধ বিভিন্ন ঋণ আঁচনিৰ বিষয়ে বিতংভাৱে অৱগত কৰে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কে ভি আই চি), ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্তৰ ক্ষেত্ৰীয় কাৰ্যালয় (এম এছ এম ই-ডি এফ অ’), জনজাতি সমবায় বিপণন উন্নয়ন ফেডাশ্যন অৱ ইণ্ডিয়া (ট্ৰাইফেড) আৰু চৰকাৰী ই-মাৰ্কেটপ্লেচৰ প্ৰতিনিধিসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰে।

PC/KG/KrDD


(ৰিলিজ আই ডি : 2343366) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu